শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এছিয়া কাপ ২০২৫ঃ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ৭ উইকেটত জয়লাভ…

Asia cup 2025: আজি এছিয়া কাপ ২০২৫ ৰ মেচত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰিবলৈ সক্ষম হয়। কেইটামান অভাৰ বাকী থকা অৱস্থাতে ভাৰতে নিজৰ লক্ষ্য পূৰ কৰে।

এছিয়া কাপ ২০২৫ঃ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ৭ উইকেটত জয়লাভ…
এছিয়া কাপ ২০২৫Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 14 Sep 2025 23:35 PM

এছিয়া কাপ-২০২৫ ৰ আজিৰ মেচত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়।প্ৰথমে বেটিং কৰি আজি পাকিস্তানে ভাৰতৰ সন্মুখত বান্ধি দিছিল ১২৮ ৰানৰ লক্ষ্য। এই লক্ষ্য মাত্ৰ ১৫.৩ অভাৰতে পূৰণ কৰে ভাৰতীয় ক্ৰিকেট দলটোয়ে। ২৫ টা বল বাকী থকা অৱস্থাত ভাৰতীয় ক্ৰিকেট দলটোৱে  ১৩১ ৰান কৰিবলৈ সক্ষম হয়। এই সময়চোৱাত ভাৰতীয় ক্ৰিকেট দলটোৱে ৩ টা উইকেট হেৰুৱায়।

ভাৰতৰ হৈ অভিষেক শৰ্মাই ১৩ টা বলত ৩১ ৰান কৰিবলৈ সক্ষম হয়। এই সময়চোৱাত তেওঁ ৪ টা চাৰি আৰু ২ টা ৬ কোবায়। ইয়াৰ লগতে শুভমন গিলে ৭ টা বলত ১০ ৰান কৰে, তেওঁ ২ টা চাৰি কোবায়। টিলক বৰ্মাই ৩১ টা বলত ৩১ ৰান কৰ, ইয়াৰে তেওঁ ২টা চাৰি আৰু ১টা ৬ কোবায়। ইয়াৰোপৰি সূৰ্যকুমাৰ যাদৱ (নট আউট)য়ে ৩৭ টা বলত ৪৭ ৰান কৰে, ইয়াৰে তেওঁ ৫ টা ৪ আৰু এটা ৬ কোবায়।। লগতে শিৱম ডুবে (নট আউট) ৭টা বলত ১০ ৰান কৰিবলৈ সক্ষম হয়।

ভাৰতীয় বলাৰ সকলেও আজি ভাল প্ৰদৰ্শন কৰে। কুলদ্বীপ যাদৱে ৩টা উইকেট নিজৰ নামত কৰে। পাকিস্তানৰ বিৰুদ্ধে ৪ অভাৰৰ খেলত তেওঁ ৪.৫০ ইকনমি ৰেটত মাত্ৰ ১৮ ৰান দিয়ে। এই সময়ত তেওঁ ৩টা উইকেট দখল কৰে। ইয়াৰ লগতে হাৰ্দিক  পাণ্ডিয়াই এটা, যশপ্ৰীত বুমৰাহে দুটা, অক্সৰ পেটেলে দুটা আৰু বৰুণ চক্ৰৱৰ্তীয়ে এটা উইকেট দখল কৰিবলৈ সক্ষম হয়। এনে ক্ষেত্ৰত পাকিস্তানীয় ক্ৰিকেট দলটোৱে ২০ অভাৰত মাত্ৰ ১২৭ ৰান কৰিবলৈ সক্ষম হয়।

গ্ৰুপ এ খেলখন আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। এই মেচখনত পাকিস্তানে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই কথাই আচৰিত কৰি তুলিছিল বিভিন্নজনক। কিয়নো এই খেলপথাৰখনত পূৰ্বতে হোৱা ভাৰত-পাকিস্তানৰ মেচত সদায় প্ৰথমে বেটিং কৰা দলটো পৰাস্ত হয়। কিন্তু তাৰ পাছতো পাকিস্তানৰ অধিনায়কে আজি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈছিল।

উল্লেখ্য যে, এছিয়া কাপ ২০২৫ ত আজি ভাৰত-পাকিস্তান মুখামুখি হৈছিল। এখনকৈ মেচত জয়লাভ কৰাৰ পাছতে আজি দুয়োটা দল দ্বিতীয়বাৰৰ বাবে খেলিছিল। য’ত ভাৰতীয় দলটোয়ে সহজ জয় লাভ কৰিবলৈ সক্ষম হয়। এই জয় ক্ৰিকেটপ্ৰেমীসকলৰ বাবে সুখৰ খবৰ বুলি ক’ব পাৰি। কিয়নো বহুতে ভাৰত-পাকিস্তানৰ মেচৰ বিৰোধিতা কৰিছিল।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অপাৰেশ্যন সেন্দূৰ হৈছিল। তেনে ক্ষেত্ৰত বহুতে এই মেচৰ বিৰোধিতা কৰিছিল। আনকি পহলগাম কাণ্ডৰ ভুক্তভোগীৰ পৰিয়ালেও প্ৰত্যক্ষভাৱে বিৰোধিতা কৰিছিল। কিন্তু তাৰ পাছতো ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত নামিছিল। অৱশেষত আজিৰ মেচত জয়লাভ কৰে ভাৰতীয় ক্ৰিকেট দলটোয়ে।

 

অন্য খবৰ পঢ়কঃ মই ভগৱান শিৱৰ ভক্ত, সকলো বিহ পান কৰি লওঁঃ নৰেন্দ্ৰ মোদী