Morning News: ট্ৰাম্প-পুটিনৰ বৈঠকৰ পৰা কিষ্টোৱাৰ দুৰ্যোগলৈ, পলকতে চাওক পুৱাৰ মুখ্য খবৰ
যোৱা নিশা আলাস্কাত সম্পন্ন হয় মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বৈঠক। প্ৰধানতঃ ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত দুয়ো ৰাষ্ট্ৰনেতা বৈঠকত মিলিত হৈছিল।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- যোৱা নিশা আলাস্কাত সম্পন্ন হয় মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বৈঠক। প্ৰধানতঃ ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত দুয়ো ৰাষ্ট্ৰনেতা বৈঠকত মিলিত হৈছিল। ট্ৰাম্প-পুটিনৰ এই বৈঠকত ইউক্ৰেইন যুদ্ধৰ অন্তক লৈ কোনো সমাধান সূত্ৰ নোলালেও পুটিনে ভৱিষ্যতে আলোচনাৰ বাবে ট্ৰাম্পক ৰাছিয়ালৈ আমন্ত্ৰণ জনায়।
- শুকুৰবাৰে স্বাধীনতা দিৱস উপলক্ষে অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীত বনভোজ খাবলৈ যোৱাৰ সময়তে অসমৰ যুৱকক নগা দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। নগা দুৰ্বৃত্তই তিনিজনকৈ অসমীয়া যুৱকক আক্ৰমণ কৰাৰ খবৰ প্ৰকাশ পাইছে। এই আক্ৰমণত যুৱক কেইজন আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এজন যুৱক গুলিবিদ্ধ হোৱা বুলিও খবৰ পোহৰলৈ আহিছে।
- গুৱাহাটী মহানগৰীৰ যান-বাহন আৰক্ষীয়ে এতিয়াৰ নীলা ৰঙৰ ইউনিফৰ্মৰ পৰিৱৰ্তে পুনৰ বগা ইউনিফৰ্ম পৰিধান কৰিব। ৰাজ্যজুৰি যান-বাহন আৰক্ষীৰ একক পৰিচয় সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে। ১৬ আগষ্ট, অৰ্থাৎ আজিৰ পৰা এই ইউনিফৰ্মৰ নীতি কাৰ্যকৰী হ’ব বুলি যান-বাহন আৰক্ষীয়ে এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে।
- অনুপ্ৰৱেশৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে অভিযান। বৃহস্পতিবাৰে মাজনিশা পুনৰ ভাৰতত প্ৰৱেশ কৰা ২১জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰি শ্ৰীভূমি সীমান্তৰ পৰা বাংলাদেশলৈ ঘূৰাই পঠোৱা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ লগতে চিনাক্তকৰণ আৰু ওভতাই পঠোৱাৰ এই অভিযান আগন্তুক সময়তো সক্ৰিয়তাৰে অব্যাহত থাকিব বুলি উল্লেখ কৰে।
- জম্মু কাশ্মীৰৰ কিষ্টোৱাৰত সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণে সৃষ্টি কৰা ভয়ংকৰ দুৰ্যোগৰ আতংক এতিয়াও মাৰ যোৱা নাই। এইপৰ্যন্ত এই ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগত ৬৫ গৰাকী লোকৰ মৃত্যুৰ তথ্য প্ৰশাসনে নিশ্চিত কৰিছে। এই দুৰ্যোগৰ ফলত এতিয়াও শতাধিক লোক সন্ধানহীন হৈ থকা বুলি খবৰ প্ৰকাশ পাইছে। সম্প্ৰতি অঞ্চলটোত উদ্ধাৰ তথা সাহায্য অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে।
- কালি দেশে উদযাপন কৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস। খানাপাৰাত আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন কৰে। নিজ ভাষণত তেওঁ ৰাজ্য চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰাৰ লগতে এচাম অচিনাকি লোকে ‘ভূমি জেহাদ’ চলাই জাতি-মাটি-ভেটিৰ প্ৰতি ভাবুকি নমাই অনা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
- প্ৰবল বৰষুণ আৰু তাৰ ফলত সৃষ্টি হোৱা বানে ধ্বংসলীলা চলাইছে পাকিস্তানত। এইপৰ্যন্ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত বানৰ ফলত ১৫৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুসংখ্যক লোক সন্ধানহীন হৈ আছে বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। এই ভয়াৱহ দুৰ্যোগৰ ফলত দেশখনৰ ভিন্ন স্থানত আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হৈছে বুলিও জানিবলৈ দিছে কৰ্তৃপক্ষই।
- আজি দেশৰ অধিকাংশ স্থানতে উদযাপন কৰা হৈছে জন্মাষ্টমী উৎসৱ। হিন্দু ধৰ্মাৱলম্বী লোকসকলে ভগৱান শ্ৰী কৃষ্ণৰ জন্মজয়ন্তী হিচাপে এই উৎসৱ পালন কৰিছে। অৱশ্যে অসমত অহা ১৬ ছেপ্টেম্বৰতহে জন্মাষ্টমী উৎসৱ উদযাপন কৰা হ’ব।
- অহা মাহত অনুষ্ঠিত হ’বলগা এছিয়া কাপৰ বাবে এইপৰ্যন্ত ঘোষণা কৰা হোৱা নাই ভাৰতীয় দল। তথাপি প্ৰতিযোগিতাখনৰ বাবে সম্ভাৱ্য ভাৰতীয় দলক লৈ যথেষ্ট চৰ্চা চলিছে। তাৰ মাজতে পোহৰলৈ অহা এক প্ৰতিবেদন অনুসৰি দলৰ অপেনাৰ বেটাৰ যশস্বী জয়ছোৱালে এই দলত স্থান পোৱাৰ সম্ভাৱনা কম। ইফালে উইকেকীপাৰ বেটাৰ জিতেশ শৰ্মাই দলত স্থান পাব পাৰে বুলিও প্ৰতিবেদন প্ৰকাশ পাইছে।