Today’s Rashifal: কাৰ ভাল কাৰ বেয়া? দিনটো কেনে যাব আপোনাৰ, চাওক আজিৰ ৰাশিফল…
Today's Horoscope: হিন্দু ধৰ্মত ৰাশিফলক বিশেষ প্ৰাধান্য দিয়া হয়। ৰাশিফল ১২ টা। প্ৰতিদিনে প্ৰতি ৰাশিৰ বেলেগ বেলেগ যোগ আছে। আজিৰ দিনটো কাৰ বাবে ভাল আৰু কাৰ বাবে প্ৰত্যাহ্বানমূলক সেয়া ৰাশিফলত প্ৰকাশ পাইছে।
আজি ২৬ ডিচেম্বৰ, ২০২৫। আজিৰ দিনটো কেনে যাব আপোনাৰ, চাওক আজিৰ ৰাশিফল-
মেঘ ৰাশিঃ আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব। সফলতা আহিব। আৰ্থিক স্থিতি ভাল হ’ব। সংগীৰ সৈতে ভাল সময় কটাব।হাতলৈ নতুন কাম অহাৰ সম্ভাৱনা। স্বাস্থ্য ভালে থাকিব।
বৃশ্চিক ৰাশিঃ কেৰিয়াৰৰ লগত জড়িত কথাই চিন্তা বৃদ্ধি কৰিব পাৰে। ভৱিষ্যতৰ বাবে কোনো পৰিকল্পনা কৰিব পাৰে। সংগীৰ সৈতে কথা বতৰাৰ মাজেৰে সমস্যা সমাধান কৰা দৰকাৰ। খৰচ বৃদ্ধি হ’ব পাৰে।
মিথুন ৰাশিঃ আজি আপোনাৰ দিনটো ভাল। অফিচত আপোনাৰ উপায়ে কাম দিব পাৰে। সম্পৰ্ক ভাল হ’ব। কিন্তু মনটো ভালে ৰখাৰ চেষ্টা কৰিব। খৰচত গুৰুত্ব দিব। আৰ্থিক সমস্যা আগিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব। ভাগ্যই লগ দিব।
কৰ্কট ৰাশিঃ আজি আপুনি আবেগত বেছি গুৰুত্ব দিলে সমস্যাত পৰিব। ঘৰ আৰু কামৰ মাজত ভাৰসাম্য বজাই ৰাখিব। আনৰ ওপৰত বিশ্বাস নকৰিব। আৰ্থিক দিশটোত সাৱধান হ’ব। ধৈৰ্য ধৰি কাম কৰিব। স্বাস্থ্যত গুৰুত্ব দিব। পাৰিবাৰিক সুখ বৃদ্ধি।
সিংহ ৰাশিঃ আজি আপুনি কামত আনৰ সহায় লাভ কৰিব। ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰখনত ভাল। সম্পৰ্ক শক্তিশালী হ’ব। আৰ্থিক দিশটোত সমস্যা আহিব পাৰে। মনটো শান্ত ৰখা দৰকাৰ। মান-সন্মান বৃদ্ধি পাব পাৰে।
কন্যা ৰাশিঃ আজি আপুনি পৰিকল্পনা আগত ৰাখি আগবাঢ়িব। কামত সফলতা লাভ কৰিব। সৰু সৰু কামবোৰ সম্পূৰ্ণ হ’ব। হাতলৈ ধন আহিব কিন্তু খৰচ অধিক হ’ব পাৰে। স্বাস্থ্য ভালে যাব।
তুলা ৰাশিঃ আজি আপুনি কোনো ডাঙৰ দায়িত্ব লাভ কৰিব। অফিচত ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। সম্পৰ্কত মিছা মাতিলে সমস্যা আহিব পাৰে। অযথা খৰচ কৰাৰ পৰা বিৰত থাকক। মন শান্ত থাকিব।
বৃশ্চিক ৰাশিঃ আজি সম্পত্তিক লৈ কোনো সিদ্ধান্ত লব পাকে। কামত ধৈৰ্য ধৰি আগবাঢ়িব। টকা পইচাৰ ক্ষেত্ৰত সাৱধান থাকিব। অন্যথা সমস্যা আহিব পাৰে। স্বাস্থ্য ভালে যাব।
ধনু ৰাশিঃ আজি আপোনাৰ দিনটো ভাল যাব। কামৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। প্ৰেমত শুভ। সংগীৰ সৈতে ভাল সময় কটাব পাৰে। টকাৰ ক্ষেত্ৰত আনক বিশ্বাস নকৰিব। মনটো শান্ত ৰখাৰ চেষ্টা কৰিব।
মকৰ ৰাশিঃ আজি আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। কাম বেছি আহিব পাৰে। কিন্তু ইয়ে আপোনাৰ বাবে নতুন সুযোগ আনিব। সংগীৰ সৈতে মতানৈক্য হ’ব পাৰে। আৰ্থিক সংকট আহিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।
কুম্ভ ৰাশিঃ আপোনাৰ নতুন উপদেশ অফিচত ভাল পাব পাৰে। সফলতা লাভ কৰিব পাৰে। কোনো ভাল খবৰ পাব পাৰে। কিন্তু হঠাতে টকা অধিক খৰচ হোৱাৰ সম্ভাৱনা। নিজক সময় দিয়াৰ চেষ্টা কৰিব।
মীন ৰাশিঃ আজি আপুনি কামত মনোযোগ দিয়া দৰকাৰ। আপোনাক কোনোৱে প্ৰশংসা কৰিব পাৰে। সম্পৰ্ক ভাল হ’ব। টকা জমা ৰখাত গুৰুত্ব দিব। আৰ্থিক দিশটো ভাল। পৰিয়ালৰ সৈতে ভাল সময় কটাব।
(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)