ঘৰৰ কোন দিশত ৰাখিব লাগে ডাষ্টবিন? বাস্তুৱে আগবঢ়াইছে সঠিক পৰামৰ্শ, নামানিলেই বিপদ!
সাধাৰণতে আমাৰ প্ৰায় অধিকাংশ লোকৰ ঘৰতে ডাষ্টবিন থাকে। বহুসময়ত ডাষ্টবিন থোৱাৰ সঠিক স্থান সন্দৰ্ভত আমি বহু লোকেই নাভাবোঁ। পিছে ডাষ্টবিন থোৱা স্থান সন্দৰ্ভত বাস্তু শাস্ত্ৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। জানো আহক এই বিষয়ে।

নিজৰ ঘৰখন নিয়াৰীকৈ সজাই তোলাটো প্ৰায় প্ৰতিজন লোকৰে চখ। সেয়ে ঘৰৰ চোকে–কোণে পৰিষ্কাৰ–পৰিচ্ছন্ন কৰি ৰাখি নিৰ্দিষ্ট স্থানত বয়–বস্তু চিজিল কৰি ৰখা হয়। ইয়াৰ দ্বাৰা এফালে ঘৰৰ পৰিৱেশ দেখনীয়াৰ হৈ থকাৰ লগতে ঘৰলৈ অহা অতিথিকো সন্তুষ্ট কৰি তোলে। সাধাৰণতে আমাৰ প্ৰায় অধিকাংশ লোকৰ ঘৰতে ডাষ্টবিন থাকে। বহুসময়ত ডাষ্টবিন থোৱাৰ সঠিক স্থান সন্দৰ্ভত আমি বহু লোকেই নাভাবোঁ। পিছে ডাষ্টবিন থোৱা স্থান সন্দৰ্ভত বাস্তু শাস্ত্ৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে।
বাস্তু শাস্ত্ৰত আমাৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত নানা দিশৰ ওপৰত নানা পৰামৰ্শ আগবঢ়োৱা হৈছে। এই পৰামৰ্শসমূহ অনুসৰণ কৰিলে ব্যক্তিৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আহে বুলি বিশ্বাস কৰা হয়। ঘৰৰ কোন স্থানত কি বস্তু ৰাখিব লাগে, বাস্তু শাস্ত্ৰত সেই বিষয়ে উল্লেখ আছে। ডাষ্টবিন সন্দৰ্ভতো বাস্তু শাস্ত্ৰই এনে পৰামৰ্শ আগবঢ়াইছে।
ঘৰত থোৱা ডাষ্টবিন সদায় দক্ষিণ-পশ্চিম বা উত্তৰ-পশ্চিম দিশত ৰাখিব লাগে বুলি বাস্তু শাস্ত্ৰত উল্লেখ কৰা হৈছে। বাস্তু শাস্ত্ৰ মতে ঘৰৰ উত্তৰ-পূব দিশত ডাষ্টবিন ৰখাটো কেতিয়াও ভাল কথা নহয়। কাৰণ ঘৰৰ এই দিশ ঈশ্বৰৰ ওচৰত উৎসৰ্গিত। ফলত এই দিশত ডাষ্টবিন থ’লে সেই ঘৰত বসবাস কৰা লোকসকলৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।
বাস্তু বিশেষজ্ঞৰ মতে, ঘৰৰ দক্ষিণ-পূব দিশতো ডাষ্টবিন ৰখা উচিত নহয়। এই দিশত ডাষ্টবিন ৰাখিলে পৰিয়ালটোৰ বাবে আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি কোৱা হয়। যদি কোনো ব্যক্তিয়ে নিজৰ ঘৰৰ পূব আৰু উত্তৰ দিশত ডাষ্টবিন ৰাখে, তেতিয়া সেই পৰিয়ালৰ সদস্যসকল ক্ৰমান্বয়ে এলেহুৱা হৈ পৰে। সময়ত তেওঁলোকৰ এই অলস ভাৱ চূড়ান্ত হৈ পৰিব পাৰে।
একদৰে দক্ষিণ-পূব দিশত ডাষ্টবিন থোৱাটোও উচিত নহয়। সেই দিশত ডাষ্টবিন ৰাখিলে সঞ্চয় কমি যোৱাৰ প্ৰবল আশংকা থাকে। ইয়াৰ লগতে সঞ্চিত মূলধনৰ ক্ষেত্ৰতো নেতিবাচক প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে। বাস্তু মতে ঘৰৰ পূব আৰু উত্তৰ দিশত ডাষ্টবিন ৰখাটোও অনুচিত। এনে কৰিলে যিকোনো কামৰ অগ্ৰগতিত বাধা আহিব, পদে পদে বাধা আৰু বিপদৰ সৃষ্টি হ’ব পাৰে।
বিশেষ দ্ৰষ্টব্যঃ এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ বাস্তু শাস্ত্ৰৰ ওপৰত আধাৰিত। এই ক্ষেত্ৰত TV9 Assam–এ নিজা কোনো মন্তব্য প্ৰকাশ কৰা নাই।