Today’s horoscope: কাৰ ভাল, কাৰ বেয়া? আজিৰ দিনটো কেনে যাব আপোনাৰ? চাওক ৰাশিফল…
Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব পাৰে।

আজি ২৩ মে’, শুকুৰবাৰ। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজিৰ দিনটো কাৰ কেনে যাব। তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-
মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। সুস্থ মগজুৰে কোনো সিদ্ধান্ত লব পাৰিব। চাকৰি বিচাৰি থকাসকলে ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ত ভাল। পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। ভ্ৰমণ সম্ভাৱনা আছে। শত্ৰুৰ পৰা সাৱধানে থাকিব। স্বাস্থ্য ভাল।
বৃষ ৰাশিঃ আজিৰ দিনটোৱে আপোনাৰ বাবে ভাল ফলাফল লৈ আনিব। আজি আপোনাৰ মান-সন্মান বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যদি কোনো কামকলৈ পৰিকল্পনা কৰিছে ভাল ফলাফল পাব। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ৰ বাবে কোনো নতুন মানুহক লগ পাব পাৰে। লাভ হ’ব। স্বাস্থ্য ভাল।
মিথুন ৰাশিঃ আৰ্থিক দিশৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে ভাল। ব্যৱসায়ত কোনো ভাল ফল আহিব পাৰে। ভ্ৰমণৰ যোগ আছে। পৰিয়ালৰ লোকে কোনো নতুন দায়িত্ব দিব পাৰে। পৰিয়ালকত কোনো সমস্যা আহিব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ কৰিব । প্ৰেমত শুভ। স্বাস্থ্য ভালে যাব।
কৰ্কট ৰাশিঃ আজিৰ দিনটোত আপোনাৰ মান-সন্মান বৃদ্ধি পাব। কোনো কামৰ বাবে দূৰলৈ যাব লাগিব পাৰে। আইনী বিষয়ক কামত সাৱধান হ’ব । অন্যথা লোকচান হ’ব পাৰে। নতুন সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা আছে। আজি কোনো কাম কৰিলে পৰিয়ালৰ সমৰ্থন লাভ কৰিব। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিব।
সিংহ ৰাশিঃ আজিৰ দিনটোত আপোনাৰ অত্যাধিক খৰচ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত কিছু সাল-সলনি কৰা দৰকাৰ। সন্তানে কোনো ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। অৱশ্যে কোনো কথাক লৈ মন অশান্ত হৈ থাকিব পাৰে। কৰ্মক্ষেত্ৰত ভাল। পদোন্নতিৰ সম্ভাৱনা আছে। খাদ্যত গুৰুত্ব দিয়ক। অন্যথা স্বাস্থ্য বেয়া হ’ব পাৰে।
কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে কিছু প্ৰত্যাহ্বামূলক হ’ব পাৰে। আনৰ কথাত বেছি গুৰুত্ব নিদিব। অন্যথা চিন্তা বৃদ্ধি হ’ব পাৰে। কৰ্মক্ষেত্ৰত সাৱধান হওক। কোনোৱে কিবা ষড়যন্ত্ৰ কৰিব পাৰে। কোনো কাম খৰখেদাকৈ নকৰিব, অন্য়থা লোকচান হ’ব পাৰে। বাহন চলাওতে সাৱধান হ’ব । স্বাস্থ্যত গুৰুত্ব দিব।
তুলা ৰাশিঃ আজিৰ দিনটো আপুনি কিছু সাৱধানে চলিব লাগিব। অচিনাকী লোকৰ পৰা আঁতৰত থাকিব। ব্যৱসায় আৰম্ভ কৰাৰ আগতে চিন্তা কৰিব। সন্তানৰ ফালৰ পৰা কোনো বেয়া খবৰ পাব পাৰে। কোনো সম্পত্তিত টকা বিনিয়োগ কৰিলে ভৱিষ্যতে ভাল ফল লাভ কৰিব। পৰিয়ালৰ সৈতে ভাল। স্বাস্থ্যত গুৰুত্ব দিব।
বৃশ্চিক ৰাশিঃ আজিৰ দিনটো কোনো কাম কৰিলে ভাবি চিন্তি কৰিব। পৰিয়ালৰ কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। পৰিয়ালৰ কোনো লোকৰ কেৰিয়াৰক লৈ যদি চিন্তিত হৈ আছে, তেন্তে তেওঁ চাকৰি লাভ কৰিব পাৰে। মান-সন্মান বৃদ্ধি হ’ব। সুখী থাকিব দিনটো। স্বাস্থ্য ভাল।
ধনু ৰাশিঃ ব্যৱসায়িক দৃষ্টিকোনৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে ভাল। পাবলগীয়া ধন ঘূৰাই পাব। কোনো কাম সম্পূৰ্ণ হ’ব, যাৰ বাবে সুখী থাকিব আপুনি। পৰিয়ালৰ হকে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰিব। সংগীৰ সৈতে সমস্যা আহিব পাৰে। গতিকে কথা কওতে সাৱধান। স্বাস্থ্য ভাল।
মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ব্যস্ততাপূৰ্ণ হ’ব। বাদ-বিবাদৰ পৰা আঁতৰি থাকিব। অন্যথা সমস্যা বৃদ্ধি পাব পাৰে। পৈত্ৰিক সম্পত্তিৰ বাবে বিবাদ হোৱাৰ সম্ভাৱনা। কোনো কাম সম্পূৰ্ণ হ’ব। মনত কোনো কামক লৈ ভয় থাকিলে সেই কামৰ পৰা আঁতৰি থাকিব। আৰ্থিক দিনটো ভাল-বেয়াৰ মাজেৰে চলিব। স্বাস্থ্য ভাল।
কুম্ভ ৰাশিঃ আজিৰ দিনটোত আপোনাৰ কোনো লোকচান হ’ব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়া প্ৰয়োজন। কোনো কথাক লৈ মন অশান্তি হৈ থাকিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ লগত মতানৈক্য থাকিলে আলোচনাৰ জৰিয়তে সমাধান কৰিব। সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব। প্ৰেমত ভাল।
মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে যাব। কোনো শাৰীৰিক সমস্যা হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত লোকচান হ’ব পাৰে। যাৰ বাবে আপুনি চিন্তিত হ’ব। ধনৰ সমস্যাই দেখা দিব পাৰে। সংগীৰ সৈতে ভালদৰে সময় কটাব চেষ্টা কৰিব । কোনো কাম সময়মতে পূৰণ কৰা আৱশ্যকয