লৰ্ডছত শতকেৰে দ্ৰাবিড়ক অতিক্ৰম ৰুটৰ, শচীনকো স্পৰ্শ

11 July 2025

TV9 ASSAM

লৰ্ডছত চলি থকা ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয় টেষ্টত দৰ্শনীয় শতক অৰ্জন কৰে ইংলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ জ’ ৰুটে। তেওঁ খেলে ১০৪ ৰানৰ এক দৰ্শনীয় ইনিংছ।

লৰ্ডছ টেষ্ট

কালি মেচৰ প্ৰথম দিনা ৯৯ ৰানত অপৰাজিত থকা ৰুটে আজি প্ৰথমটো বলতে এটা চাৰি কোবাই শতক সম্পূৰ্ণ কৰে। টেষ্টত তেওঁৰ এয়া ৩৭তম শতক।

জ’ ৰুট

এইদৰে টেষ্টত সৰ্বাধিক শতকৰ ক্ষেত্ৰত ভাৰতীয় কিংবদন্তি ৰাহুল দ্ৰাবিড় আৰু অষ্ট্ৰেলিয়াৰ তাৰকা ষ্টিভ স্মিথক অতিক্ৰম কৰে ৰুটে। দুয়োৰে নামত আছিল ৩৬টাকৈ টেষ্ট শতক।

অভিলেখ

এই তালিকাত এতিয়া ৫ম স্থানত আছে ৰুট। ৫১টা শতকৰে শচীন তেণ্ডুলকাৰ শীৰ্ষত আছে। তেওঁৰ পিছত আছে জেক কালিছ (৪৫), ৰিকি পণ্টিং (৪১), কুমাৰ ছাংগাকাৰা (৩৮)।

শীৰ্ষত শচীন

ভাৰতৰ বিৰুদ্ধে ৩৩খন টেষ্টৰ ৬০ ইনিংছত তেওঁৰ এয়া ১১তম শতক। এইদৰে তেওঁ এটা দলৰ বিৰুদ্ধে সৰ্বাধিক শতকৰ ক্ষেত্ৰত শচীন তেণ্ডুলকাৰক (অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে) স্পৰ্শ কৰে।

শচীনক স্পৰ্শ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জ’ ৰুটৰ এয়া ৫৫সংখ্যক শতক। ইয়াৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতকৰ ক্ষেত্ৰত তেওঁ দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন খেলুৱৈ হাছিম আমলাক স্পৰ্শ কৰে।

আমলাক স্পৰ্শ

পঢ়িবলৈ ক্লিক কৰক 

ভগৱান শিৱৰ প্ৰিয় ভোগ কি জানেনে?