Today’s horoscope: দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল….
Today's horoscope: আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ বাবে প্ৰত্যাহ্বানমূলক হোৱাৰ সম্ভাৱনা আছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা।

আজি ৫ ছেপ্টেম্বৰ, শুকুৰবাৰ। আজিৰ দিনটোৰ ৰাশিফল তলত উল্লেখ কৰা হ’ল-
মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ‘ব। বন্ধুৰ সহায় লাভ কৰিব। পৰিয়াললৈ নতুন আলহী আহিব পাৰে। দিনটো সুখৰ হ’ব। শত্ৰুৰ পৰা সাৱধানে থাকিব। বিপৰীতস্থিতিত ধৈৰ্য ধৰি থাকিব। মনৰ কোনো ইচ্ছা পূৰণ হ’ব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।
বৃষ ৰাশিঃ আজি আপোনাৰ ধনৰ লগত জড়িত সমস্যাই দেখা দিব পাৰে। এই ক্ষেত্ৰত আনৰ সহায় লব লাগিব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। আইনী কামৰ পৰা আঁতৰত থকা ভাল। বেংকিঙত কৰ্মৰতসকলে ভাল ফল লাভ কৰিব। স্বাস্থ্য ভাল।
মিথুন ৰাশিঃ আজি আপুনি ব্যৱসায়ত সফলতা লাভ কৰিব। বন্ধুৰ সৈতে ভাল সময় কটাব। স্বাস্থ্যত গুৰুত্ব দিব। কোনো ৰোগ হ’ব পাৰে। কামক লৈ ব্যস্ততা বাঢ়িব। গতিকে সমস্যাৰ সৃষ্টি হ’ব পাৰে। চাকৰি কৰা সকলে কামৰ বাবে বাহিৰলৈ যাব পাৰে।
কৰ্কট ৰাশিঃ আজি আপুনি কথা কওতে সাৱধান হ’ব। সংগীৰ সৈতে ফুৰিবলৈ যাব পাৰে। পুৰণি কোনো বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে। সন্তানৰ পৰা ভাল ফল লাভ কৰিব। পাৰিবাৰিক সমস্যাৰ বাবে চিন্তিত হ’ব। কামৰ ক্ষেত্ৰত কোনো নতুন সমস্যা আহিব।
সিংহ ৰাশিঃ আজিৰ আপোনাৰ বাবে দিনটো সাধাৰণ হ’ব। ঘৰুৱা সমস্যা আলোচনাৰ দ্বাৰা সমাধান কৰাৰ চেষ্টা কৰিব। আলহী আহিব পাৰে। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। চাকৰিৰ ক্ষেত্ৰত পদোন্নতি লাভ কৰিব পাৰে। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। স্বাস্থ্য ভাল।
কন্যা ৰাশিঃ আজি আপোনাৰ আয় বৃদ্ধি পাব। চাকৰিয়ালসকলে ভাল খবৰ লাভ কৰিব। বিশেষ ব্যক্তিক লগ পাব পাৰে। আনক কোনো প্ৰয়োজনীয় তথ্য শ্বেয়াৰ নকৰিব। শত্ৰুৰ পৰা সাৱধানে থাকিব। বিদেশ যাব বিচৰাসকলৰ বাবে ভাল সুযোগ। স্বাস্থ্যত গুৰুত্ব দিব।
তুলা ৰাশিঃ কামৰ ক্ষেত্ৰত আনক নিৰ্ভৰ নকৰিব। আনৰ কথাত মাত নামাতিব। আৰ্থিক দিশটোত সমস্যা আহিব পাৰে। চাকৰিৰ লগতে অন্য ব্যৱসায় আৰম্ভ কৰিব পাৰে। ভ্ৰমণৰ যোগ আছে। নিজৰ ওপৰত গুৰুত্ব দিব। প্ৰেমত শুভ। স্বাস্থ্য ভালে যাব।
বৃশ্চিক ৰাশিঃ আজি আপোনাৰ দিনটো ভাল-বেয়াৰ মাজেৰে যাব। বাণিজ্যিক লৈ কোনো সমস্যা আহিব পাৰে। শিক্ষাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিব লাগে। কোনো কামত সমস্যা আহিব পাৰে। কাম ৰৈ যাব পাৰে। স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে।
ধনু ৰাশিঃ আজি আপোনাৰ দিনটো ভাল-বেয়াৰ মাজেৰে যাব। কৰ্মক্ষেত্ৰত ব্যস্ততা থাকিব। নিজৰ কাম আনৰ ওপৰত জাপি নিদিব। প্ৰেমত ভাল। পুৰনি কোনো লেনদেনৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে। চাকৰি কৰা লোকসকলে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। স্বাস্থ্য ভাল।
মকৰ ৰাশিঃ আজি আপোনাৰ দিনটো সুখময় হ’ব। প্ৰভাৱশালী লোকক লগ পাব। পৈত্ৰিক সম্পত্তি লাভৰ যোগ আছে। আয় বৃদ্ধি পাব। হাতলৈ ধন আহিব। কোনোৱে ঘৰ বা অন্য সম্পত্তি ক্ৰয় কৰিব পাৰে। আপোনাৰ মনৰ ইচ্ছা পূৰ হ’ব। ভাল খবৰ পাব পাৰে। স্বাস্থ্য ভালে যাব।
কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। আত্মবিশ্বাস বাঢ়িব। কাম সময়ত শেষ কৰাৰ চেষ্টা কৰিব। সন্তানে সফলতা লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত বন্ধুৰ পৰা সহায় লাভ কৰিব পাৰে। প্ৰেমত শুভ। দিনটো ব্যস্ত থাকিব। কোনো ভাল খবৰ লাভ কৰিব পাৰে। স্বাস্থ্য ভালে যাব।
মীন ৰাশিঃ আজি আপোনাৰ দিনটো প্ৰত্যাহ্বানমূলক হ’ব। সমস্যা বৃদ্ধি হ’ব পাৰে। আত্মীয়ক গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ নকৰিব। ব্যৱসায়ত চলি থকা সমস্যা দূৰ হ’ব। সংগীৰ সৈতে ভাল সময় কটাব। সন্মান বৃদ্ধি পাব। ৰাজনীতিৰ লগত জড়িত থকাসকলৰ বাবে দিনটো ভাল। স্বাস্থ্য ভাল।