ভাৰতত শীঘ্ৰেই সেৱা আৰম্ভ কৰিব ষ্টাৰলিংকে, মাহিলী কিমান টকা খৰচ হ’ব?
শীঘ্ৰেই ভাৰতলৈ আহিব ষ্টাৰলিংক। ভাৰতীয় মহাকাশ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ পৰা অনুমতি লাভ কৰিছে ষ্টাৰলিংকে। গতিকে এতিয়া ভাৰতলৈ অহা সকলো বাট মুকলি হ'ল ষ্টাৰলিংকৰ।
অৱশেষত ষ্টাৰলিংকে লাভ কৰিলে ক্লিয়াৰেন্স। ভাৰতলৈ আহি আছে ইলন মাস্কৰ ষ্টাৰলিংক। দেশৰ ধনী ব্যক্তি ইলন মাস্কৰ এই চেটেলাইট ইন্টাৰনেট সেৱাই দেশৰ গতিপথ সলনি কৰিব পাৰে। বহুদিন ধৰি ষ্টাৰলিংক ভাৰতলৈ অহাক লৈ জল্পনা–কল্পনা চলি আছিল। কিন্তু বিভিন্ন পলিচি আৰু ক্লিয়াৰেন্সৰ বাবে আৱদ্ধ হৈ আছিল। অৱশেষত ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰচাৰ আৰু অনুমোদন কেন্দ্ৰইও ষ্টাৰলিংকক ক্লিয়াৰেন্স প্ৰদান কৰে। গতিকে এতিয়া ভাৰতত ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱা আৰম্ভ কৰাত আৰু কোনো বাধা নাথাকিব।
ইয়াৰ পূৰ্বে যোৱা মাহত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অনুমতি লাভ কৰিছিল ষ্টাৰলিংকে। কিন্তু সেউজ সংকেত লাভ কৰা নাছিল ভাৰতীয় মহাকাশ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ পৰা। অৱশেষত এই বাধা দূৰ হল ষ্টাৰলিংকৰ। বুধবাৰে ক্লিয়াৰেন্স লাভ কৰে এই বিখ্যাত ইন্টাৰনেট প্ৰদানকাৰী সংস্থাটোয়ে।
পিছে প্ৰশ্ন হয়, ষ্টাৰলিংকৰ সেৱা গ্ৰহণ কৰিবলৈ কিমান টকা খৰচ কৰিব লাগিব আপুনি?
বিভিন্ন খবৰ অনুসৰি ভাৰতত ষ্টাৰলিংক ইণ্টাৰনেটৰ মাহিলী খৰচ ৩ হাজাৰ টকা হ’ব পাৰে। চেটেলাইট ডিচ আৰু ৱাইফাই ৰাউটাৰ থকা এই হাৰ্ডৱেৰ কিটটো প্ৰথমবাৰৰ বাবে ক্ৰয় কৰিব লাগিব। তথ্য অনুসৰি ষ্টাৰলিংকৰ ষ্টেণ্ডাৰ্ড কিটৰ দাম মাত্ৰ ৩৯৫ মাৰ্কিন ডলাৰ। ভাৰতীয় মুদ্ৰা ইয়াৰ পৰিমাণ প্ৰায় ৩৩ হাজাৰ টকা।