মৃত্যুৰ পিছত আত্মাই কিমান দিনৰ ভিতৰত পুনৰ জনম লাভ কৰে! গৰুড় পুৰাণে কৰিছে বাখ্যা
সাধাৰণতেই যিকোনো বিষয়তে মানুহৰ মনত নতুন জ্ঞানৰ সন্ধানৰ স্পৃহা থাকে। আত্মাৰ প্ৰসঙ্গতো মানুহৰ মনত কিছু প্ৰশ্ন উত্থাপন হয়- আত্মাই এবাৰ শৰীৰৰ পৰা আঁতৰি যাত্ৰা আৰম্ভ কৰিলে কোন স্থানলৈ যায় আৰু নতুন শৰীৰ ল’বলৈ কিমান সময় লাগে? জানো আহক এই বিষয়ে।
মৃত্যু সদায়েই মনে মানি ল’ব নোৱাৰা এক চিৰন্তন সত্য। কিন্তু জন্ম হ’লে মৃত্যু অনিবাৰ্য। এই সত্যৰ আধাৰতে বিশ্বত জীৱৰ জীৱনচক্ৰ আগৱাই যায়। মৃত্যুৰ পিছত ধৰ্মীয় নীতি-নিয়ম অনুসৰি মৃতকৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। অৱশ্যে হিন্দু শাস্ত্ৰ আৰু পুৰাণত উল্লেখ আছে যে মৃত্যু কেৱল শৰীৰৰহে হয়, পিছে আত্মা অবিনশ্বৰ। অৰ্থাৎ ধৰ্মীয় বিশ্বাস অনুসৰি আত্মাক অমৰ হিচাপে গণ্য কৰা হয়। এগৰাকী ব্যক্তিৰ মৃত্যুৰ পিছত আত্মাই নতুন শৰীৰত প্ৰৱেশ কৰে বুলি কোৱা হয়।
সাধাৰণতেই যিকোনো বিষয়তে মানুহৰ মনত নতুন জ্ঞানৰ সন্ধানৰ স্পৃহা থাকে। আত্মাৰ প্ৰসঙ্গতো মানুহৰ মনত কিছু প্ৰশ্ন উত্থাপন হয়- আত্মাই এবাৰ শৰীৰৰ পৰা আঁতৰি যাত্ৰা আৰম্ভ কৰিলে কোন স্থানলৈ যায় আৰু নতুন শৰীৰ ল’বলৈ কিমান সময় লাগে? জানো আহক এই বিষয়ে।
গৰুড় পুৰাণৰ বাখ্যা
হিন্দু ধৰ্মৰ ১৮ খন মহাপুৰাণৰ ভিতৰত গৰুড় পুৰাণ অন্যতম। এই গৰুড় পুৰাণত শৰীৰৰ মৃত্যুৰ পিছত আত্মাৰ যাত্ৰাৰ বৰ্ণনা কৰা হৈছে আৰু ইয়াৰ সকলো কথা বিতংভাৱে ব্যাখ্যা কৰা হৈছে। গৰুড় পুৰাণৰ মতে আত্মাই মৃত্যুৰ পিছত অতি দীঘলীয়া যাত্ৰা কৰে। মৃত্যুৰ পিছত আত্মা যমলোকত উপস্থিত হয়।
কিমান দিনত আত্মাৰ পুনৰ্জন্ম হয়?
যমলোকত আত্মাক মৃত্যুৰ দেৱতা যমৰাজৰ আগত উপস্থাপন কৰা হয়। কোৱা হয় যে এই যাত্ৰাত আত্মাই প্ৰায় ৮৬,০০০ যোজন দূৰত্ব অতিক্ৰম কৰে। কৰ্ম ভাল হ’লে যমলোকলৈ যোৱাৰ পথত আত্মাক কোনো ধৰণে অত্যাচাৰ কৰা নহয়, কিন্তু কৰ্ম বেয়া হ’লে আত্মা নানা ধৰণৰ দুখ-কষ্টৰ বলি হয়।
গৰুড় পুৰাণত উল্লেখ আছে যে এজন ব্যক্তিৰ আত্মাই তেওঁলোকৰ কৰ্ম অনুযায়ী যাত্ৰা কৰে। প্ৰাচীন শাস্ত্ৰত উল্লেখ আছে যে মৃত্যুৰ পিছত তৃতীয় দিনৰ পৰা ৪০ তাৰিখলৈকে পুনৰ্জন্ম হয়। অৰ্থাৎ আত্মাই এই ৪০ দিনৰ চক্ৰৰ মাজেৰে পাৰ হ’ব লাগিব।
বিশ্বাস কৰা হয় যে এই ৪০ দিনৰ চক্ৰৰ মাজেৰে পাৰ হোৱাৰ পিছত আত্মাই মোক্ষ লাভ কৰিব পাৰে। এজন ব্যক্তিৰ আত্মাই ঈশ্বৰক বিচাৰি পাব নে লৌকিক প্ৰলোভনত আবদ্ধ হৈ মৰ্ত্যলোকলৈ উভতি যাব, সেয়া ব্যক্তিজনৰ কৰ্মই নিৰ্ধাৰণ কৰে।
বিশেষ দ্ৰষ্টব্যঃ এই লেখাটোত উল্লিখিত তথ্যসমূহ ধৰ্মীয় বিশ্বাস তথা লোক বিশ্বাসৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰা হৈছে। TV9 Assam-এ এই সন্দৰ্ভত নিজাকৈ কোনো মত আগবঢ়োৱা নাই।