শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Today’s horoscope: আজিৰ দিনটোৰ ৰাশিফলঃ চাওক কেনে যাব আপোনাৰ দিন…

Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটো কিছু ৰাশিৰ লোকৰ ধন লাভৰ যোগ আছে। আনহাতে কিছুমানৰ কোনো সমস্যাই দেখা দিব পাৰে।

Today’s horoscope: আজিৰ দিনটোৰ ৰাশিফলঃ চাওক কেনে যাব আপোনাৰ দিন…
আজিৰ ৰাশিফলImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 26 Sep 2025 06:00 AM

আজি ২৬ ছেপ্টেম্বৰ, শুকুৰবাৰ। আজিৰ দিনটোৰ ৰাশিফল-

মেঘ ৰাশিঃ আজি আপুনি কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে। ভাতৃৰ সমৰ্থন লাভ কৰিব। পাৰিবাৰিক সমস্যা আলোচনাৰে সমাধানৰ চেষ্টা কৰিব। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ লাভ কৰিব। খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। পৰিয়ালত কোনো সমস্যাই দেখা দিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়ক।

বৃষ ৰাশিঃ আজি আপুনি কিবা ভাল খবৰ লাভ কৰিব পাৰে। আধৰুৱা ইচ্ছা পূৰণ হ’ব পাৰে। পৰিয়ালৰ কোনো লোকৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। চাকৰি সলনি কৰা চিন্তা কৰিব পাৰে। কোনো ডাঙৰ দায়িত্ব লাভ কৰিব পাৰে। কাৰোবাৰ লগত কাজিয়া লাগিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক হ’ব। ব্যৱসায়ত সফলতা লাভ কৰিব। হাতলৈ ধন আহিব পাৰে। আৰ্থিক উন্নতি হ’ব পাৰে। পৰিয়ালত কোনো সমস্যা আহিব পাৰে। নতুন বাহন ক্ৰয় কৰিব পাৰে। পিতৃ-মাতৃৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব। আনৰ কথাত বিশ্বাস নকৰিব। আনৰ কথাই আঘাত দিব পাৰে। স্বাস্থ্য ভাল।

কৰ্কট ৰাশিঃ ধনৰ লেনদেনৰ ক্ষেত্ৰত আজি সাৱধান হোৱা ভাল। শিক্ষাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিয়া ভাল। ব্যৱসায়ীসকলে কোনো ডাঙৰ ডিল লাভ কৰিব পাৰে। পুৰণি লেনদেনে সমস্যা আনিব পাৰে। চাকৰিয়ালসকলৰ বাবে ভাল। পৰিশ্ৰমে ভাল ফল আনিব। কিবা নতুন কামে ভাল ফল দিব। স্বাস্থ্যত গুৰুত্ব দিয়া প্ৰয়োজন।

সিংহ ৰাশিঃ আজি আপোনাৰ বাবে দিনটো ভাল। কোনো বিশেষ ব্যক্তিক লাভ কৰিব পাৰে। দুৰ্ঘটনাৰ সম্ভাৱনা আছে। ধৰ্মীয় দিশটোত মনোযোগ বাঢ়িব। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ লাভ কৰিব। হাতলৈ ধন আহিব। আৰ্থিক উন্নতি হ’ব। সংগীৰ সৈতে কাজিয়া লাগিব পাৰে। স্বাস্থ্য ভাল।

কন্যা ৰাশিঃ আনৰ ওপৰত বিশ্বাস নকৰিব। কৰ্মক্ষেত্ৰত কোনো ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। চাকৰিৰ ক্ষেত্ৰত ভাল। দায়িত্ব লাভ কৰিব পাৰে। ভাগ্যই লগ দিব। ৰাজনীতিৰ লগত জড়িতসকল সাৱধান হোৱা ভাল। সিদ্ধান্ত লোৱাৰ ক্ষমতা ভাল হ’ব। ধৰ্মীয় কাম-কাজত মনোযোগ বাঢ়িব পাৰে। স্বাস্থ্য ভাল।

তুলা ৰাশিঃ আজি আপোনাৰ দায়িত্ব বাঢ়িব। মানসিকভাৱে অশান্তিত থাকিব পাৰে। উচ্চ শিক্ষাৰ যোগ আছে। ব্যৱসায়ত সফলতা লাভ কৰিব। ভ্ৰমণৰ সম্ভাৱনা আছে। সমাজৰ কামত ব্যস্ত হ’ব। প্ৰেমত শুভ। সংগীক লগ পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য ভালে যাব। কোনো ভাল খবৰ পাব পাৰে।

বৃশ্চিক ৰাশিঃ আইনী বিবাদ যদি চলি আছে তেন্তে সফলতা লাভ কৰিব। নতুন মানুহক লগ পাব। যি আপোনাৰ বাবে ভাল হ’ব। সন্তান চাকৰিৰ বাবে বাহিৰলৈ যাব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। নিজৰ কামৰ বাবে আনৰ ওপৰত বেছি ভৰসা নকৰিব। সমস্যা আহিব পাৰে। স্বাস্থ্য ভাল।

ধনু ৰাশিঃ আজি আপুনি ধন খৰচ কৰাৰ ক্ষেত্ৰত সাৱধান হ’ব লাগিব। প্ৰেমত শুভ। সন্তানৰ ভাল। হাতলৈ ধন আহিব। আয়ৰ নতুন বাট মুকলি হ’ব। বন্ধুৰ সৈতে ভাল সময় কটাব পাৰে। স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে। গতিকে সাৱধান হোৱা ভাল। টকা-পইচাৰ লেনদেনত সাৱধান।

মকৰ ৰাশিঃ আৰ্থিক দিশৰ পৰা আজিৰ দিনটো ভাল। ৰাজনীতিৰ লগত জড়িতসকলে ভাল খবৰ লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। ভ্ৰমণৰ সম্ভাৱনা আছে। আনৰ কথাত বিশ্বাস নকৰিব। শত্ৰুই আপোনাৰ কোনো সমস্যাৰ সৃষ্টি কৰিব পাৰে। নতুন ঘৰ ক্ৰয় কৰিব পাৰে। স্বাস্থ্য ভাল।

কুম্ভ ৰাশিঃ আজি আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা ভাল হ’ব। সংগীয়ে আপোনাক সহযোগ কৰিব। ঘৰুৱা সমস্যাই দেখা দিব পাৰে। মাতৃয়ে কোনো দায়িত্ব লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত নতুন তথ্য লাভ কৰিব পাৰে। কিবা দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। সামাজিক অনুষ্ঠানত অংশ লোৱাৰ সম্ভাৱনা। স্বাস্থ্য ভাল।

মীন ৰাশিঃ আজি আপোনাৰ সম্পদ বৃদ্ধিৰ যোগ আছে। বিনিয়োগ কৰাৰ বাবে দিনটো ভাল। নতুন মানুহক লগ পাব পাৰে। কাৰোবাৰ লগত কাজিয়া হ’ব পাৰে। আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ চেষ্টা কৰিব। সামাজিক দিশত মান-সন্মান বৃদ্ধি পাব। চাকৰিত পদোন্নতি হ’ব পাৰে। ধৰ্মীয় কামত মনোযোগ বাঢ়িব।