শনিবাৰে এইবোৰ সামগ্ৰী ক্ৰয় কৰা মানেই ৰুষ্ট হ’ব শনি দেৱ, জীৱন হৈ পৰিব সমস্যা জৰ্জৰ!
কোৱা হয় যে শনি দেৱ সন্তুষ্ট হ’লে এজন দৰিদ্ৰকো ৰজা কৰি তুলিব পাৰে। কিন্তু ইয়াৰ বিপৰীতে যদি শনি দেৱৰ কু-দৃষ্টি কাৰোবাৰ ওপৰত পৰে, তেন্তে তেওঁৰ জীৱন বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে। সেইবাবেই জ্যোতিষ শাস্ত্ৰত শনিবাৰে কিছুমান বস্তু কিনাটো অশুভ বুলি ধৰা হয়।
হিন্দু ধৰ্মত শনি দেৱক ‘কৰ্মফলৰ দাতা’ আৰু ‘ন্যায়ধীশ’ হিচাপে গণ্য কৰা হয়। মানুহে কৰা কৰ্মৰ ভিত্তিত শনি দেৱে তেওঁলোকক উচিত ফল বা দণ্ড প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। জ্যোতিষ শাস্ত্ৰতো শনি দেৱক এক অত্যন্ত শক্তিশালী আৰু গুৰুত্বপূৰ্ণ গ্ৰহ হিচাপে গণ্য কৰা হৈছে। শাস্ত্ৰ অনুসৰি শনিবাৰৰ দিনটো শনি দেৱৰ নামত উছৰ্গিত। এই দিনটোত শনি দেৱৰ বিশেষ পূজা আৰু ব্ৰত পালন কৰা হয়। শনিৰ দোষৰ পৰা হাত সাৰিবলৈ আৰু শনি মহাৰাজৰ কৃপা দৃষ্টি লাভ কৰিবলৈ এই দিনটোত ভক্তসকলে বিভিন্ন উপাচাৰ পালন কৰে।
কিছুলোকে যদি শনি দেৱক তেল অৰ্পণ কৰে, আন কিছুলোকে শনিৰ সৈতে জড়িত সামগ্ৰী দান কৰে। কোৱা হয় যে শনি দেৱ সন্তুষ্ট হ’লে এজন দৰিদ্ৰকো ৰজা কৰি তুলিব পাৰে। কিন্তু ইয়াৰ বিপৰীতে যদি শনি দেৱৰ কু-দৃষ্টি কাৰোবাৰ ওপৰত পৰে, তেন্তে তেওঁৰ জীৱন বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে। সেইবাবেই জ্যোতিষ শাস্ত্ৰত শনিবাৰে কিছুমান বস্তু কিনাটো অশুভ বুলি ধৰা হয়।
লোৰ সামগ্ৰী
জ্যোতিষ শাস্ত্ৰ অনুসৰি শনিবাৰে লোৰ কোনো সামগ্ৰী কিনিব নালাগে। বিশ্বাস কৰা হয় যে শনিবাৰে লো কিনিলে শনি দেৱ ক্ৰোধিত হয়। গতিকে এই দিনটোত লোৰ সা-সঁজুলি কিনি ঘৰলৈ অনাৰ পৰা বিৰত থাকক। অৱশ্যে এই দিনটোত লোৰ বস্তু দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়।
নিমখ
শনিবাৰে নিমখ কিনাটো বৰ্জনীয়। লোকবিশ্বাস অনুসৰি শনিবাৰে নিমখ কিনিলে মানুহৰ ওপৰত ধাৰ বা ঋণৰ বোজা বৃদ্ধি পায়। ধাৰৰ সমস্যাৰ পৰা আঁতৰি থাকিবলৈ শনিবাৰে ভুলতো নিমখ ক্ৰয় নকৰিব।
ক’লা তিল
শনিবাৰে ক’লা তিল কিনিবলৈ মানা কৰা হয়। বিশ্বাস কৰা হয় যে এই দিনটোত ক’লা তিল কিনিলে কাম-কাজত বাধা আহে। ইয়াৰ পৰিৱৰ্তে শনি দোষ দূৰ কৰিবলৈ শনিবাৰে ক’লা তিল দান কৰাটোহে উচিত।
ক’লা জোতা
শনিবাৰৰ দিনটোত ক’লা ৰঙৰ জোতা ক্ৰয় কৰিব নালাগে। ধৰ্মীয় বিশ্বাস অনুসৰি শনিবাৰে কিনা ক’লা জোতা পিন্ধিলে ব্যক্তিজনৰ কামত বিফলতা অহাৰ সম্ভাৱনা থাকে।