শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s horoscope: শুকুৰবাৰৰ দিনটো কাৰ ভাল-কাৰ বেয়া? চাওক আজিৰ ৰাশিফল…

Today's horoscope: জ্যোতিষ শাস্ত্ৰত ৰাশিফলৰ মহত্ব অধিক। ৰাশিফল ১২ টা। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ বাবে ভাল-বেয়া হোৱাৰ সম্ভাৱনা আছে।

Today’s horoscope: শুকুৰবাৰৰ দিনটো কাৰ ভাল-কাৰ বেয়া?  চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: GettyImage
barasha-sarma
Barasha Sarma | Published: 20 Jun 2025 06:00 AM

আজি ২০ জুন, শুকুৰবাৰ। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব? তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ আজি আপোনাৰ কথা-বতৰা আৰু আচৰণৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব। ব্যৱসায়ত লাভ পাব। যদি আপুনি আপোনাৰ চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেন্তে এতিয়াৰ বাবে স্থগিত ৰাখক। আৰ্থিক দিশৰ পৰা আজি আপোনালোকৰ বাবে এটা ভাল দিন হ’ব। সংগীৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা। স্বাস্থ্য ভাল।

বৃষ ৰাশিঃ আজিৰ দিনটোত আপুনি সম্পত্তিৰ লেনদেন কৰিলে সকলো দিশৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। অচিনাকীৰ লগত লেনদেন নকৰিব। পিতৃৰ উপদেশ অনুসৰি কাম কৰিব। কৰ্মক্ষেত্ৰত ব্যস্ততা বহু বৃদ্ধি পাব। সংগীৰ সৈতে প্ৰয়োজনীয়া কথা পাতিব পাৰে। পুৰণি কথাই অশান্তি দিব পাৰে। স্বাস্থ্য ভাল।

মিথুন ৰাশিঃআজি আপোনাৰ বাবে এটা ভাল দিন হ’ব। চৰকাৰী চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে। চাকৰিৰ বাবে অন্য ঠাইলৈ যাব লাগিব পাৰে। আপোনাৰ পৰিকল্পনাই সফলতা লাভ কৰিব। সন্তানৰ কেৰিয়াৰক লৈ চিন্তিত হোৱাৰ সম্ভাৱনা আছে। কোনো আৰ্তজনক সহায় কৰাৰ সুযোগ পালে প্ৰয়োজনীয় কাম কৰক। স্বাস্থ্য ভাল।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক হ’ব। ব্যৱসায়ৰ ক্ষেত্ৰত ভাল খবৰ লাভ কৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। সুখী হ’ব। নতুন চাকৰি লাভ কৰিব পাৰে। আনক ধন ধাৰলৈ নিদিব। ঘৰলৈ আলহী আহিব পাৰে। চৰকাৰী দিশত ধন খৰচৰ সম্ভাৱনা আছে। স্বাস্থ্যত গুৰুত্ব দিবষ

সিংহ ৰাশিঃ আজি আপোনাৰ কোনো মনৰ ইচ্ছা পূৰণ হ’ব। আজি আপুনি কোনো বাহন ক্ৰয় কৰিব পাৰে। সামাজিক ক্ষেত্ৰত জড়িত থকাসকলৰ বাবে দিনটো ভাল। আনৰ কথাত হস্তক্ষেপ নকৰিব। বাহন চলাওতে সাৱধান হ’ব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। কামত সতীৰ্থৰ সহায় লাভ কৰিব। স্বাস্থ্য ভাল।

কন্যা ৰাশিঃ আজি আপুনি স্বাস্থ্যত গুৰুত্ব দিয়া আৱশ্যক। অন্যথা সমস্যা আহিব পাৰে। কৰ্মক্ষেত্ৰত খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। বিপৰীত স্থিতি ধৈৰ্য ধৰা আৱশ্যক। চাকৰিক জ্যেষ্ঠজনৰ সৈতে সম্পৰ্ক ভাল হ’ব। দায়িত্ব এৰাই নচলিব। বিদেশত বাণিজ্য কৰা সকলৰ বাবে দিনটো ভাল। ভ্ৰমণৰ যোগ।

তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। ধৰ্মীয় কামত মন বাঢ়িব। প্ৰেমত শুভ। সংগীৰ সৈতে ভাল সময় কটাব পাৰে। সামাজিক ক্ষেত্ৰত জড়িত হ’ব পাৰে। কোনো ক্ষেত্ৰত দায়িত্ব এৰাই নচলিব। সমস্যা আহিব পাৰে। সম্পত্তি ক্ৰয়ৰ যোগ আছে। পৰিয়ালৰ সৈতে ভাল সময় কটাব। স্বাস্থ্য ভাল।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। লেনদেনত সাৱধান হোৱা দৰকাৰ। পুৰণি বন্ধুক বহু দিনৰ পাছত লগ পাব পাৰে। সুখী হ’ব। পৰিয়ালৰ কোনো সদস্যই বঁটা লাভ কৰিব পাৰে। ভাই-ভগ্নীৰ সৈতে সম্পৰ্ক ভাল। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। স্বাস্থ্য ভাল।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। কামক লৈ চিন্তা বৃদ্ধি হ’ব পাৰে। খৰচ অধিক হোৱাৰ সম্ভাৱনা আছে,অৱশ্যে আৰ্থিক দিশৰ পৰা দিনটো ভাল।। কোনো বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা। চাকৰি বিচাৰি থকাসকলে ভাল খবৰ লাভ কৰিব। নতুন চাকৰি লাভৰ সম্ভাৱনা । স্বাস্থ্য ভাল।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ব্যস্ততাৰে ভৰা হ’ব। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। আয় বৃদ্ধিৰ যোগ আছে। সুখী হ’ব। মনপচন্দৰ ভোজন লাভ কৰিব। কোনো বিশেষ ব্যক্তিক লগ পাব। ভ্ৰমণৰ যোগ আছে। আত্মীয়ৰ কোনো কথাই মনত দুখ দিব পাৰে। কোনো নতুন কাম কৰাৰ চেষ্টা। স্বাস্থ্যত গুৰুত্ব দিব।

কুম্ভ ৰাশিঃ আজি আপোনাৰ মৰ্যাদা আৰু প্ৰতিপত্তি বৃদ্ধিৰ দিন হ’ব। বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টি কৰাৰ পৰিকল্পনা কৰিব পাৰে।আপোনাৰ কামত আপোনাৰ ভাই-ভনীৰ সম্পূৰ্ণ সমৰ্থন পাব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত অসাৱধানতা পৰিহাৰ কৰিব লাগে। সন্তানৰ ফালৰ পৰা চিন্তা বাঢ়িব। স্বাস্থ্যত গুৰুত্ব দিয়ক।

মীন ৰাশিঃ আজি আপোনাৰ বাবে এক সুখৰ দিন হ’ব।কৰ্মক্ষেত্ৰত নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰিব। ৰাজনীতিত জড়িতসকলৰ বাবে দিনটো ভাল। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলক ভ্ৰমণলৈ লৈ যাব পাৰে। পৰিয়ালৰ সৈতে থকা সমস্যা সমাধান হোৱাৰ সম্ভাৱনা। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা লোকসকলে হয়তো কিছু ভাল খবৰ শুনিবলৈ পাব।