শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s horoscope: আজিৰ দিনটোত কাৰ হ’ব আৰ্থিক উন্নতি? চাওক ৰাশিফল…

Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটো কৰ্কট আৰু মিথুন ৰাশিৰ বাবে ভাল। ইয়াৰ বিপৰীতে কিছু ৰাশিৰ লোকে সাৱধান হোৱা ভাল।

Today’s horoscope:  আজিৰ দিনটোত কাৰ হ’ব আৰ্থিক উন্নতি? চাওক ৰাশিফল…
ৰাশিফলImage Credit source: GettyImage
barasha-sarma
Barasha Sarma | Published: 12 Sep 2025 06:00 AM

আজি ১২ ছেপ্টেম্বৰ, ২০২৫। আজিৰ দিনটোৰ ৰাশিফল-

মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সুখৰ হব। যিকোনো কামত সংগীৰ সমৰ্থন লাভ কৰিব। আয় বৃদ্ধি পাব। আয়ৰ নতুন বাট মুকলি হ’ব। ধন বিনিয়োগ কৰা সময়ত সাৱধান হ’ব। সম্পত্তিক লৈ চলি থকা বিবাদ দূৰ হ’ব। পৰিয়ালত কাৰোবাৰ বিয়া ঠিক হ’ব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় কটাব। স্বাস্থ্যত গুৰুত্ব দিব।

বৃষ ৰাশিঃ আজিৰ দিনটো আপুনি আনৰ উপকাৰ কৰাত ব্যস্ত থাকিব। কৰ্মক্ষেত্ৰত কোনো সমস্যা আহিলে সেয়া আলোচনাৰে সমাধান কৰিব পাৰিব। সম্পৰ্ক উন্নত হ’ব। খৰচ অধিক হোৱাৰ সম্ভাৱনা আছে। কোনো কথাক লৈ মন চিন্তিত হ’ব পাৰে। পৰিশ্ৰমৰ পৰা ভাল ফল লাভ কৰিব। প্ৰেমত শুভ। স্বাস্থ্য ভালে যাব।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। পৰিশ্ৰমৰ ফলত ডাঙৰ সফলতা লাভ কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ বিদেশ ভ্ৰমণৰ যোগ আছে। ব্যৱসায়ৰ ক্ষেত্ৰত ভাল। কামে গতি লাভ কৰিব। এলাহৰ পৰা আঁতৰি থাকক। চাকৰি কৰাসকলে ভাল খবৰ পাব পাৰে। প্ৰেমত ভাল-বেয়াৰ মাজেৰে চলিব। স্বাস্থ্যত গুৰুত্ব দিব।

কৰ্কট ৰাশিঃ আজিৰ দিনটোত আপোনাৰ উন্নতিৰ যোগ আছে। কোনো অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাৰে। সংগীৰ সৈতে অলপ সাৱধানে থাকিব। কাজিয়াৰ পৰা আঁতৰি থাকিব। শত্ৰুৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে। মন অশান্তি হৈ থাকিব। পৈত্ৰিক সম্পত্তিৰ বাবে বিবাদ হ’ব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

সিংহ ৰাশিঃ আজিৰ দিনটোত আপোনাৰ কোনো লোকচান হোৱাৰ সম্ভাৱনা আছে। সকলো কাম চাই-চিতি কৰাৰ প্ৰয়োজন। আনৰ কথাত বেছি মাত নামাতিব। আনৰ কথাত মন বেয়া লাগিব পাৰে। দীৰ্ঘদিন ধৰি পাবলগীয়া টকা ঘূৰাই পাব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় কটোৱাৰ চেষ্টা কৰিব। স্বাস্থ্যত গুৰুত্ব দিব।

