শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সপ্তাহৰ এই দিনটোত চুলিত চেম্পু কৰে নেকি? জ্যোতিষ শাস্ত্ৰই দিছে এনে চিন্তনীয় সকীয়নি

বৃহস্পতিবাৰৰ লগত জড়িত কেইবাটাও নিয়ম মানি চলিবলগা হয়। ঘৰৰ বয়োজ্যেষ্ঠসকলে বিশেষভাৱে কয় যে বৃহস্পতিবাৰে চুলি ধুব নালাগে। বহুতে নজনাকৈয়ে এই কথা মানি চলে। পিছে ইয়াৰ আঁৰৰ কাৰণ কি, জানো আহক।

সপ্তাহৰ এই দিনটোত চুলিত চেম্পু কৰে নেকি? জ্যোতিষ শাস্ত্ৰই দিছে এনে চিন্তনীয় সকীয়নি
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 26 Sep 2025 16:37 PM

আমি দৈনন্দিন জীৱনত মানি চলিবলগা বিভিন্ন নিয়মৰ কথা জ্যোতিষ শাস্ত্ৰত উল্লেখ কৰা হৈছে। কোনো ব্যক্তিয়ে এই নিয়মসমূহ পালন নকৰিলে কোনো বিশেষ গ্ৰহ দুৰ্বল হ’বলৈ আৰম্ভ কৰে আৰু তেতিয়াৰ পৰাই ব্যক্তিজন নানা সমস্যাৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰে বুলি সততে কোৱা হয়। সাধাৰণতে আমাৰ জীৱনটো সুখকৰ কৰি ৰাখিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ ওপৰতো গুৰুত্ব দিবলগা হয় পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি নিয়মিত চুলি আৰু নখ কাটিব লাগে। চুলিৰ স্বাস্থ্যৰ বাবে চেম্পুও কৰিব লাগে।

কিন্তু চেম্পু কৰাৰ ক্ষেত্ৰতো কিছুমান নীতিনিয়ম মানি চলিব লাগে বুলি জ্যোতিষ শাস্ত্ৰই কয় বৃহস্পতিবাৰ দিনটোক ভগৱান বিষ্ণুৰ পূজাৰ বিশেষ দিন হিচাপে গণ্য কৰা হয়। বৃহস্পতিবাৰে দেৱী লক্ষ্মী আৰু বিষ্ণু ভগৱানক পূজা কৰিলে ঘৰখনলৈ সুখ আৰু সমৃদ্ধিৰ আগমন ঘটে বুলি কোৱা হয়।

সেয়ে বৃহস্পতিবাৰৰ লগত জড়িত কেইবাটাও নিয়ম মানি চলিবলগা হয়। ঘৰৰ বয়োজ্যেষ্ঠসকলে বিশেষভাৱে কয় যে বৃহস্পতিবাৰে চুলি ধুব নালাগে। বহুতে নজনাকৈয়ে এই কথা মানি চলে। বৃহস্পতিবাৰে চুলি কাটিবও নালাগে বুলি ধাৰণা প্ৰচলিত হৈ আহিছে অন্যথা দেৱী লক্ষ্মী অসন্তুষ্ট হয় বুলি বিশ্বাস প্ৰচলিত

অসন্তুষ্ট লে দেৱী লক্ষ্মী ঘৰৰ পৰা ওলাই যাব পাৰে আৰু তেতিয়া ঘৰখনলৈ দৰিদ্ৰতা নামি আহিব পাৰে। জ্যোতিষ শাস্ত্ৰই কয় যে যদি কোনো মহিলাই বৃহস্পতিবাৰে চুলি ধোৱে, তেতিয়া তেওঁৰ বৃহস্পতি গ্ৰহ দুৰ্বল হোৱাৰ সম্ভাৱনা থাকে। গুৰুক স্বামী আৰু সন্তানৰ কাৰণ হিচাপে গণ্য কৰা হয়।

এনে পৰিস্থিতিত যদি বৃহস্পতি দুৰ্বল হয়, তেতিয়া স্বামী আৰু সন্তানৰ ওপৰত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ দেখা যাব। প্ৰাচীন হিন্দু পৰম্পৰা অনুসৰণ কৰি বহুলোকে মঙলবাৰ আৰু শনিবাৰে নখ বা চুলি কাটিব নোৱাৰে, ঘৰৰ বয়োজ্যেষ্ঠসকলেও নখ বা চুলি কাটিব নালাগে। বৃহস্পতিবাৰ দিনটোতো এনে কিছুমান নিয়মৰ কথা কোৱা হৈছে

জ্যোতিষ মতে বৃহস্পতিবাৰে হালধীয়া কাপোৰ পিন্ধিব লাগে। বৃহস্পতি এই কথাত সন্তুষ্ট হয় বুলি কোৱা হয়। লগতে ভগৱান বিষ্ণুক প্ৰতি বৃহস্পতিবাৰে পূজা কৰিলে সৌভাগ্যৰ আগমন ঘটে এই দিনটো ভগৱান বিষ্ণুৰ বাবে উৎসৰ্গিত আৰু এই দিনটোক গুৰুবাৰ বুলিও কোৱা হয়। সেয়েহে ভগৱান বিষ্ণুৰ পূজাত হালধীয়া ৰঙৰ বস্তু ব্যৱহাৰ কৰাৰ লগতে কল অৰ্পণ কৰাটো নিয়ম।