শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অনুষ্ঠিত নহ’ব নেকি এছিয়া কাপ! ভাৰত-শ্ৰীলংকাৰ এনে পদক্ষেপক লৈ চলিছে চৰ্চা

অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ ২০২৫ক কেন্দ্ৰ কৰি সৃষ্টি হৈছে শংকাৰ। এই প্ৰতিযোগিতা এতিয়া বাতিল হোৱাৰ সম্ভাৱনাই গা কৰি উঠিছে। প্ৰধানতঃ ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই) আৰু শ্ৰীলংকা ক্ৰিকেটৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপক কেন্দ্ৰ কৰি এছিয়া কাপ অনুষ্ঠিত নহ’ব পাৰে বুলি চৰ্চা চলিছে।

অনুষ্ঠিত নহ’ব নেকি এছিয়া কাপ! ভাৰত-শ্ৰীলংকাৰ এনে পদক্ষেপক লৈ চলিছে চৰ্চা
BCCIৰ গুৰুত্বপূৰ্ণ পদক্ষেপImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 11 Jul 2025 14:22 PM

অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ ২০২৫ক কেন্দ্ৰ কৰি সৃষ্টি হৈছে শংকাৰ এই প্ৰতিযোগিতা এতিয়া বাতিল হোৱাৰ সম্ভাৱনাই গা কৰি উঠিছে প্ৰধানতঃ ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই) আৰু শ্ৰীলংকা ক্ৰিকেটৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপক কেন্দ্ৰ কৰি এছিয়া কাপ অনুষ্ঠিত নহ পাৰে বুলি চৰ্চা চলিছে অহা ২৪ জুলাইত ঢাকাত অনুষ্ঠিত হ’ব এছিয়ান ক্ৰিকেট কাউন্সিলৰ বৈঠক লক্ষণীয়ভাৱে বিচিচিআই আৰু শ্ৰীলংকা ক্ৰিকেট বৰ্ডে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি টেলিকম এছিয়া স্প’ৰ্টৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

ছয়খন দেশৰ ক্ৰিকেট দলে অংশ বলগীয়া এই প্ৰতিযোগিতালৈ মাজত আৰু মাত্ৰ দুমাহ সময় থকা অৱস্থাত দুয়োখন ক্ৰিকেট ৰ্ডৰ এই সিদ্ধান্তই গুৰুত্বপূৰ্ণ ইঙ্গিত প্ৰদান কৰিছেএইবাৰ এছিয়া কাপ টি-২০ ফৰ্মেটত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। প্ৰতিযোগিতাৰ পূৰ্বে ২৪ জুলাইত ঢাকাত অনুষ্ঠিত হ’বলগীয়া এচিচিৰ বৈঠকৰ এক বিশেষ গুৰুত্ব আছে গতিকে বিচিচিআই আৰু শ্ৰীলংকা ক্ৰিকেটৰ বৈঠকত অংশগ্ৰহণ বাতিলৰ সিদ্ধান্তই প্ৰতিযোগিতাখনক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

শেহতীয়াকৈ বিচিচিআইয়ে ভাৰতীয় দলৰ বাংলাদেশ ভ্ৰমণ অনিৰ্দিষ্টকাললৈ পিছুৱাই দিবলৈ বাংলাদেশ ক্ৰিকেট ব’ৰ্ডক সন্মত কৰাইছিল। আগষ্ট মাহত ভাৰতীয় দলে বাংলাদেশ ভ্ৰমণ কৰাৰ কথা আছিল যদিও এই মুহূৰ্তত বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি ভাল নহয় বাবে বিচিচিআইয়ে দল প্ৰেৰণ কৰিবলৈ ইচ্ছুক নহয় একে কাৰণতে ঢাকাত এই বৈঠক অনুষ্ঠিত কৰাত সুখী নহয় বিচিচিআই।

প্ৰকাশিত খবৰ অনুসৰি এছিয়া কাপ আয়োজন কৰাৰ ক্ষেত্ৰত বিচিচিআইৰ মৌনতাৰ বাবে সম্প্ৰচাৰকসকল বিভ্ৰান্ত হৈ পৰিছে। প্ৰতিবেদনত দাবী কৰা হৈছে যে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (পিচিবি) হাইব্ৰিড মডেলত প্ৰতিযোগিতাখন আয়োজন কৰাত সন্মতি প্ৰকাশ কৰিছে সেই অনুসৰি পাকিস্তানে যিকোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতৰ বিৰুদ্ধে আন নিৰপেক্ষ স্থানত মেচত অংশ

পিচিবিৰ সন্মতিৰ পিছত এচিচিয়ে এতিয়া বিচিচিআইৰ পৰা এই প্ৰতিযোগিতাৰ আয়োজন সন্দৰ্ভত আনুষ্ঠানিকভাৱে স্থিতি জানিব বিচাৰিছে এতিয়াও প্ৰতিযোগিতাখন আয়োজন কৰাৰ পৰিকল্পনা কৰিছে নেকি জানিবলৈ? বিচিচিআইৰ পৰা আনুষ্ঠানিকভাৱে সোধা-পোছা কৰিছে এচিচিয়ে। এচিচিৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে ইতিমধ্যে সকলো সদস্য দেশকে তেওঁলোকৰ স্থিতি চূড়ান্ত কৰিবলৈ ১৫ দিনৰ সময় দিছে।

যদি কোনো সদস্য দেশে ব্যক্তিগতভাৱে আগন্তুক বৈঠকত উপস্থিত থাকিব নিবিচাৰে, তেতিয়া অনলাইনযোগে অংশগ্ৰহণ কৰিব পাৰে বুলিও উল্লেখ কৰিছে কিন্তু সভাখন ঢাকাতে অনুষ্ঠিত হ’ব বুলি নিশ্চিত কৰিছে। কিন্তু ভাৰত আৰু শ্ৰীলংকাই ঢাকাত বৈঠকত অংশ লোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা নাই। লক্ষণীয়ভাৱে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সভাপতি মহছিন নাকভি বৰ্তমান এচিচিৰ অধ্যক্ষ। গতিকে এচিচিৰ ভূমিকা এইক্ষেত্ৰত চাবলগীয়া হ’ব।

ইফালে বিচিচিআইৰ এগৰাকী বিষয়াই উল্লেখ কৰা মতে ব’ৰ্ডে নিজৰ বিষয়াসকলক ঢাকালৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছে। বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে এই গুৰুত্বপূৰ্ণ বৈঠকখন ঢাকাত অনুষ্ঠিত কৰাটো এই মুহূৰ্তত উচিত নহয় বুলি বিচিচিআইয়ে বিচাৰিছে ইফালে প্ৰতিবেদন অনুসৰি যদি এছিয়া কাপ পিছুৱাই দিয়া হয়, তেতিয়া বিচিচিআইয়ে আন এক শৃংখলা আয়োজন কৰাৰ কথা চিন্তা কৰিছে।

অহা ৫ ছেপ্টেম্বৰৰ পৰা এছিয়া কাপ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছিল যদিও সেই সময়ছোৱাত শ্ৰীলংকা আৰু ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে ভাৰতৰ সৈতে শৃংখলাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলি খবৰ পোহৰলৈ আহিছে।