২১ জুনৰ দিনটো কিয় আটাইতকৈ দীঘলীয়া ? ইয়াৰ আঁৰৰ বৈজ্ঞানিক আৰু ধৰ্মীয় কাৰণ জানক…
আজি বছৰৰ আটাইতকৈ দীঘলীয়া দিন। ই কেৱল জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা নহয়, বিশ্বৰ বহু ঠাইৰ সংস্কৃতি আৰু ধৰ্মীয় তাৎপৰ্য বহন কৰি আহিছে । ২১ জুনৰ দিনটো কিয় আটাইতকৈ দীঘলীয়া আৰু ইয়াৰ আঁৰৰ বৈজ্ঞানিক আৰু ধৰ্মীয় কাৰণ কি ?

২১ জুনৰ দিনটো বছৰৰ আটাইতকৈ দীঘলীয়া দিন বুলি বুলি গণ্য কৰা হয়। ই কেৱল জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা নহয়, বিশ্বৰ বহু ঠাইৰ সংস্কৃতি আৰু ধৰ্মীয় তাৎপৰ্য বহন কৰি আহিছে । ২১ জুন কিয় আটাইতকৈ দীঘলীয়া দিন আৰু ইয়াৰ আঁৰৰ বৈজ্ঞানিক আৰু ধৰ্মীয় কাৰণ কি ?
বৈজ্ঞানিক কাৰণ
আমাৰ পৃথিৱীখন নিজৰ অক্ষত প্ৰায় ২৩.৫ ডিগ্ৰী হেলনীয়া হৈ থাকে। এই প্ৰৱণতাই ঋতু পৰিৱৰ্তনৰ মূল কাৰণ। অৰ্থাৎ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰাৰ সময়ত ইয়াৰ অক্ষ (axis) অলপ হেলনীয়াকৈ থাকে। এই হেলনীয়া অৱস্থাৰ বাবে পৃথিৱীৰ বিভিন্ন অংশত সূৰ্যৰ পোহৰ বেলেগ বেলেগ সময়ত পৰে।
পৃথিৱীয়ে যেতিয়া নিজৰ কক্ষপথত সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে তেতিয়া ২১ জুনৰ দিনটোত উত্তৰ গোলাৰ্ধ সূৰ্যৰ ফালে বেছি হেলনীয়া হয়।এ ই পৰিস্থিতিত উত্তৰ গোলাৰ্ধত দিনটো দীঘল হয়।
যিহেতু সূৰ্যৰ পোহৰ পোনপটীয়াকৈ উত্তৰ গোলাৰ্ধত পৰে, গতিকে সূৰ্যৰ পোহৰ বেছি দেৰিলৈকে থাকে । ফলত ৰাতি চুটি হয় । এই কাৰণেই ২১ জুনত উত্তৰ গোলাৰ্ধত দিনটো আটাইতকৈ দীঘল আৰু দক্ষিণ গোলাৰ্ধত দিনটো আটাইতকৈ চুটি হয়।
ধৰ্মীয় আৰু সাংস্কৃতিক তাৎপৰ্য
২১ জুনৰ দিনটোৱে ধৰ্মীয় আৰু সাংস্কৃতিক তাৎপৰ্যও বহন কৰে । বিশ্বৰ বিভিন্ন ঠাইত এই দিনটো শস্য চপোৱা, উৰ্বৰতা আৰু বিভিন্ন পৰম্পৰা উদযাপনৰ সৈতে জড়িত হৈ আছে।
ইজিপ্ত, মায়া আৰু নৱপ্ৰস্তৰ যুগৰ সভ্যতাই আজিৰ দিনটোক বিশেষ গুৰুত্ব দিছিল। ষ্টোনহেঞ্জৰ দৰে বহুতো প্ৰাচীন কীৰ্তিচিহ্ন জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা বিশেষকৈ আজিৰ দিনটো চিহ্নিত কৰিবলৈ নিৰ্মাণ কৰা হৈছিল। এই স্থানসমূহত সূৰ্য উদয় আৰু সূৰ্যাস্তৰ অৱস্থানৰ বিষয়ে অধ্যয়ন কৰা হৈছিল।
হিন্দু ধৰ্মত ২১ জুনৰ দিনটো বিশেষ তাৎপৰ্য আছে। এই দিনটো ‘যোগ দিৱস’ হিচাপেও পালন কৰা হয়। পৌৰাণিক বিশ্বাস অনুসৰি ভগৱান শিৱই আদিযোগী (প্ৰথম যোগী) হিচাপে এই দিনটোত জ্ঞান প্ৰচাৰ কৰিছিল। যোগাভ্যাসৰ বাবে এই দিনটো অতি শুভ বুলি গণ্য কৰা হয়, কিয়নো এই সময়ত শক্তিৰ মাত্ৰা সৰ্বাধিক হয়।
একেদৰে বিশ্বৰ বহু ঠাইত আজিৰ দিনটো শস্য চপোৱা, প্ৰকৃতি আৰু অঞ্চল বিশেষে সেই ঠাইত বাস কৰাৰ লোকসকলৰ পৰম্পৰাগত ৰীতি-নীতিৰ সৈতে জড়িত । প্ৰায়ে নৃত্য, সংগীত আৰু ভোজ-ভাতৰ সৈতে এই দিনটো উদযাপন কৰা হয়।
স্পষ্টীকৰণ: এই প্ৰতিবেদনত দিয়া তথ্য বিভিন্ন উৎস আৰু ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। TV9 অসমীয়া কোনো কাৰণতে দায়ী নহয় ।