নীলা ড্ৰামত উদ্ধাৰ এজনৰ মৃতদেহ! গ্ৰেপ্তাৰ পত্নী আৰু তেওঁৰ প্ৰেমিক….
দেশত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ এক নৃশংস কাণ্ড পোহৰলৈ আহিছে। পত্নীয়ে নিজ প্ৰেমিকৰ সৈতে মিলি হত্যা কৰা স্বামীক। তাৰ পাছতে মৃতদেহটো ড্ৰামত ভৰাই থৈ দিয়ে।

পুনৰ পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ। ১৬ আগষ্টৰ দিনা পত্নী আৰু তিনি সন্তানৰ সৈতে মিলি জন্মাষ্টমী উদযাপন কৰিছিল লোকজনে। শ্ৰমিক হিচাপে কাম কৰিলেও পৰিয়ালৰ ঠিকমতেই যত্ন লৈছিল। কিন্তু তেওঁ নাজানিছিল যে তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিব পত্নীয়ে। এই লোকজনৰে মৃতদেহ এতিয়া এটা নীলা ড্ৰামত উদ্ধাৰ হৈছে। লোকজন হংসৰাজ ওৰফে সূৰয বুলি চিনাক্ত হৈছে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ কিষাণগড়বাছত।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনাই যে, প্ৰায় ডেৰ মাহ পূৰ্বে হংসৰাজ কিষানগড়বাছৰ আদৰ্শ কলনীত ভাড়াতীয়া হিচাপে থাকিবলৈ আহিছিল। তেওঁলোকৰ মূলতঃ উত্তৰ প্ৰদেশৰ বাসিন্দা। হংসৰাজে ভাড়াঘৰটোৰ ছাদত নিৰ্মাণৰত এটা কোঠাত পত্নী আৰু তিনি সন্তানৰ সৈতে আছিল। আৰক্ষীয়ে জনোৱা মতে, সেই ঘৰৰ মালিকৰ পুত্ৰ জিতেন্দ্ৰৰ সৈতে হংসৰাজৰ পত্নী সুনীতাৰ অবৈধ সম্পৰ্ক আছিল। পত্নীৰ মৃত্যুৰ পাছত জীতেন্দ্ৰই বহু মহিলাৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তুলিছিল।
স্বামীক হত্যাৰ পৰিকল্পনা
হন্সৰাজে ইটা নিৰ্মাণ কোম্পানীক শ্ৰমিক হিচাপে নিয়োজিত আছিল। দিনটো কামৰ বাবে তেওঁ ঘৰৰ বাহিৰত আছিল। স্বামীৰ অনুপস্থিতি পত্নী সুনীতাৰ ঘৰৰ মালিকৰ পুত্ৰ জীতেন্দ্ৰৰ সৈতে ঘনিষ্ঠতা বাঢ়ি যায়। প্ৰথমে চিনাকী আৰু পাছত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক হয়। ইয়াৰ মাজতে দুয়ো হংসৰাজক হত্যা কৰাৰ পৰিকল্পনা তৈয়াৰ কৰে। পৰিকল্পনা অনুসৰি দুয়ো হংসৰাজক হত্যা কৰে। জানিব পৰা মতে, দুয়ো ডিঙি কাটি হংসৰাজক হত্যা কৰে আৰু পাছত নীলা ড্ৰাম এটাত ভৰাই থৈ দিয়ে। মৃতদেহটো সোনকালে যাতে গলি যায় তাৰ বাবে নিমখো দি ৰাখে। কিন্তু দুয়োৰে এই পৰিকল্পনা বেছি দিনলৈ নিটিকিল। ইতিমধ্যে আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
ৰীল বনাই ভাল পায়
আৰক্ষীৰ মতে, সুনীতা ৰীলৰ প্ৰতি আসক্ত। প্ৰতিদিনে তেওঁ ৰীল বনাই সামাজিক মাধ্যমত আপলোড কৰে। মুঠতে সামাজিক মাধ্যমত ফটো আৰু ৰীল আপলোড কৰাৰ কামতে ব্যস্ত থাকে সুনীতা। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্তক সোধা পোছা কৰি আছে। আৰক্ষীয়ে জনাই যে স্বামীক হত্যা কৰি দুয়ো সন্তানক লগত লৈ সেই স্থানৰ পৰা পলাই গৈছিল। তেওঁলোকে ৰামগড় নামৰ স্থানলৈ গৈ ইটাৰ কোম্পানীত কাম বিচাৰিছিল। কিন্তু দুয়োৰে কথাত সন্দেহ প্ৰকাশ কৰি কোম্পানীৰ মালিকে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত দুয়োকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।
অন্য খবৰ পঢ়কঃ পাকিস্তানক সহায় কৰিছিল! চীনৰ বৈদেশিক মন্ত্ৰীৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কংগ্ৰেছৰ…