শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Sindoor Importance: ভাৰতীয় বিবাহিত নাৰীয়ে শিৰত সেন্দূৰ কিয় লয়? ইয়াৰ ধৰ্মীয় কাৰণ জানো আহক

Wedding Rituals: আপুনি বিবাহিত মহিলাসকলক শিৰত সেন্দূৰ লোৱা নিশ্চয় দেখিছে। এইটো হিন্দু সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু ইয়াৰ বাবে বহুতো ধৰ্মীয় আৰু বৈজ্ঞানিক কাৰণ আছে। আজি জানো আহক ভাৰতীয় নাৰীয়ে শিৰত সেন্দূৰ কিয় লয়?

Sindoor Importance: ভাৰতীয় বিবাহিত নাৰীয়ে শিৰত সেন্দূৰ কিয় লয়? ইয়াৰ ধৰ্মীয় কাৰণ জানো আহক
ভাৰতীয় নাৰীয়ে শিৰত সেন্দূৰ কিয় লয়?Image Credit source: Getty Images/ PTI
barasha-misra
Barasha Misra | Updated On: 07 May 2025 12:01 PM

হিন্দুধৰ্মত সেন্দূৰ বিবাহিতা নাৰীৰ প্ৰতীক। অবিবাহিত নাৰীয়ে শিৰত সেন্দূৰ দিব নোৱাৰে, কপালত সেন্দূৰৰ ফোঁট লব পাৰে। বিধৱাসকলৰ সেন্দূৰ ব্যৱহাৰ শাস্ত্ৰমতে নিষিদ্ধ। সেন্দূৰৰ ইতিহাস অতি প্ৰাচীন বুলি ধাৰণা কৰা হয়। হিন্দু ধৰ্মমতে স্বামীৰ দীৰ্ঘজীৱনৰ বাবে বিবাহিত হিন্দু নাৰীয়ে সেন্দূৰ ব্যৱহাৰ কৰে। ইয়াৰ ৰং ৰঙা, কাৰণ ই শক্তি আৰু প্ৰেমৰ প্ৰতীক। সাধাৰণতে উজ্জ্বল ৰঙা সেন্দূৰ বেছি জনপ্ৰিয় যদিও ঠাই বিশেষে পাতল ৰঙাৰ পৰা কমলা ৰঙৰ সেন্দূৰ বোলোৱা হয়।

হিন্দু ধৰ্মৰ মতে নাৰীয়ে স্বামীৰ মঙ্গল কামনাত গোটেই বৈবাহিক জীৱনতে সেন্দূৰ লৈ থাকে। ভাৰতীয় সমাজ তথা সনাতন ধৰ্মত মহিলা সকলে সেন্দূৰ লোৱাৰ পৰম্পৰা বহু বছৰ পুৰণি। কেৱল সৌন্দৰ্যবৰ্ধন বাবে নহয় বিবাহিতা মহিলা সকলে সেন্দূৰ লোৱাৰ আছে বহু পৌৰাণিক পৰম্পৰা তথা বৈজ্ঞানিক কাৰণ।

ধৰ্মীয় কাৰণ

পৌৰাণিক কাহিনী অনুসৰি দেৱী লক্ষ্মীয়ে পৃথিৱীত ৫খন ঠাইত বসবাস কৰে। তাৰে এখন স্থান শিৰ। সেই কাৰণে বিবাহিতা মহিলাসকলে শিৰত সেন্দূৰ লয়। যাতে তেওঁলোকৰ ঘৰত লক্ষ্মীয়ে বাস কৰে আৰু ঘৰখন সুখ সমৃদ্ধিৰে ভৰি থাকে। সেয়ে সেন্দূৰ লগালে স্বামীক অশুভ শক্তিৰ পৰা ৰক্ষা কৰে। সেন্দূৰৰ সম্বন্ধ স্বামীৰ দীৰ্ঘায়ুৰ কামনা আৰু সুস্থ স্বাস্থ্যৰ লগতেই পত্নীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ লগতো আছে। কোৱা হয় যে সেন্দুৰে চাপো কম কৰে। ৰঙা ৰং শক্তি আৰু স্ব-স্ফূৰ্তিৰো প্ৰতীক।

সৌভাগ্যৰ প্ৰতীক

ৰঙা ৰঙৰ সেন্দূৰৰ মূল ৰং । যাক মংগল আৰু সৌভাগ্যৰ প্ৰতীক বুলিও গণ্য কৰা হয়। ইয়াক সুখী বিবাহিত জীৱনৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। কোৱা হয় যে, সেন্দুৰ লগালে কৰিলে নাৰীৰ ইতিবাচক শক্তি বৃদ্ধি পায়, যাৰ ফলত তেওঁৰ স্বামী আৰু তেওঁৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰে।

ধৰ্মীয় বিশ্বাস অনুসৰি শিৰত সেন্দূৰ লগালে স্বামীৰ আয়ুস দীঘলীয়া হয় আৰু সেইবাবেই মহিলাসকলে এই নিয়ম মানি চলে। হিন্দু ধৰ্মত বিবাহিত মহিলাসকলে প্ৰাৰ্থনা আৰু ধৰ্মীয় অনুষ্ঠানৰ সময়ত শিৰত সেন্দূৰ লগায়।

বৈজ্ঞানিক কাৰণ

সেন্দূৰ লগোৱাৰ বাবে ধৰ্মীয় কাৰণৰ লগতে বহুতো বৈজ্ঞানিক কাৰণ আছে। বৈজ্ঞানিকভাৱে সেন্দূৰ লগালে মানসিক চাপ আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। সেন্দূৰত পাৰা ধাতু পোৱা যায়। যিটো ব্ৰহ্মৰন্ধ্ৰ গ্ৰন্থিৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। শিৰত সেন্দুৰ লগালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। সেন্দূৰ লগালে একাগ্ৰতা বৃদ্ধি পায় আৰু মনটোক কেন্দ্ৰীভূত কৰি ৰখাত সহায় কৰে।

(অস্বীকাৰ: এই বাতৰিত দিয়া তথ্য সামাজিক মাধ্যমত পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে এই কথা নিশ্চিত কৰা নাই।)