শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Dhanteras 2025: ধনতেৰাচ কিয় পালন কৰা হয়? ধনতেৰাচত কি ক্ৰয় কৰিব আৰু কি নকৰিব জানক

ধনতেৰাচৰ দিনতো যদি আপুনিও পূজা কৰিবলৈ ওলাইছে, তেন্তে ধনতেৰাচৰ দিনা পূজাৰ শুভ সময় কেতিয়া কি কিনিব লাগে, কি কিনিব নালাগে ইত্যাদি জনাটো দৰকাৰ।

Dhanteras 2025: ধনতেৰাচ কিয় পালন কৰা হয়? ধনতেৰাচত কি ক্ৰয় কৰিব আৰু কি নকৰিব জানক
barasha-misra
Barasha Misra | Published: 17 Oct 2025 18:52 PM

প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখত ধনতেৰাচ উৎসৱ পালন কৰা হয়। এইবাৰ ১৮ অক্টোবৰত ধনতেৰাচ উৎসৱ পালন কৰা হ’ব। ধনতেৰাচৰ দিনা সোণ, ৰূপ, বাচন, ঝাড়ুৰ দৰে বস্তু কিনাটো অতি শুভ বুলি গণ্য কৰা হয়। ধনতেৰাচ উপলক্ষে ভগৱান ধন্বন্তৰিৰ পূজাৰ পৰম্পৰা আছে।

ধনতেৰাচৰ শুভ দিন উপলক্ষে মানুহে সোণ, ৰূপ আৰু নতুন বাচন-বৰ্তন ক্ৰয় কৰে। প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখত ধনতেৰাচ উৎসৱ পালন কৰা হয়।

বৈদিক পঞ্জিকা অনুসৰি এইবাৰ ১৮ অক্টোবৰ শনিবাৰে নিশা ১২:১৮ বজাৰ পৰা কাতি মাহৰ ত্ৰয়োদশী তিথি আৰম্ভ হ’ব। এই তিথি ১৯ অক্টোবৰ দেওবাৰে দুপৰীয়া ১:৫১ বজালৈকে চলিব। সেয়ে ১৮ অক্টোবৰত ধনতেৰাচ উদযাপন কৰা হ’ব।

ধনতেৰাচৰ দিনা ধন্বন্তৰি ভগৱানৰ বাহিৰেও দেৱী লক্ষ্মী আৰু কুবেৰক পূজা কৰা হয়। ধনতেৰাচৰ দিনা সোণ-ৰূপ ক্ৰয় কৰাৰ সমান্তৰালকৈ দক্ষিণ দিশত ভগৱান যমৰ নামত দীপ জ্বলোৱাৰ পৰম্পৰাও আছে। ধনতেৰাচৰ দিনা দক্ষিণ দিশত যমদীপ জ্বলোৱাটো শুভ। এনে কৰিলে অকাল মৃত্যুৰ পৰা সকাহ পোৱা যায়।

শাস্ত্ৰত বৰ্ণিত কাহিনী অনুসৰি সাগৰ মন্থনৰ সময়ত ভগৱান ধন্বন্তৰি হাতত অমৃতৰ পাত্ৰ লৈ আবিৰ্ভাৱ হৈছিল। ভগৱান ধন্বন্তৰি সাগৰৰ পৰা আবিৰ্ভাৱ হোৱা তাৰিখটো আছিল কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখ। এই কাৰণে এই তিথিক ধনতেৰাচ বা ধন ত্ৰয়োদশী তিথি বুলিও কোৱা হয়। ভগৱান ধন্বন্তৰি হাতত পাত্ৰ লৈ সাগৰৰ পৰা আবিৰ্ভাৱ হৈছিল, সেয়েহে এই উপলক্ষে বাচন-বৰ্তন ক্ৰয় কৰাৰ পৰম্পৰা অব্যাহত আছে। ভগৱান ধন্বন্তৰিৰ আবিৰ্ভাৱৰ স্মৃতিত ধনতেৰাচ উৎসৱ পালন কৰা হয়।

ধনেৰাচত কি কিনিব লাগে?(What to buy on dhanteras)

ধনেৰাচৰ দিনা সোণ, ৰূপ, বাচন-বৰ্তন আৰু গহনা ক্ৰয় কৰাটো বিশেষভাৱে শুভ বুলি বিবেচিত হয়। এইবোৰৰ বাহিৰে ধনতেৰাচৰ দিনা নতুন বাচন-বৰ্তন কিনি লক্ষ্মী দেৱীক আগবঢ়ালে ঘৰত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে। ধনতেৰাচৰ দিনা ঝাড়ু, তামৰ বাচন, ধনিয়া আৰু নিমখ ক্ৰয় কৰাটোও শুভ বুলি গণ্য কৰা হয়। এইবোৰ কিনিলে ঘৰলৈ টকা আহে।

ধনতেৰাচত কি কিনিব নালাগে?(What not to buy on dhanteras)

ধনতেৰাচৰ দিনা কাঁচৰ বাচন একেবাৰে কিনিব নালাগে। কাঁচ ৰাহুৰ সৈতে সম্পৰ্কিত বুলি ধৰা হয়, সেয়েহে এই দিনটোত কাঁচৰ বাচন ক্ৰয় নকৰিব। ইয়াৰ বাহিৰেও ধনতেৰাৰ দিনা প্লাষ্টিকৰ সামগ্ৰীও ক্ৰয় কৰিব নালাগে। জ্যোতিষশাস্ত্ৰত এলুমিনিয়ামক দুৰ্ভাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেয়েহে ধনতেৰাছৰ দিনা এলুমিনিয়াম ক্ৰয় কৰাটোও অশুভ বুলি গণ্য কৰা হয়। এই সকলোবোৰ বাদ দি ধনতেৰাচৰ দিনা চোকা বস্তু, ক’লা ৰঙৰ বস্তু আৰু ভঙা বস্তু কিনাৰ পৰা বিৰত থাকিব লাগে।