শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Today’s Rashifal: মাঘ বিহুৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Today's Rashifal: আজি মাঘ বিহুৰ দিনটো কেনে যাব আপোনাৰ? জ্য়োতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটো কিছুমান ৰাশিৰ বাবে ভাল আৰু কিছুমানৰ বাবে কিছু সমস্যা আহিব পাৰে। গতিকে জানক আজিৰ ৰাশিফল।

Today’s Rashifal: মাঘ বিহুৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Published: 14 Jan 2026 06:00 AM

আজি ১৪ জানুৱাৰী, ২০২৬। সমগ্ৰ অসমীয়াই আজি পালন কৰিছে হেঁপাহৰ মাঘ বিহু। আজিৰ দিনটো কেনে যাব আপোনাৰ। তলত আজিৰ ৰাশিফল আগবঢ়োৱা হ’ল-

মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। যিসকলে বিয়াৰ কথা ভাবি আছে, সেইসকলে সংগী পাব পাৰে। কোনো ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা। নতুন ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা। স্বাস্থ্য ভালে যাব।

বৃষ ৰাশিঃ আৰ্থিক দিশৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে ভাল। বিনিয়োগ কৰিলে আজি ভাল ফল পাব পাৰে। আইনী কাম কাজত লাভ হোৱাৰ সম্ভাৱনা। সাহিত্যক জগতৰ লগত জড়িতসকলে ভাল ফল পাব। চাকৰি বিচৰাসকলৰ বাবে দিনটো ভাল।

মিথুন ৰাশিঃ আজি কামৰ ক্ষেত্ৰত আপুনি কোনো নতুন সুযোগ লাভ কৰিব পাৰে। মানসিক অশান্তি হোৱাৰ সম্ভাৱনা। চাকৰিৰ ক্ষেত্ৰত নতুন অফাৰ লাভ কৰিব পাৰে। প্ৰেমত কোনো সমস্যা আহিব পাৰে। স্বাস্থ্য ভাল।

কৰ্কট ৰাশিঃ আজি মান-সন্মান বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ধন লাভৰ যোগ আছে। চাকৰিৰ স্থান সলনি হোৱাৰ সম্ভাৱনা। প্ৰেমত কোনো সমস্যা আহিব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় কটাব। দিনটো ভালে যাব।

সিংহ ৰাশিঃ আজি আপোনাৰ দিনটো ভাল। আৰ্থিক দিশটো ভাল হোৱাৰ সম্ভাৱনা। সন্তানৰ পৰা কোনো ভাল খবৰ পাব পাৰে। ৰাজনীতিৰ লগত জড়িতসকলে ভাল খবৰ পাব পাৰে। পদোন্নতিৰ যোগ আছে। প্ৰেমত শুভ। পৰিয়ালত অশান্তি হোৱাৰ সম্ভাৱনা।

কন্যা ৰাশিঃ আজি আপুনি কোনো চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। আয়ৰ যোগ আছে। কিন্তু আনক টকা ধাৰলৈ নিদিব। স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাই দেখা দিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ। আৰ্থিক স্থিতি কিছু ভাল হোৱাৰ সম্ভাৱনা।

তুলা ৰাশিঃ আজি আপোনাৰ নতুন বন্ধু লগ পাব পাৰে। কোনো দামী বস্তু আজি হেৰুৱাব পাৰে। স্বাস্থ্য সম্পৰ্কীয় সমস্যাই দেখা দিব পাৰে। আইনী কাম-কাজত সফলতা লাভ কৰিব। মানসিক অশান্তি হোৱাৰ সম্ভাৱনা। বাহন চলাওতে সাৱধান হোৱাৰ সম্ভাৱনা।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। মন ভালে থাকিব। ভাই-ভগ্নীৰ পৰা সুখ লাভ কৰিব। কাৰ্যক্ষেত্ৰত পদোন্নতিৰ যোগ আছে। টকা-পইচাৰ লেনদেন কৰাত সাৱধান হোৱা দৰকাৰ। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হোৱাৰ সম্ভাৱনা।

ধনু ৰাশিঃ আজি আপুনি পৰিশ্ৰমৰ ফল লাভ কৰিব। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে ভাল সময় কটাব। বিদেশী যাত্ৰাৰ যোগ আছে। ধনৰ ক্ষেত্ৰত সাৱধান হোৱা দৰকাৰ। বিবাহিতসকলৰ বাবে দিনটো ভাল। স্বাস্থ্যত গুৰুত্ব দিয়া প্ৰয়োজন। বিদেশ ভ্ৰমণৰ যোগ আছে।

মকৰ ৰাশিঃ আজি আপোনাৰ দিন ভাল-বেয়াৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনা। দিনটো ধৈৰ্য ধৰা দৰকাৰ। ব্যৱসায়ৰ ক্ষেত্ৰখন ভাল। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। খৰচ নিয়ন্ত্ৰণ কৰা দৰকাৰ। আত্মীয়ৰ পৰা কোনো বেয়া খবৰ লাভৰ সম্ভাৱনা।

কুম্ভ ৰাশিঃ আজিৰ দিনটোত কোনো সমস্যা আহিব পাৰে। নতুন ব্যৱসায়ৰ যোগ আছে। ঘৰত কোনো শুভ কাৰ্যৰ আয়োজন হোৱাৰ সম্ভাৱনা। স্বাস্থ্যৰ ক্ষেত্ৰত ধন খৰচ হোৱাৰ সম্ভাৱনা। চাকৰি সলনি হোৱাৰ সম্ভাৱনা। বিবাহৰ যোগ আছে।

মীন ৰাশিঃ আজিৰ দিনটোত আপোনাৰ কোনো সমস্যা আহিব পাৰে। নতুন কোনো প্ৰজেক্টৰ আৰম্ভণি কৰিব পাৰে। সুখ-সমৃদ্ধি হোৱাপ সম্ভাৱনা। সম্পত্তি ক্ৰয় কৰিব পাৰে। কৰ্মক্ষেত্ৰত পৰিকল্পনা অনুসৰি আগবঢ়া ভাল।