শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Daily Horoscope: মঙলবাৰৰ দিনটোত আপোনাৰ মঙ্গল হ’বনে অমঙ্গল! চাওক আজিৰ ৰাশিফলে কি কয়…

আজিৰ ৰাশিফলে এই মঙলবাৰৰ দিনটোত কোনটো ৰাশিৰ বাবে মঙ্গল কঢ়িয়াই আনিছে আৰু কোনকেইটা ৰাশিৰ বাবে অমঙ্গল বা অশুভ সময় কঢ়িয়াই আনিছে তথা আপোনাৰ বাবে দিনটোৰ সময়খিনি কেনে হ’ব, চাওঁ আহক।

Daily Horoscope: মঙলবাৰৰ দিনটোত আপোনাৰ মঙ্গল হ’বনে অমঙ্গল! চাওক আজিৰ ৰাশিফলে কি কয়…
আজিৰ ৰাশিফলImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 16 Sep 2025 06:00 AM

আজি ১৬ ছেপ্টেম্বৰ, মঙলবাৰ। এই মঙলবাৰ দিনটোক জ্যোতিষত অত্যন্ত গুৰুত্ব প্ৰদান কৰা হয়। সেই অনুসাৰে জ্যোতিষ বিশ্বাসী লোকসকলৰ মাজতো মঙলবাৰৰ দিনটোক লৈ থাকে এক বিশেষ বিশ্বাস তথা আস্থা। আজিৰ ৰাশিফলে এই মঙলবাৰৰ দিনটোত কোনটো ৰাশিৰ বাবে মঙ্গল কঢ়িয়াই আনিছে আৰু কোনকেইটা ৰাশিৰ বাবে অমঙ্গল বা অশুভ সময় কঢ়িয়াই আনিছে তথা আপোনাৰ বাবে দিনটোৰ সময়খিনি কেনে হ’ব, চাওঁ আহক।

মেষ ৰাশিৰ ৰাশিফল

এই ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো সুখকৰ হ’ব প্ৰয়োজন পূৰণৰ বাবে যথেষ্ট খৰচ হ ঘৰৰ মেৰামতিৰ কাম আৰম্ভ কৰিব পাৰিব। বহুদিনৰ পৰা বাকী থকা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে আলোচনাৰ পিছত পৰিয়ালৰ সকলো সদস্য একত্ৰিত নিজৰ আচৰণৰ বাবে কিছু সমস্যাত পাৰে

বৃষ ৰাশিৰ ৰাশিফল

কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ বাবে সন্মানিত হ’ব। প্ৰেমৰ সম্পৰ্ক সুদৃঢ় , সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে বন্ধুৰ পৰা কোনো ভাল খবৰ শুনিবলৈ পাব পাৰে পচন্দৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে কোনো প্ৰিয় সামগ্ৰী হেৰাইছিল যদি আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে নিজৰ কথা-বতৰা আৰু আচৰণ নিয়ন্ত্ৰণ কৰিব লাগিব।

মিথুন ৰাশিৰ ৰাশিফল

কাৰোবাৰ পৰা ঋণ লৈছিল যদি আজি তেওঁলোকে ঘূৰাই বিচাৰিব পাৰে। উপাৰ্জনৰ উৎস বাঢ়িব। কামৰ ক্ষেত্ৰত পৰিয়ালৰ যিকোনো সদস্যৰ পৰামৰ্শ ল’ব। সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা ভাল হ’ব। বুদ্ধিমত্তা আৰু সঠিক বিবেচনাৰ দ্বাৰা প্ৰতিপক্ষক সহজে পৰাস্ত কৰিব পাৰিব। পুৰণি কোনো ৰোগৰ বাবে আজি সমস্যাত পৰিব পাৰে। কোনো কাম সম্পূৰ্ণ কৰাত সমস্যাৰ সন্মুখীন হৈছিল যদি আজি সেয়া দূৰ

কৰ্কট ৰাশিৰ ৰাশিফল

মনৰ ইচ্ছা পূৰণৰ বাবে তীৰ্থ ভ্ৰমণ কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আধুনিকতাৰ সংযোজন কৰিব আৰু ইয়াৰ দ্বাৰা ব্যৱসায়ত লাভৰ মুখ দেখিব। সন্তানৰ সংগীৰ প্ৰতি গুৰুত্ব দিব লাগিব পৰিয়ালৰ সদস্যসকলৰ পৰা কামত সম্পূৰ্ণ সহায় লাভ কৰিব। আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে পৰাপক্ষত বাহিৰত খাদ্য খোৱাৰ পৰা বিৰত থাকক।

সিংহ ৰাশিৰ ৰাশিফল

খৰচ যথেষ্ট বৃদ্ধি পাব আয় আৰু ব্যয়ৰ হিচাপ কৰি ভালদৰে বাজেট প্ৰস্তুত নকৰিলে সমস্যাৰ সন্মুখীন ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে সকাহ লাভ কৰিব পুৰণি কোনো ভুলৰ পৰা শিক্ষা ল’ব লাগিব। বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি সম্পূৰ্ণ সহায়সহযোগিতা লাভ কৰিব। পৰিয়ালৰ কিছুমান বিষয়ৰ বাবে চিন্তাত পৰিব।

