Today’s horoscope: আজিৰ দিনটো কেনে যাব আপোনাৰ? চাওক ৰাশিফল…
Today's horoscope: হিন্দু ধৰ্মত ৰাশিফলৰ গুৰুত্ব অধিক। ৰাশিফল ১২ টা। আজিৰ দিনটো কিছুমান ৰাশিৰ লোকৰ ধন লাভৰ যোগ আছে। কিছুমানৰ বাবে দিনটো অত্যন্ত ভাল।

আজি ৮ আগষ্ট শুকুৰবাৰ। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানে অলপ সাৱধানে থকা ভাল। তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-
মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। কৰ্মক্ষেত্ৰত আপোনাৰ লাভ উঠাব পাৰে। সাৱধান থাকিব। কোনো পুৰস্কাৰ লাভৰ সম্ভাৱনা। নিজৰ দায়িত্ব পূৰণ কৰাৰ চেষ্টা কৰিব। সম্পৰ্কত সমস্যা আহিব পাৰে। পুৰণি কোনো ৰোগে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সুখ-সন্মান বৃদ্ধি পাব পাৰে।
বৃষ ৰাশিঃ আজি আপুনি কোনো কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব পাৰে। বন্ধুৰ সমৰ্থন লাভ কৰিব। কোনো বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব। সংগীৰ সৈতে কাজিয়াৰ পৰা আঁতৰি থাকিব। অন্যথা সমস্যা আহিব পাৰে। ব্যৱসায়ত ভাল। আত্মবিশ্বাস বৃদ্ধি হোৱাৰ সম্ভাৱনা। চাকৰিৰ ক্ষেত্ৰত ভাল। স্বাস্থ্যত গুৰুত্ব দিব।
মিথুন ৰাশিঃ আজিৰ দিনটোত আপুনি আধ্যাত্মিক কামত জড়িত হ’ব পাৰে। খৰখেদাকৈ কোনো কাম কৰাৰ ফলত লোকচান হ’ব পাৰে। আনৰ পৰামৰ্শ লৈ সিদ্ধান্ত গ্ৰহণ নকৰিব। নিজে বস্তুবোৰ চিন্তা কৰি চাব। আপোনাৰ কোনো মনৰ ইচ্ছা পূৰণ হ’ব পাৰে। চৰকাৰী আঁচনিৰ পৰা লাভ হ’ব । ধন বৃদ্ধিৰ যোগ আছে। সম্পত্তি বৃদ্ধি হ’ব পাৰে।
কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব । পৰিয়ালৰ সদস্যৰ সৈতে হৈ থকা সমস্যা দূৰ হ’ব । আনক কথা কওতে সাৱধান হ’ব। চৰকাৰী আঁচনিৰ পৰা লাভ হ’ব । সুখেৰে দিনটো পাৰ হ’ব । ভ্ৰমণৰ সম্ভাৱনা আছে। সন্তানৰ অধ্যয়নক লৈ কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। স্বাস্থ্য ভাল।
সিংহ ৰাশিঃ আজিৰ দিনটোত আপোনাৰ পৰিশ্ৰম অধিক হ’ব পাৰে। প্ৰলোভনত নপৰিব। ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ সমস্যা আহিব পাৰে কামত ধৈৰ্য ধৰা ভাল। সন্তানৰ পক্ষৰ পৰা কোনো ভাল খবৰ লাভ কৰিব। মন অশান্ত থাকিব। প্ৰেমত কোনো সমস্যা আহিব পাৰে। ব্যৱসায়ত মন দিয়ক। স্বাস্থ্য ভাল।
কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব । কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব। জ্য়েষ্ঠজনে প্ৰশংসা কৰিব। পুৰস্কাৰ লাভ কৰিব পাৰে। ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে দিনটো ভাল। ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা আছে। পৰিয়ালৰ সমস্যা দূৰ হ’ব ।
তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সাধাৰণ হ’ব । কথা কওতে সাৱধান হ’ব । অফিচৰ কাম সময়মতে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব। মাতৃৰ স্বাস্থ্যত সমস্যাৰ সৃষ্টি হ’ব পাৰে। মন অশান্ত থাকিব। পৰিয়ালৰ সমস্যা দূৰ কৰাৰ চেষ্টা কৰিব। কোনো বিশেষ ব্যক্তিক লগ পাব। আলহীৰ আগমন হ’ব পাৰে। স্বাস্থ্য ভাল।
বৃশ্চিক ৰাশিঃ আজিৰ দিনটোত আপুনি ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰা দৰকাৰ। নতুন লোকৰ সৈতে চিনাকী হ’ব । ব্যৱসায়ত কোনো সমস্যা আহিব পাৰে। লক্ষ্য আগত ৰাখি আগবঢ়া প্ৰয়োজন। কোনো গুৰুত্বপূৰ্ণ তথ্য আহৰণৰ চেষ্টা কৰিব। অচিনাকী লোকক বিশ্বাসত নলব। স্বাস্থ্যত গুৰুত্ব দিব।
ধনু ৰাশিঃ আজিৰ দিনটোত আপোনাৰ মান-সন্মান বৃদ্ধি পাব পাৰে। সুখ-সুবিধা বৃদ্ধি পাব। ঘৰলৈ আলহী আহিব পাৰে। সকলোৰে বিশ্বাস জয় কৰাৰ চেষ্টা কৰিব। ভ্ৰমণৰ সম্ভাৱনা আছে। সংগীৰ ওপৰত কিছু গুৰুত্ব দিব। কাৰোবাক যদি প্ৰতিশ্ৰুতি দিছে সেয়া পূৰ কৰাৰ চেষ্টা কৰিব। স্বাস্থ্যত গুৰুত্ব দিব।
মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। বিভিন্ন কামত আপোনাৰ মন বহিব। জীৱনত উন্নতিৰ দিশলৈ গতি কৰিব। দাম্পত্য জীৱন সুখৰ হ’ব। মনৰ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত ডাঙৰ কাম লাভ কৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব পাৰে। হাতলৈ ধন অহাৰ সম্ভাৱনা আছে। স্বাস্থ্য ভাল।
কুম্ভ ৰাশিঃ আজিৰ দিনটোত আপোনাৰ দায়িত্ব বাঢ়িব। সতীৰ্থই কোনো কথাত বেয়া পাব পাৰে। খৰচ অত্যধিক হোৱাৰ সম্ভাৱনা আছে। দান কৰাৰ সম্ভাৱনা আছে। ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালত দায়িত্ব বাঢ়িব। কাৰোবাৰ সৈতে কাজিয়া হ’ব পাৰে। এই সমস্যাৰ পৰা দূৰত থাকক। স্বাস্থ্যত গুৰুত্ব দিয়ক।
মীন ৰাশিঃ আজিৰ দিনটোত আপোনাৰ আয় বৃদ্ধিৰ যোদ আছে। চাৰিওফালৰ পৰিবেশ সুখময় হ’ব । ব্যৱসায়িক ক্ষেত্ৰত সফলতা লাভ কৰিব। কোনো চুক্তি ফাইনেল হ’ব পাৰে। ধৰ্মীয় কামত মনোযোগ বাঢ়িব। আযৰ নতুন বাট মুকলি হ’ব। যাৰ বাবে আপুনি সুখী হ’ব । কোনো ডাঙৰ খবৰ লাভ কৰিব পাৰে। স্বাস্থ্য ভাল।