উপবাসে থকাটো শৰীৰৰ বাবে উপকাৰী নে অপকাৰী? কোনসকল লোকৰ বাবে ই বিপদজনক? বিশেষজ্ঞৰ পৰা জানক…
এই অভ্যাস সকলোৰে বাবে উপযোগী নহয়। কিছুমান লোকৰ উপবাসৰ বাবে দুৰ্বলতা, মূৰ ঘূৰোৱা, ভাগৰুৱা আৰু অত্যধিক ভোক আদি সমস্যা হ’ব পাৰে। বিশেষকৈ যদি আপুনি কোনো ৰোগত আক্ৰান্ত বা ঔষধ খাই আছে তেন্তে এই অভ্যাস ক্ষতিকাৰক হ’ব পাৰে।

ওজন হ্ৰাস আৰু বিপাকীয় ক্ৰিয়া উন্নত কৰাৰ বাবে আজিকালি উপবাসে থকাটো প্ৰায় সংখ্যক লোকৰে অভ্যাসত পৰিণত হৈছে। বহুতে ১৬/৮ পদ্ধতিত দিনটোত ১৬ ঘণ্টা উপবাস আৰু ৮ ঘণ্টা খাদ্য খোৱাৰ সময় নিৰ্ধাৰণ কৰে। একেদৰে বহুতে ৫:২ অনুসৰণ কৰে। এই ক্ষেত্ৰত সপ্তাহত ৫ দিন স্বাভাৱিক খাদ্য আৰু সপ্তাহত ২ দিন অতি কম কেলৰিযুক্ত খাদ্য গ্ৰহণ কৰা হয়। কিছুমান লোকে সাপ্তাহিক ২৪ ঘণ্টীয়া উপবাসো কৰে। ই শৰীৰৰ চৰ্বি জ্বলন প্ৰক্ৰিয়া সক্ৰিয় কৰে আৰু বহু গৱেষণাৰ পৰা ইয়াৰ স্বাস্থ্য উপকাৰীতাও প্ৰকাশ পাইছে। অৱশ্যে ইয়াক গ্ৰহণ কৰাৰ আগতে শৰীৰৰ প্ৰয়োজনীয়তা আৰু স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে জনাটো অতি প্ৰয়োজন।
মাজে মাজে উপবাসে থাকিলে শৰীৰৰ বাবে বহু উপকাৰ সাধন কৰিব পাৰে, যেনে- ওজন কমি যোৱা, তেজৰ চুগাৰ নিয়ন্ত্ৰণ কৰা, মানসিক স্বাস্থ্য উন্নত আৰু বিপাকীয় ক্ৰিয়া উন্নত কৰা। উপবাসৰ সময়ত শৰীৰে জমা হোৱা চৰ্বি ব্যৱহাৰ কৰে, যাৰ ফলত ওজন কমি যায়। ইয়াৰ উপৰিও ই ইনচুলিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু কোষৰ মেৰামতি প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰে।
অৱশ্যে এই অভ্যাস সকলোৰে বাবে উপযোগী নহয়। কিছুমান লোকৰ উপবাসৰ বাবে দুৰ্বলতা, মূৰ ঘূৰোৱা, ভাগৰুৱা আৰু অত্যধিক ভোক আদি সমস্যা হ’ব পাৰে। বিশেষকৈ যদি আপুনি কোনো ৰোগত আক্ৰান্ত বা ঔষধ খাই আছে তেন্তে এই অভ্যাস ক্ষতিকাৰক হ’ব পাৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ উপবাসে থকাটো উচিত নহয়।
উপবাস সকলোৰে বাবে নহয়
এইমছ নতুন দিল্লীৰ গেষ্ট্ৰ’এণ্টেৰ’লজী বিভাগৰ প্ৰাক্তন ডাঃ অনন্যা গুপ্তাই কয় যে, মাজে মাজে উপবাসে থকাটো সকলোৰে বাবে উপকাৰী নহয়। কিছুমান মানুহৰ ক্ষেত্ৰত ই উপকাৰী হোৱাৰ পৰিৱৰ্তে আন কিছুমানক গুৰুতৰ ক্ষতিৰ কৰিব পাৰে। আনকি শৰীৰত পুষ্টিহীনতাও হ’ব পাৰে। কিছুমান লোকে ভুলতেও এই অভ্যাস পালন কৰা উচিত নহয়।
ডাঃ গুপ্তাই কয় যে, গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলাসকলে এই অভ্যাস গ্ৰহণ কৰিব নালাগে। কাৰণ তেওঁলোকক অতিৰিক্ত শক্তি আৰু পুষ্টিৰ প্ৰয়োজন। ইয়াৰ উপৰিও ডায়েবেটিছ ৰোগী, বিশেষকৈ ইনচুলিন গ্ৰহণ কৰা ৰোগীৰ উপবাসৰ বাবে তেজৰ চুগাৰ মাত্ৰা হঠাতে কমি যোৱাৰ আশংকা থাকে। এই খাদ্যই থাইৰয়ড, বৃক্ক বা হৰম’নৰ ভাৰসাম্যহীনতাত ভুগি থকা লোকৰো ক্ষতি কৰিব পাৰে।
প্ৰায় ১০ৰ পৰা ১৫ বছৰ বয়সৰ শিশুৰ বাবেও ই উপযোগী নহয়, যিসকল এতিয়াও শাৰীৰিক আৰু মানসিক বিকাশৰ পৰ্যায়ত আছে। অত্যধিক ৱৰ্কআউট কৰা লোক বা ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকে ইয়াৰ বাবে দুৰ্বল অনুভৱ কৰিব পাৰে। লগতে এই অভ্যাসৰ ফলত মানসিক স্বাস্থ্যৰ অধিক অৱনতি ঘটিব পাৰে। গতিকে এই ক্ষেত্ৰত প্ৰথমে চিকিৎসক বা পুষ্টি বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়।
এইবোৰ কথা মনত ৰাখিব
- মাজে মাজে উপবাস আৰম্ভ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।
- উপবাসৰ সময়ত পৰ্যাপ্ত পৰিমাণৰ পানী আৰু হাইড্ৰেচন বজাই ৰাখিব লাগে।
- উপবাস ভংগ কৰিবলৈ স্বাস্থ্যসন্মত, পুষ্টিকৰ খাদ্য বাছি লওক।
- বিশেষকৈ উপবাসৰ পিছত অতিমাত্ৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক।
- শৰীৰৰ সংকেতবোৰত গুৰুত্ব দিয়ক, যেনে যদি আপুনি ভাগৰুৱা, মূৰ ঘূৰোৱা আদি সমস্যা অনুভৱ কৰে, তেন্তে এই অভ্যাস বন্ধ কৰক।
- উপবাসৰ সময়ত অত্যধিক ৱৰ্কআউট নকৰিব।
- কোনো ৰোগ বা ঔষধৰ সময়ত উপবাসে নাথাকিব।