কন্যা ৰাশিৰ ৰাশিফল

ধৰ্মীয় কোনো কামকাজত অংশগ্ৰহণ কৰিব পাৰে। সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা ভাল হ’ব আৰু ইয়াৰ দ্বাৰা সুফল লাভ কৰিব। কোনো কথাতে অপ্ৰয়োজনীয়ভাৱে ৰুক্ষ ভাৱ দেখুৱাৰ পৰা বিৰত থাকক ভাতৃভগ্নীক কোনো কথাত পৰামৰ্শ দিলে এনে পৰামৰ্শই সুফল প্ৰদান কৰিব বন্ধু-বান্ধৱীৰ সৈতে সম্পৰ্ক সুদৃঢ় কোনো গুৰুত্বপূৰ্ণ কামত জড়িত হোৱাৰ সুযোগ পাব

তুলা ৰাশিৰ ৰাশিফল

পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা আছে যদি সেয়া সমাধানৰ বাবে চেষ্টা কৰা উচিত মনৰ কোনো ইচ্ছা পূৰণ কৰিব পাৰিব। ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। আপোনাৰ অহিত চিন্তকে ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে ঘৰৰ পৰিবেশ আনন্দমুখৰ হোৱাৰ বাবে আপুনিও যথেষ্ট সুখী

বৃশ্চিক ৰাশিৰ ৰাশিফল

ধন-সম্পত্তি বৃদ্ধিয়ে আপোনাক আনন্দিত কৰিব। কৰ্মক্ষেত্ৰত কিবা নতুন সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। খৰচৰ ক্ষেত্ৰত সাৱধান হওক। ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান কামত বাধাগ্ৰস্ত হ’ব পাৰে। আপোনাৰ সন্তানক শিক্ষাৰ বাবে আন স্থানলৈ পঠিয়াব লগা হ’ব পাৰে। পুৰণি কোনো লেনদেনক লৈ আজিৰ সমস্যাত পৰিব পাৰে। বিশেষ কানো ব্যক্তিৰ সৈতে সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে।

ধনু ৰাশিৰ ৰাশিফল

কামৰ ক্ষেত্ৰত যথেষ্ট দায়িত্বশীল হ’ব। যিকোনো ধৰণৰ মানসিক চাপ দূৰ হ’ব, ইয়াৰ দ্বাৰা আপুনি কিছু সুখী অনুভৱ কৰিব। বন্ধু-বান্ধৱীয়ে বিনিয়োগ সম্পৰ্কীয় নতুন পৰিকল্পনা আগবঢ়াব পাৰে। আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ বাবে স্বস্তি অনুভৱ কৰিব। পত্নীৰ সৈতে ভ্ৰমণৰ সম্ভাৱনা আছে। পৰিয়ালৰ ভিতৰত কোনো বিভেদ থাকিলে আলোচনাৰে সমাধান কৰক। পৰিয়ালৰ কোনো সদস্য অসুস্থ হৈ আছিল যদি আজি স্বাস্থ্য ভাল হ’ব।

মকৰ ৰাশিৰ ৰাশিফল

আজি উপাৰ্জনৰ দিশত শুভ। হেৰুওৱা ধন লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি সলনি কৰাৰ ইচ্ছা থাকিলে আবেদন কৰিব পাৰে। ব্যৱসায়িক বিষয়ত কথা-বতৰাৰ সময়ত সাৱধান হওক। সন্তানক কোনো দায়িত্ব দিলে তেওঁ সঠিকভাৱে পালন কৰিব। আধ্যাত্মিক চিন্তাধাৰাই আপোনাৰ মন পুলকিত কৰি ৰাখিব। প্ৰতিযোগিতামূলক ভাৱে আপোনাক আগুৱাই যোৱাৰ প্ৰেৰণা দিব।

কুম্ভ ৰাশিৰ ৰাশিফল

আজি আপুনি নিজ কৰ্মত ইতিবাচক ফলাফল লাভ কৰিব। ব্যৱসায়ত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে। পিতৃৰ সৈতে কোনো কথাত বিবাদ হ’ব পাৰে আৰু ইয়াৰ ফলত কিছু মানসিক কষ্ট পাব পাৰে। সন্তানক উচ্চ শিক্ষাৰ বাবে আন স্থানলৈ পঠিয়াব পাৰে। অবিবাহিতসকলে নতুন সংগীৰ সাক্ষাৎ লাভ কৰিব। কৰ্মক্ষেত্ৰত ৰাজনীতিৰ পৰা বিৰত থাকক, অন্যথা কামত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

মীন ৰাশিৰ ৰাশিফল

আজিৰ দিনটোত কোনো সিদ্ধান্ত খৰখেদাকৈ লোৱাৰ পৰা বিৰত থাকক। কৰ্মসংস্থাপনৰ বাবে চেষ্টা কৰা লোকসকলে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক, তেতিয়াহে সাফল্য লাভ কৰিব। পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। অবিবাহিতসকলে ভৱিষ্যতৰ সংগীৰ সাক্ষাৎ লাভ কৰিব পাৰে। আপোনাৰ কামৰ বাবে উৎসাহ তথা প্ৰশংসা লাভ কৰিব। বন্ধু-বান্ধৱীৰ সৈতে সম্পৰ্ক ভাল হ’ব।