শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ডিমৌত পুৱাতেই জনাঞ্চলত ওলাল গঁড়, শংকিত গঞা

ডিমৌত পুৱাতেই জনাঞ্চলত ওলাল গঁড়, শংকিত গঞা

raj-saikia
Raj Saikia | Published: 11 Jul 2025 19:00 PM

ডিমৌ বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত ভীমপোৱাত শুকুৰবাৰে পুৱাই এটা গঁড় প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। এঘৰ মানুহৰ বাৰীত আশ্ৰয় লোৱা গঁড়টোক দেখি শংকিত হৈ পৰিছে গঞা।

এইবাৰ এশিঙীয়া গঁড়ৰ বিচৰণ দেখা গ’ল শিৱসাগৰৰ ডিমৌত। ডিমৌ বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত ভীমপোৱাত শুকুৰবাৰে পুৱাই এটা গঁড় প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। এঘৰ মানুহৰ বাৰীত আশ্ৰয় লোৱা গঁড়টোক দেখি শংকিত হৈ পৰিছে গঞা। গঁড়টোৱে অঞ্চলটোৰ ফুলমতি বেগম নামৰ এগৰাকী মহিলাক আক্ৰমণ কৰাৰ লগতে এখন মটৰ চাইকেলো খুন্দিয়াই ভাঙে।

বন বিভাগে জনোৱা মতে, বিগত প্ৰায় পাঁচ মাহ ধৰি গঁড়টোৱে বিচৰণ কৰি আছে জনাঞ্চলত। আজি পুৱা খাদ্যৰ সন্ধানত ওলাই অহা গঁড়টো দেখি স্থানীয় লোকৰ মাজত হাহাকাৰ লাগে। দেখাত প্ৰাপ্তবয়স্ক যেন লগা গঁড়টো মতা নে মাইকী সেয়া অৱশ্যে নিৰ্ধাৰণ কৰিব পৰা নাই বন বিভাগে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই চাপৰি হৈ গঁড়টো সেই স্থানলৈ অহা বুলি সন্দেহ কৰা হৈছে। ইফালে বনবিভাগে গধূলি পৰতহে গঁড়টোক খেদি পঠোৱাৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে।

বন বিভাগে যদি গঁড়টো ট্ৰেংকুলাইজ কৰা বা খেদি পঠিওৱাৰ ব্যৱস্থা নকৰে, তেন্তে ই ত্ৰাসৰ সৃষ্টি কৰিব পাৰে বুলিও শংকা কৰিছে গাঁওবাসীয়ে। বৰ্তমান উদয়পুৰৰ সমীপৱৰ্তী লখিমী পথাৰত আছে গঁড়টো।