কন্যা ৰাশিঃ আজি আপুনি অযথা খৰচৰ ওপৰত নিয়ন্ত্ৰণ কৰিব লাগিব। চাকৰি বিচাৰি থকাসকলে ভাল খবৰ লাভ কৰিব পাৰে। পৰিয়াললৈ কোনো আলহী আহিব পাৰে। কথা কওতে সাৱধান হ’ব। বাহন চলাওতে সাৱধান হ’ব। শিক্ষাৰ্থীসকলে পঢ়াত গুৰুত্ব দিয়া প্ৰয়োজন। প্ৰেমত শুভ। স্বাস্থ্য ভাল।

তুলা ৰাশিঃ আজিৰ দিনটোৱে আপোনাৰ বাবে ভাল ফল লৈ আনিব। সতীৰ্থই কোনো দায়িত্ব দিব পাৰে। চৰকাৰী চাকৰিৰ প্ৰস্তুতি কৰাসকলৰ বাবে দিনটো ভাল। ব্যৱসায়ত অত্যধিক লাভ হ’ব। আয় আৰু ব্যয়ৰ ওপৰত গুৰুত্ব দিব। চাকৰিত পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়তো ভাল। স্বাস্থ্য ভাল।

বৃশ্চিক ৰাশিঃ আজি আপোনাৰ বাণিজ্য়ৰ ক্ষেত্ৰত ভাল যোগ আছে। আপোনাৰ কোনো মনৰ ইচ্ছা পূৰণ হ’ব পাৰে। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। কোনো ব্য়ক্তিৰ সহায় লাভ কৰিব। ভাবি-চিন্তি নতুন কামত হাত দিব। আয়ৰ নতুন বাট মুকলি হ’ব। যাক লৈ আপুনি সুখী থাকিব। স্বাস্থ্য ভাল।

ধনু ৰাশিঃ আজিৰ দিনটোত আপোনাৰ অধিক খৰচ হোৱাৰ সম্ভাৱনা আছে। সামাজিক কামত আগবাঢ়িব। আপোনাৰ কোনো স্বাস্থ্য সম্পৰ্কীয় সমস্যাই দেখা দিব পাৰে। সম্পত্তি লাভৰ সম্ভাৱনা আছে। কোনো প্ৰয়োজনীয় তথ্য আনৰ আগত শ্বেয়াৰ নকৰিব। প্ৰেমত শুভ। পৰিয়ালৰ সৈতে ভাল। বিশেষকৈ স্বাস্থ্যত গুৰুত্ব দিব।

মকৰ ৰাশিঃ আজিৰ দিনটোত আপুনি সফলতা লাভ কৰিব। পাৰিবাৰিক জীৱন সুখকৰ হ’ব। ভাই-ভগ্নীৰ সম্পৰ্ক মজবুত হ’ব। সংগীৰ পৰা কোনো উপহাৰ লাভ কৰিব পাৰে। ব্যৱসায়ত পাবলগীয়া ধন ঘূৰাই পাব। কোনো কথাত আনৰ ওপৰত বিশ্বাস নকৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। কোনো মানুহে অশান্তি দিব পাৰে।

কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। সুখ-সুবিধা বৃদ্ধি হ’ব। যাৰ বাবে আপুনি সুখী হ’ব। বৈবাহিক জীৱন ভালদৰে ৰখাৰ চেষ্টা কৰিব। সন্তানৰ কেৰিয়াৰৰ প্ৰতি থকা চিন্তা দূৰ হ’ব। মাতৃয়ে যদি কোনো দায়িত্ব দিয়ে তেন্তে সেয়া পূৰ কৰাৰ চেষ্টা কৰিব। শিক্ষাৰ্থীসকলৰ বাবে ভাল। স্বাস্থ্য ভাল।

মীন ৰাশিঃ আজি আপোনাৰ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব পাৰে। নতুন প্ৰত্যাহ্বান আহিব পাৰে। ব্যৱসায়ত সাৱধান হওক। সকলো কথাতে আনক বিশ্বাস নকৰিব। সংগীৰ কোনো চাকৰি সম্পৰ্কীয় সমস্যা দূৰ হ’ব। পুৰণি কোনো কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব। সংগীৰ সৈতে ভাল। স্বাস্থ্যত গুৰুত্ব দিয়ক।