শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Shivling Sthapana: ঘৰৰ ভিতৰত কিয় শিৱলিংগ স্থাপন কৰিব নালাগে?

ভগৱান শিৱক শক্তিৰ উৎস বুলি গণ্য কৰা হয়। শিৱলিংগ ঘৰত স্থাপনক লৈ বহুতো মতানৈক্য আছে। ঘৰত শিৱলিংগ স্থাপন কৰিব লাগেনে নাই জানক।

Shivling Sthapana: ঘৰৰ ভিতৰত কিয় শিৱলিংগ স্থাপন কৰিব নালাগে?
ঘৰৰ ভিতৰত কিয় শিৱলিংগ স্থাপন কৰিব নালাগে?
barasha-misra
Barasha Misra | Published: 14 Mar 2025 14:00 PM

Can Shivling Be Kept In House: ভগৱান মহাদেৱৰ শিৱলিঙত যথেষ্ট শক্তি আছে। ভগৱান শিৱক শক্তিৰ উৎস বুলি ধৰা হয়। দেৱ-অসুৰেও ভগৱান শিৱৰ শিৱলিঙৰ শক্তি চম্ভালিব পৰা নাছিল। আজি জানক শিৱলিংগ স্থাপনৰ বিষয়ে বহু কথা।

শিৱলিংগ উৰ্জা যথেষ্ঠ বেছি। সেয়ে একাংশৰ মতে ঘৰত শিৱলিংগ স্থাপন কৰিব নালাগে। শিৱলিঙৰ পৰা বহু শক্তি নিৰ্গত হয়, যাৰ ফলত ঘৰত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। মানসিক চাপ থাকিব পাৰে। শাৰীৰিক সমস্যাই আপোনাক আগুৰি ধৰিব পাৰে, লগতে খং বাঢ়িব পাৰে।

দৈনিক শিৱলিংগত পানী আগবঢ়াব লাগে। এই কাম কৰাটো কেৱল মন্দিৰতহে সম্ভৱ। যদিও একাংশৰ মতে শিৱলিংগ ঘৰতে স্থাপন কৰিব পৰা যায়, তথাপিও কিছুমান নিয়ম মানি চলিব লগা হয় অন্যথা ঘৰতে শিৱলিংগ স্থাপন কৰিলে বিৰূপ প্ৰভাৱ পৰিব পাৰে।

এইবোৰ কথাত বিশেষ গুৰুত্ব দিয়ক

  1. যদি আপুনি আপোনাৰ ঘৰত শিৱলিংগ স্থাপন কৰিব বিচাৰে তেন্তে মনত ৰাখিব যে ইয়াৰ আকাৰ বুঢ়া আঙুলিতকৈ ডাঙৰ হ’ব নালাগে।
  2. ঘৰত পাৰাৰে নিৰ্মিত এটা শিৱলিংগ ৰাখক। এইটো অতি শুভ। শিৱলিংগৰ লগতে গণেশ, পাৰ্বতী, কাৰ্তিক আৰু নন্দীৰ সৰু মূৰ্তিও ৰাখিব লাগে।
  3. ঘৰত এটাতকৈ অধিক শিৱলিংগ স্থাপন নকৰিব।
  4. যদি আপুনি ধাতুৰ ৰূপত শিৱলিংগ স্থাপন কৰিব বিচাৰে তেন্তে ইয়াক সোণ, ৰূপ বা তামৰ দ্বাৰা তৈয়াৰ কৰা উচিত, য’ত ইয়াৰ চাৰিওফালে সাপ মেৰিয়াই থাকে।
  5. যেতিয়াই শিৱলিংগ স্থাপন কৰিব তেতিয়াই মনত ৰাখিব যে ইয়াক উত্তৰ-পূব দিশত স্থাপন কৰা উচিত নহয়।
  6. ঘৰৰ চুকত কেতিয়াও শিৱলিংগ স্থাপন নকৰিব।
  7. শিৱলিংগৰ সদায় শক্তিৰ সঞ্চালন হৈ থাকে। গতিকে শিৱলিংগৰ ওপৰত যাতে পানী বৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব।
  8. প্ৰতিদিনে শিৱলিংগৰ ওচৰত এগছি চাকি জ্বলাওক।