নতুন চাকৰি লাভৰ যোগ, আৰ্থিক উন্নতি…২০২৬ চনত ভাল দিন আহিব এই ৩ ৰাশিৰ…
Trigrahi Yog 2026: জ্যোতিষ শাস্ত্ৰত গ্ৰহ-নক্ষত্ৰৰ বিশেষ মান্যতা আছে। ২০২৬ চনত ত্ৰিগ্ৰাহী যোগ গঠন হ'ব। যাৰ প্ৰভাৱ কিছুমান ৰাশিৰ ওপৰত অত্যন্ত ভাল হব। হাতলৈ ধন আহিব, পদোন্নতিৰ যোগ আছে।
মাজত মাত্ৰ কেইটামান দিন। কিছুদিন পাছতেই আৰম্ভ হ’ব ২০২৬ চন। ধৰ্মীয় দৃষ্টিকোনৰ পৰা এই বছৰত বহু শুভ যোগ, ৰাজযোগ, যুঁটি আজি নিৰ্মাণ হ’ব। ২০২৬ চনৰ আৰম্ভণিত ত্ৰিগ্ৰহী যোগ নিৰ্মাণ হ’ব, যি শনিৰ ৰাশি মকৰত নিৰ্মাণ হ’ব। এই যোগ পিতা সূৰ্য, সমৃদ্ধি দাতা শুক্ৰ আৰু সু-বৃদ্ধিৰ কাৰক বুধে মিলি মকৰ ৰাশিত নিৰ্মাণ কৰিব।
জ্যোতিষ শাস্ত্ৰত ত্ৰিগ্ৰাহী যোগ অত্যন্ত শুভ। জ্যোতিষ অনুসৰি, যেতিয়া এটা ৰাশিত তিনিটা গ্ৰহ একেলগে আহে তেতিয়া ত্ৰিগ্ৰাহী যোগ গঠন হোৱা বুলি কয়। এই যোগৰ প্ৰভাৱ প্ৰতিজন ব্যক্তিৰ ওপৰত পৰে। কিন্তু ২০২৬ চনত গঠন হ’বলগীয়া ত্ৰিগ্ৰাহী যোগ কিছুমান ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব। তলত ইয়াৰ বিষয়ে উল্লেখ কৰা হ’ল।
মেঘ ৰাশিঃ ত্ৰিগ্ৰাহী যোগ মেঘ ৰাশিৰ বাবে অত্যন্ত শুভ। এই সময়চোৱাত আৰ্থিক উন্নতিৰ যোগ আছে। পাবলগীয়া ধন ঘূৰাই পাব। নতুন কামৰ বাবে পথ মুকলি হ’ব। চাকৰিত নতুন পদ আৰু দায়িত্ব লাভ কৰিব। ব্যৱসায় কৰাসকলে ডাঙৰ অৰ্ডাৰ লাভ কৰিব পাৰে। ঘৰত সুখ-শান্তি বৃদ্ধি হ’ব।
ধনু ৰাশিঃ ত্ৰিগ্ৰাহী যোগ ধনু ৰাশিৰ বাবেও শুভ হ’বলৈ গৈ আছে। কেৰিয়াৰত উন্নতি হ’ব। চাকৰিৰ ক্ষেত্ৰত নতুন পদ লাভ কৰাৰ সম্ভাৱনা। নতুন চাকৰি, পদোন্নতি, পদ পৰিৱৰ্তন আদিৰ যোগ আছে। শিক্ষাৰ্থী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল লাভ কৰিব। বিবাহ তথা প্ৰেমত স্থিৰতা আহিব। বিদেশ যাত্ৰাৰ যোগ আছে।
মীন ৰাশিঃ মীন ৰাশিৰ বাবে ত্ৰিগ্ৰাহী যোগ অত্যন্ত শুভ। আত্মবিশ্বাস বৃদ্ধি পাব। উন্নতিৰ যোগ আছে। ব্যৱসায়ত উন্নতি হ’ব। হাতলৈ ধন আহিব। জমা উন্নত হ’ব। কেৰিয়াৰত পৰিৱৰ্তন আৰু উন্নতি হ’ব। পৰিয়ালত কোনো শুভ কামৰ আয়োজন হ’ব পাৰে।
(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)
অন্য খবৰ পঢ়কঃ বুধৰ ৰাশি পৰিৱৰ্তন! ডিচেম্বৰ মাহত ভাগ্য উদয় হ’ব এই ৩ ৰাশিৰ লোকৰ! জানক…