দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ১৫ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

আজি ১৫ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১৫ ছেপ্টেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৮১২ চনত নেপোলিয়নৰ নেতৃত্বত ফৰাচী সেনা মস্কোৰ ক্ৰেমলিনত উপস্থিত হয়।
১৮৭৬ চনত ভাৰতীয় ঔপন্যাসিক শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম।
১৯১৬ চনত প্ৰথম বিশ্বযুদ্ধত ছম যুদ্ধত প্ৰথমবাৰৰ বাবে টেংক ব্যৱহাৰ কৰা হয়।
১৯৪৮ চনত স্বাধীন ভাৰতৰ প্ৰথম জাহাজ ‘আই এন এছ দিল্লী’ বোম্বাই (বৰ্তমানৰ মুম্বাই) বন্দৰত উপস্থিত হয়।
১৯৫৯ চনত ভাৰতৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ সেৱা দূৰদৰ্শন আৰম্ভ হয়।
১৯৮১ চনত ভানুআটু ৰাষ্ট্ৰসংঘৰ সদস্য হয়।
১৯৮২ চনত লেবাননৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি বছিৰ গেমায়েল কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে বোমা বিস্ফোৰণত নিহত হয়।
২০০১ চনত আমেৰিকাৰ চেনেটে আফগানিস্তানৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিৰ সামৰিক ব্যৱস্থাত অনুমোদন জনায়।
২০০৮ চনত ক্ৰম্পটন গ্ৰীভছে আমেৰিকাৰ এম এছ আই গ্ৰুপ কোম্পানী অধিগ্ৰহণ কৰে।