গা ধোৱাৰ পিছত লগে লগে কৰে নেকি এই কাম? সাৱধান, জীৱনলৈ নামি আহিব পাৰে সমস্যা
বাস্তু শাস্ত্ৰত উল্লেখ থকা মতে গা ধোৱাৰ পিছত কিছুমান কাম কৰিলে বৃহৎ আৰ্থিক লোকচানৰ লগতে আন বহু সমস্যাও হ’ব পাৰে। বাস্তু মতে গা ধোৱাৰ পিছত এই ৫টা কাম কেতিয়াও কৰিব নালাগে। জানো আহক বাস্তু শাস্ত্ৰত উল্লেখ থকা এই ৫টা কাম কি কি।

সকলো লোকেই স্বাভাৱিকতেই নিজ জীৱনত সুখ–শান্তি তথা সমৃদ্ধি বিচাৰে। এয়া কোনো আচৰিত কথা নহয়। জীৱনত সুখ–সমৃদ্ধিৰ বাবে উপাৰ্জনৰ পৰা আৰম্ভ কৰি প্ৰয়োজনীয় সকলো দিশতে মনোযোগ দিয়া হয়। বাস্তু শাস্ত্ৰতো মানুহৰ জীৱনলৈ কিদৰে সুখ আহে, বা কিদৰে জীৱনলৈ শান্তি, সুখ আৰু সমৃদ্ধি আনিব পাৰি, সেই বিষয়ে উল্লেখ কৰা হৈছে। কিছুমান নিয়ম মানি চলি জীৱনৰ বহুতো ডাঙৰ বিপদৰ পৰা হাত সাৰিব পাৰি বুলি বাস্তু শাস্ত্ৰই উল্লেখ কৰিছে। সেইদৰে এনে নিয়মসমূহ আওকাণ কৰিলে সমস্যাসমূহ বৃদ্ধি পায়।
বাস্তু শাস্ত্ৰত উল্লেখ থকা মতে গা ধোৱাৰ পিছত কিছুমান কাম কৰিলে বৃহৎ আৰ্থিক লোকচানৰ লগতে আন বহু সমস্যাও হ’ব পাৰে। বাস্তু মতে গা ধোৱাৰ পিছত এই ৫টা কাম কেতিয়াও কৰিব নালাগে। জানো আহক বাস্তু শাস্ত্ৰত উল্লেখ থকা এই ৫টা কাম কি কি–
১) বাস্তু শাস্ত্ৰ মতে এজন ব্যক্তিয়ে গা ধুই যদি গা ধোৱা পানী বাল্টিত ৰাখে, তেতিয়া তেওঁৰ ঘৰত দৰিদ্ৰতা বৃদ্ধি পাব। গতিকে এই কাম একেবাৰেই কৰা উচিত নহয়।
২) গা ধোৱাৰ পিছত কোনো লোকে যদি গা ধুওঁতে ব্যৱহাৰ কৰা তিতা কাপোৰ বাথৰুমত থৈ আহিলে সেই পৰিয়ালত অশান্তিৰ সৃষ্টি হ’ব পাৰে বুলি বৃদ্ধি বাস্তু শাস্ত্ৰই কয়। একে সময়তে আৰ্থিক সমস্যাও আহিব পাৰে। এই কাম কৰা ঘৰত ঋণাত্মক শক্তি বিয়পি পৰে। ই জীৱনত বিভিন্ন বাধাৰ সৃষ্টি কৰে।
৩) বহু বিবাহিতা মহিলাই গা ধোৱাৰ পিছত সেন্দূৰ লয়। বাস্তু শাস্ত্ৰই কয় যে বিবাহিতা মহিলাসকলে গা ধোৱাৰ লগে লগে চুলিত সেন্দূৰ লগোৱা উচিত নহয়। ইয়াৰ ফলত মানসিক শান্তি বিঘ্নিত হয়। মনলৈ বহুতো বেয়া চিন্তা আহে।
৪) এগৰাকী মহিলাই এবাৰ গা ধুই লোৱাৰ পিছত কাপোৰ ধোৱাটো ভাল নহয়। যদি এই কাম কৰে, তেতিয়া সেই কাম কৰা ব্যক্তিজনৰ ঘৰত দৰিদ্ৰতাই আগুৰি ধৰিব পাৰে। সেয়ে কোনো কাপোৰ গা ধোৱাৰ পূৰ্বেই ধুই ল’ব লাগে।
৫) গা ধোৱাৰ পিছত কোনো ধৰণৰ চুলি ষ্ট্ৰেইট কৰা যন্ত্ৰ বা তেনে কোনো যন্ত্ৰ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে বুলিও বাস্তু শাস্ত্ৰই উল্লেখ কৰিছে।
বিশেষ দ্ৰষ্টব্যঃ এই লেখাত উল্লেখ কৰা তথ্যসমূহ কেৱল লোকবিশ্বাস আৰু বাস্তু শাস্ত্ৰৰ ওপৰত আধাৰিত। এই ক্ষেত্ৰত TV9 Assam-এ নিজা কোনো মত প্ৰকাশ কৰা নাই।