শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s horoscope: শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Today's horoscope: আজিৰ দিনটোত কিছুমান ৰাশিৰ লোকৰ চাকৰি লাভৰ যোগ আছে। ইয়াৰ বিপৰীতে কিছুমানে সাৱধান হৈ থকা ভাল। জ্যোতিষ শাস্ত্ৰত ৰাশিফল ১২ টা। প্ৰতিটো ৰাশিৰে বেলেগ বেলেগ যোগ আছে।

Today’s horoscope: শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: GettyImage
barasha-sarma
Barasha Sarma | Published: 01 Aug 2025 06:00 AM

আজি ১ আগষ্ট শুকুৰবাৰ। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানে অলপ সাৱধানে থকা দৰকাৰ। তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ আজিৰ দিনটোত আপোনাৰ দায়িত্ব বাঢ়িব। নিজৰ কাম আনক নিদিব। বিপৰীতি স্থিতি ধৈৰ্য ধৰি থাকিব। সংগীৰ সমৰ্থন লাভ কৰিব। সংগীয়ে কোনো নতুন চাকৰি লাভ কৰিব পাৰে। কেৰিয়াৰক লৈ ডাঙৰ সিদ্ধান্ত লব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হব।সম্পত্তি ক্ৰয় কৰিব পাৰে। স্বাস্থ্য ভাল।

বৃষ ৰাশিঃ আজিৰ দিনটোত আপোনাৰ অত্যধিক পৰিশ্ৰম হ’ব। ব্যক্তিগত জীৱনত সফলতা লাভ কৰিব। কাজিয়াৰ পৰা আঁতৰি থাকক। মিত্ৰ শত্ৰুলৈ ৰূপান্তৰিত হ’ব পাৰে। অফিচত জ্যেষ্ঠজনে পৰামৰ্শ দিব। পৰিশ্ৰম কৰিলে ভাল ফল লাভ কৰিব। সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব। স্বাস্থ্য ভাল।

মিথুন ৰাশিঃ আজিৰ দিনটোত আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলৰ পঢ়াত মন বহিব। খৰচৰ ওপৰত গুৰুত্ব দিব। অন্য লোক আপোনাৰ দ্বাৰা প্ৰভাৱিত হ’ব। বুদ্ধিৰে সিদ্ধান্ত গ্ৰহণ কৰিব। কৰ্মক্ষেত্ৰত ভাল ফল লাভ কৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। আনক ধন ধাৰলৈ দিয়াৰ আগত চিন্তা কৰিব। স্বাস্থ্য ভাল।

কৰ্কট ৰাশিঃ আজিৰ দিনটোৱে আপোনাৰ বাবে ইতিবাচক ফল লৈ আহিব। পাৰিবাৰিক দিশত আনৰ পৰামৰ্শ গ্ৰহণ নকৰিব। পৰিয়ালত ভাল সময় কটাব। সন্তানৰ যদি কিবা সমস্যা আছে তেন্তে সমাধান কৰাৰ চেষ্টা কৰক। নতুন বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে। দূৰৰ সম্পৰ্কীয়ৰ পৰা বেয়া খবৰ পাব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়ক।

সিংহ ৰাশিঃ আজিৰ দিনটোত নতুন সম্পৰ্কৰ পৰা লাভ আহিব। মনোবল বৃদ্ধি। নিজৰ কামক লৈ কোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। সন্তানৰ সৈতে ভাল সময় কটাব। ভ্ৰমণৰ পৰিকল্পনা তৈয়াৰ কৰিব পাৰে। চাকৰিৰ ক্ষেত্ৰত ভাল খবৰ লাভ কৰিব পাৰে। পৰিয়ালৰ সমৰ্থন লাভ কৰিব। স্বাস্থ্য ভালে যাব।

কন্যা ৰাশিঃ আজিৰ দিনটো আপুনি সাৱধানে চলা ভাল। আপোনাৰ কোনো কামত সমস্যা আহিব পাৰে। কথা কওতে সাৱধান। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। অবিবাহিতসকলৰ জীৱনলৈ কোনোবা আহিব পাৰে। আয়ৰ ওপৰত গুৰুত্ব দিব। কিছু সমস্যা আহিব পাৰে। চাকিৰৰ ক্ষেত্ৰত সাৱধান থাকিব। স্বাস্থ্যত গুৰুত্ব দিব।

তুলা ৰাশিঃ আজিৰ দিনটোত ব্যৱসায়ত কোনো পৰিবৰ্তন আহিব। মান-সন্মান বৃদ্ধি পাব। ভাল কামৰ বাবে পুৰস্কাৰ লাভ কৰিব পাৰে। পৰিয়ালক কোনো ধৰ্মীয় কামৰ আয়োজন হ’ব পাৰে। চাকৰিৰ ক্ষেত্ৰত ট্ৰান্সফাৰ হ’ব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় কটাব। প্ৰেমত শুভ। ভ্ৰমণৰ সম্ভাৱনা আছে। স্বাস্থ্য ভাল।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে প্ৰত্যাহ্বানমূলক হ’ব। কাম কৰোতে মনোযোগ দিব। ঘৰলৈ আলহী আহিব পাৰে। পৰিয়ালৰ লোক সুখী হ’ব। পৰিয়ালে সমস্যাৰ পৰা মুক্তি পাব। আপোনাৰ ওপৰত যদি ধাৰ আছে তেন্তে সেয়া কমিব পাৰে। চাকৰিত গুৰুত্ব দিয়ক। স্বাস্থ্য ভাল।

ধনু ৰাশিঃ আজিৰ দিনটোত আপুনি ভাবি-চিন্তি কাম কৰা উচিত। আপুনি নিজৰ কামত গুৰুত্ব দিয়া প্ৰয়োজন। আনৰ কথাত মাত নামাতিব। ধৰ্মীয় অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাৰে। ধন বৃদ্ধি হ’ব। মনোবল বৃদ্ধি হ’ব। ডাঙৰ সিদ্ধান্ত লওতে চিন্তা কৰিব। মনত কিছু অশান্তি থাকিব পাৰে। কামত গুৰুত্ব দিব। স্বাস্থ্য ভাল।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। সতীৰ্থৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। আইনী ক্ষেত্ৰত সফলতা লাভ কৰিব। খৰচ অধিক হোৱাৰ সম্ভাৱনা আছে। ভ্ৰমণৰ সম্ভাৱনা আছে। প্ৰেমত শুভ। কামৰ ক্ষেত্ৰত সংগীৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ যোগ আছে। স্বাস্থ্য ভাল।

কুম্ভ ৰাশিঃ আজিৰ দিনটো আপুনি ধৰ্মীয় কামত জড়িত থাকিব। বন্ধুৰ সমৰ্থন লাভ কৰিব। খৰখেদাকৈ সিদ্ধান্ত গ্ৰহণ নকৰিব। সন্তানক কোনো দায়িত্ব দিব পাৰে। পৰিয়ালত সমস্যা আহিব পাৰে। সেইবোৰ সমাধান কৰাৰ চেষ্টা কৰিব। সময়মতে কাম কৰিব। চৰকাৰী চাকৰিয়ালসকলে ট্ৰান্সফাৰ লাভ কৰিব পাৰে।

মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। জ্যেষ্ঠজনক সন্মান কৰিব। লাগতিয়াল বিষয়ত গুৰুত্ব দিয়া আৱশ্যক। সিদ্ধান্ত লোৱাৰ আগতে জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক। ধনৰ ক্ষেত্ৰত সাৱধান হ’ব। লোকচান হ’ব পাৰে। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে।