Vastu Dosh: আপোনাৰ ঘৰত দেখা দিছে নেকি এনে লক্ষণে? হ’ব পাৰে বাস্তু দোষ! আছে সমাধানৰ সহজ পথ
বাস্তু শাস্ত্ৰ মতে, ঘৰত বাস্তু দোষ আছে নে নাই সেয়া কিছুমান লক্ষণৰ দ্বাৰা ধৰিব পাৰি। যদি আপোনাৰ ঘৰতো এনে লক্ষণ দেখা দিছে, তেতিয়া কেতিয়াও অৱহেলা কৰিব নালাগে। জানো আহক এনে লক্ষণ আৰু প্ৰতিকাৰৰ উপায়।
বাস্তু শাস্ত্ৰক মানৱ জীৱনত অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হয়। জীৱনটো সুখী আৰু সমৃদ্ধিশালী কৰি তুলিবলৈ এই শাস্ত্ৰত বহুতো নীতি-নিয়মৰ কথা উল্লেখ কৰা হৈছে। বিশেষকৈ ঘৰৰ সৈতে জড়িত বাস্তু নিয়মবোৰ পালন কৰাটো অতি প্ৰয়োজনীয়। কিন্তু বহু সময়ত আমি এই নিয়মবোৰ আওকাণ কৰি সৰু সৰু ভুল কৰি পেলাওঁ, যাৰ ফলত ঘৰত বাস্তু দোষৰ সৃষ্টি হয়। বাস্তু শাস্ত্ৰ মতে, ঘৰত বাস্তু দোষ আছে নে নাই সেয়া কিছুমান লক্ষণৰ দ্বাৰা ধৰিব পাৰি। যদি আপোনাৰ ঘৰতো এনে লক্ষণ দেখা দিছে, তেতিয়া কেতিয়াও অৱহেলা নকৰিব।
ঘৰত বাস্তু দোষ থকাৰ লক্ষণসমূহ
পাৰিবাৰিক কন্দলঃ যদি ঘৰত কোনো কাৰণ নোহোৱাকৈয়ে সদায় কাজিয়া-পেচালৰ পৰিৱেশ বিৰাজ কৰে, তেতিয়া সেয়া বাস্তু দোষৰ লক্ষণ হ’ব পাৰে।
অসফলতাঃ কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো যদি কামত সফলতা পোৱা নাই, তেতিয়া ঘৰৰ বাস্তু পৰীক্ষা কৰা উচিত।
স্বাস্থ্য আৰু আৰ্থিক সমস্যাঃ ঘৰৰ সদস্যসকল সঘনাই অসুস্থ হৈ থকা আৰু ধন-সম্পত্তিৰ নাটনি হোৱাটো বাস্তু দোষৰ ইংগিত।
পানী পৰা টেপঃ ঘৰৰ টেপৰ পৰা পানী নিগৰি থকাটো অশুভ বুলি গণ্য কৰা হয়। ই আৰ্থিক ক্ষতি আৰু বাস্তু দোষৰ কাৰক।
ভুল দিশত শৌচালয়ঃ ঘৰৰ ঈশান কোণত (উত্তৰ-পূব দিশ) শৌচালয় থাকিলে গুৰুতৰ বাস্তু দোষ হ’ব পাৰে।
অন্ধকাৰ আৰু লেতেৰা পৰিৱেশঃ ঘৰৰ যিবোৰ কোণত প্ৰাকৃতিক পোহৰ নপৰে, তাত নেতিবাচক শক্তি বৃদ্ধি পায়। লগতে ঘৰৰ মুখ্য দুৱাৰত লেতেৰা বস্তু বা আৱৰ্জনা জমা কৰি ৰাখিলে বাস্তু দোষৰ সৃষ্টি হয়।
বাস্তু দোষ দূৰ কৰাৰ উপায়
শান্তি পাঠঃ ঘৰৰ পৰা নেতিবাচক শক্তি দূৰ কৰিবলৈ বাস্তু শান্তি পাঠ বা পূজা কৰাব পাৰে।
কৰ্পূৰৰ ব্যৱহাৰঃ সন্ধিয়া সময়ত ঘৰৰ চাৰিওফালে কৰ্পূৰ জ্বলাই ধোঁৱা দিলে নেতিবাচকতা আঁতৰ হয়।
ঘিউৰ চাকিঃ সন্ধিয়া ঘৰৰ মুখ্য দুৱাৰত আৰু তুলসী তলত ঘিউৰ চাকি জ্বলোৱাটো অতি শুভ।
পৰিষ্কাৰ-পৰিচ্ছন্নতাঃ ঘৰখন সদায় পৰিষ্কাৰ, মুকলি আৰু বতাহ চলাচল কৰিব পৰাকৈ ৰাখিব লাগে।
এইবোৰ উপায় অৱলম্বন কৰিলে ঘৰৰ পৰা বাস্তু দোষ আঁতৰ হোৱাৰ লগতে ইতিবাচক শক্তিৰ সঞ্চাৰ হয়। গতিকে আপোনাৰ ঘৰতো যদি কোনো বাস্তু দোষৰ লক্ষণে দেখা দিছে, তেতিয়াহ’লে নিশ্চিতভাৱে এনে উপায়সমূহ অৱলম্বন কৰক।