Today’s horoscope: মঙলবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…
Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব পাৰে।

আজি ২৭ মে’, মঙলবাৰ। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব? তলত ৰাশিফল আগবঢ়োৱা হ’ল-
মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সাধাৰণ হ’ব। কামৰ বাবে মনত নতুন ধাৰণাৰ সৃষ্টি হ’ব। ব্যৱসায়ৰ কামত ব্যস্ত থাকিব পাৰে। কিবা কাৰণে মনটো অশান্ত হৈ থাকিব পাৰে। প্ৰেমত ভাল। সংগীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পৰিয়ালত কোনো সমস্যাই গা কৰি দিব। স্বাস্থ্যত গুৰুত্ব দিব।
বৃষ ৰাশিঃ আজি আপুনি স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ। কোনো ৰোগ হ’ব পাৰে। সন্তানৰ ফালৰ পৰা কোনো বেয়া খবৰ পাব পাৰে। কৰ্মক্ষেত্ৰত ভাল। আনে আপোনাৰ প্ৰশংসা কৰিব। যাৰ বাবে আপুনি সুখী থাকিব। ৰাজনীতিত জড়িতসকলে অলপ সাৱধান হোৱা ভাল। শত্ৰুৰ পৰা সাৱধানে থাকিব, ক্ষতি হ’ব পাৰে।
মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। ধন-সম্পদ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কিন্তু ব্যৱসায়ত কোনোৱে বিশ্বাসঘাটকতা কৰিব পাৰে। অচিনাকী লোকক বিশ্বাস নকৰিব। সম্পদ ক্ৰয় কৰিলে কাগজ-পত্ৰ ভালদৰে চাই লোৱা দৰকাৰ। কাম কৰাৰ আগতে পৰিকল্পনা কৰা ভাল। স্বাস্থ্য ভাল। প্ৰেমত শুভ।
কৰ্কট ৰাশিঃ বাকী দিনৰ তুলনাত আজি আপোনাৰ দিনটো ভাল। পৰিয়ালৰ জ্যেষ্ঠজনৰ স্বাস্থ্যৰ গুৰুত্ব দিব। কোনো পুৰণি বন্ধু দীৰ্ঘদিনৰ অন্তত লগ পাব পাৰে। পৰিয়াললৈ কোনো নতুন আলহী আহিব পাৰে। প্ৰেমত শুভ। সংগীৰ পৰা কোনো উপহাৰ লাভ কৰিব পাৰে। ভ্ৰমণৰ যোগ আছে। শিক্ষাৰ্থীসকলৰ ভাল। স্বাস্থ্য ভাল।
সিংহ ৰাশিঃ আজিৰ দিনটো আপুনি সাৱধানে চলা দৰকাৰ। আপোনাৰ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব। ভৱিষ্যতক লৈ কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা। ধৰ্মীয় কামত ব্যস্ত হ’ব। বন্ধু-বান্ধৱৰ সৈতে ভাল সময় কটাব। স্বাস্থ্য ভাল।
কন্যা ৰাশিঃ আজি আপোনাৰ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। ভাই-ভগ্নীয়ে সমৰ্থন দিব। পৰিয়ালৰ কোনো লোকৰ বিবাহ ঠিক হ’ব পাৰে। নতুন ঘৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে যদি সেয়া আজি কৰিব পাৰে। স্বাস্থ্যলৈ কিছু সাৱধান হোৱা দৰকাৰ। প্ৰেমত শুভ। পৰিয়ালৰ সৈতে ভাল সময় কটাব।
তুলা ৰাশিঃ আজিৰ দিনটোত আপুনি খৰচৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ। পৰিয়ালৰ কোনো সদস্যই ধৰ্মীয় যাত্ৰাত যাব পাৰে। কৰ্মক্ষেত্ৰত সাৱধানে থাকিব। প্ৰয়োজনীয় তথ্য আনৰ আগত প্ৰকাশ নকৰিব। চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলে পঢ়াত গুৰুত্ব দিয়া ভাল। প্ৰেমত শুভ। স্বাস্থ্য ভালে যাব। চাকৰি বিচাৰি থকাসকলে চাকৰি পাব পাৰে।
বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। কৰ্মক্ষেত্ৰত কোনো ভাল খবৰ লাভ কৰিব। স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে। বাহন চলাওতে সাৱধান হোৱা দৰকাৰ। ব্যৱসায়ত সাৱধান হ’ব। কোনোৱে বিশ্বাসঘাটকতা কৰিব পাৰে। পৰিয়ালৰ সৈতে সময় কটাব চেষ্টা কৰিব। আয়ৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ।
ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। মান-সন্মান বৃদ্ধি পাব। পিতৃয়ে সম্পত্তি সন্দৰ্ভত কথা পাতিব পাৰে। ধন বৃদ্ধিৰ যোগ আছে, যাৰ বাবে সুখী হ’ব। দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো কাম সম্পূৰ্ণ হ’ব। দূৰ সম্পৰ্কীয় কোনো আত্মীয়ই সমস্যা সৃষ্টি কৰিব পাৰে। শিক্ষাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিয়া ভাল। স্বাস্থ্যত গুৰুত্ব দিব।
মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে প্ৰত্যাহ্বানমূলক হ’ব পাৰে। ব্যৱসায়ত কোনো ডাঙৰ লোকচান হ’ব পাৰে। সংগীৰ সহায় ল’ব লাগিব পাৰে। পৰিয়ালত কোনো সমস্যা আহিব পাৰে। আয়ৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ। এই মাহটোত ধনৰ সমস্যাই দেখা দিব পাৰে। কোনো কাম সম্পূৰ্ণ হ’ব পাৰে। চাকৰি বিচাৰি থকাসকলে ভাল খবৰ লাভ কৰিব। স্বাস্থ্য ভালে।
কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। ব্যৱসায়ত দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। অৱশ্যে খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। লোকচান হ’ব পাৰে। পৰিয়ালৰ বাবে সময় উলিয়াব। অন্যথা বিবাদ হ’ব পাৰে। সংগীৰ সৈতে সময় কটোৱা প্ৰয়োজন। স্বাস্থ্য ভালে থাকিব।
মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। আধ্যাত্মিক দিশত ৰুচি বাঢ়িব। কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে ভাল খবৰ লাভ কৰিব। সামাজিক কামত জড়িত হ’ব পাৰে। তেজৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব । ভ্ৰমণৰ যোগ আছে। কিন্তু কোনো ঠাইলৈ যোৱাৰ সময়ত সাৱধান হ’ব। প্ৰিয় বস্তু হেৰুৱাব পাৰে। স্বাস্থ্য ভাল।