শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Today’s Rashifal: ভাল নে বেয়া? আজিৰ দিনটো কেনে যাব আপোনাৰ, চাওক ৰাশিফল…

Today's Horoscope: জ্যোতিষ শাস্ত্ৰত ৰাশিফল ১২ টা। আজি কিছুমান ৰাশিৰ লোকৰ ধন লাভৰ যোগ আছে। ইয়াৰ বিপৰীতে কিছুমানৰ বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে। গতিকে জ্যোতিষ শাস্ত্ৰ অনুসৰি আপোনাৰ দিন কেনে যাব?

Today’s Rashifal: ভাল নে বেয়া? আজিৰ দিনটো কেনে যাব আপোনাৰ, চাওক ৰাশিফল…
ৰাশিফলImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 05 Dec 2025 06:00 AM

আজি ৫ ডিচেম্বৰ, শুকুৰবাৰ। আজিৰ দিনটোৰ ৰাশিফল তলত উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ কেৰিয়াৰৰ দিশৰ পৰা কিছু সমস্যা আহিব পাৰে। অফিচত সাৱধান থাকিব। দিনটো ভাল যাব। আৰ্থিক দিশৰ পৰা দিনটো ভাল হ’ব। ভাগ্যই লগ দিব। বৈবাহিক জীৱনত সমস্যা আহিব পাৰে। সিদ্ধান্ত লওতে সাৱধান হ’ব। সন্তানৰ ফালৰ পৰা ভাল ফল পাব পাৰে।

বৃষ ৰাশিঃ আজি আপুনি খৰচত নিয়ন্ত্ৰণ কৰা প্ৰয়োজন। আজিৰ দিনটো ভাল যাব। কোনো পৰিকল্পনা পূৰ হ’ব পাৰে। সফলতা লাভ কৰিব পাৰে। আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত ভালদৰে চলিব। স্বাস্থ্যত গুৰুত্ব দিয়া প্ৰয়োজন। প্ৰেমত শুভষ

মিথুন ৰাশিঃ আজি আপুনি সাৱধানে থকা ভাল। কৰ্মক্ষেত্ৰত অধিক হেঁচা পৰিব। মানসিক চাপ বাঢ়িব। খৰচ বৃদ্ধি পাব। পৰিয়ালত কোনো সলনি হ’ব পাৰে। চাকৰি কৰাসকলৰ বাবে দিনটো ভাল। আৰ্থিক লাভ হ’ব। স্বাস্থ্য ভালে থাকিব।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। ব্যৱসায়িক ক্ষেত্ৰত সফলতা লাভ কৰিব। বিনিয়োগৰ পৰা সফলতা লাভ কৰিব। আধৰুৱা কাম সম্পূৰ্ণ হ’ব। ধাৰ্মিক কামত মনোযোগ বাঢ়িব। সুখ-সুবিধা বৃদ্ধি পাব। সংগীৰ সৈতে ভাল।

সিংহ ৰাশিঃ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। চাকৰি কৰাসকলৰ বাবে দিনটো ভাল। মনৰ ইচ্ছা পূৰ হ’ব পাৰে। আৰ্থিক দিশৰ পৰ দিনটো ভাল। ধাৰলৈ দিয়া ধন ঘূৰাই পাব পাৰে। সন্তানৰ ফালৰ পৰা কিবা চিন্তা পাব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ।

কন্যা ৰাশিঃ আজিৰ দিনটো ভাল-বেয়াৰ মাজেৰে যাব। কিছুমান সমস্যাৰ পৰা মুক্তি লাভ কৰিব। নতুন কামত হাত দিব পাৰে। ব্যস্ততা বাঢ়িব। ব্যৱসায়ত সফলতা লাভ কৰিব। প্ৰেমত ধৈৰ্য ধৰি চলা দৰকাৰ। সংগীৰ সৈতে ভ্ৰমণত যোৱাৰ সম্ভাৱনা।

তুলা ৰাশিঃ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। শত্ৰুৰ পৰা সাৱধান থাকিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। খৰচত নিয়ন্ত্ৰণ ৰখা দৰকাৰ। সন্তানৰ পৰা সমস্যা দূৰ হ’ব। আৰ্থিক দিশত সাৱধান হোৱা দৰকাৰ। সমস্যা আহিব পাৰে।

বৃশ্চিক ৰাশিঃ আজি পৰিয়ালৰ সমৰ্থন লাভ কৰিব। দিনটো লাভজনক হ’ব। বৈবাহিক জীৱন সুখকৰ হ’ব। সন্তানৰ ফালৰ পৰা কোনো ডাঙৰ খবৰ লাভ কৰিব পাৰে। নতুন বস্তু ক্ৰয় কৰিব পাৰে। বাহন ক্ৰয়ৰ সপোন পূৰ হ’ব পাৰে। দিনটো ভাল।

ধনু ৰাশিঃ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। কোনো কাম সম্পূৰ্ণ হোৱাত বাধা আহিব পাৰে। ব্যৱসায়ত কোনো ভাল চুক্তি লাভ কৰিব পাৰে। বৈবাহিক জীৱনত সমস্যা আহিব পাৰে। সংগীৰ সৈতে কাজিয়াৰ সম্ভাৱনা। কৰ্মক্ষেত্ৰত সাৱধান থকা ভাল।

মকৰ ৰাশিঃ আজি আপোনাৰ বাবে দিনটো ভাল। আৰ্থিক উন্নতি হ’ব। কিন্তু খৰচত গুৰুত্ব দিয়া প্ৰয়োজন, ধন হানিৰ যোগ আছে। ভাগ্যই লগ দিব। মন ভালে থাকিব। চাকৰি লাভৰ সম্ভাৱনা আছে। প্ৰেমত শুভ। পৰিয়ালত কোনো সমস্যা আহিব পাৰে। কোনো ভাল খবৰ লাভ কৰিব পাৰে। স্বাস্থ্য ভাল।

কুম্ভ ৰাশিঃ আজিৰ দিনটো আপুনি অধিক পৰিশ্ৰম কৰিব লাগিব। সফলতা লাভৰ সম্ভাৱনা আছে। খৰচত নিয়ন্ত্ৰণ কৰা দৰকাৰ। সংগীৰ সৈতে সম্পৰ্ক ভাল হ’ব। ভাগ্যই লগ দিব। ধন লাভৰ যোগ আছে। কিন্তু স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাই দেখা দিব পাৰে। সম্পত্তি লাভৰ সম্ভাৱনা।

মীন ৰাশিঃ আজিৰ দিনটোত আপোনাৰ পৰিশ্ৰম অধিক হোৱাৰ সম্ভাৱনা। লক্ষ্য পূৰণ হোৱাৰ বাবে সুখী থাকিব। আৰ্থিক দিশত সফলতা লাভ কৰিব। খৰচত নিয়ন্ত্ৰণ কৰা দৰকাৰ। বিনিয়োগ কৰিলে ভাল ফল পাব পাকে। চাকৰি কৰসকলে কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। চাকৰি কৰাসকলে সাৱধান।