শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Today’s Rashifal: কোনে লাভ কৰিব সফলতা? দিনটো কেনে যাব আপোনাৰ, চাওক আজিৰ ৰাশিফল…

Today's Horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজি কিছুমান ৰাশিৰ লোকে সফলতা লাভ কৰিব। ইফালে কিছুমান ধন খৰচ কৰাত সাৱধান হোৱা ভাল। অন্যথা সমস্যা আহিব পাৰে।

Today’s Rashifal: কোনে লাভ কৰিব সফলতা? দিনটো কেনে যাব আপোনাৰ, চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 12 Dec 2025 06:00 AM

আজি ১২ ডিচেম্বৰ, ২০২৫। আজিৰ দিশটো কেনে যাব আপোনাৰ। চাওক ৰাশিফল-

মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে আত্মবিশ্বাসেৰে ভৰপুৰ হ’ব পাৰে। সকলো কাম সময়মতে সম্পূৰ্ণ হ’ব। যিয়ে আপোনাক সুখ দিব। পৰিয়ালত কোনো শুভ কামৰ আয়োজন হ’ব পাৰে। খৰচৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। সিদ্ধান্ত লওতে সাৱধান হ’ব। স্বাস্থ্যৰ গুৰুত্ব লওক।

বৃষ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে কিছু কষ্টকৰ হ’ব পাৰে। কামৰ গতি কিছু লেহেমীয়া হোৱাৰ সম্ভাৱনা আছে। কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে। টকা-পইচাৰ দিশটোত সাৱধান হোৱা ভাল। অন্যথা সমস্যা আহিব পাৰে। প্ৰেমত শুভ।

মিথুন ৰাশিঃ আজিৰ বাবে আপোনাৰ দিনটো ভাল। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব পাৰে। কোনো ভাল খবৰ লাভ কৰিব পাৰে। বন্ধুৰ সৈতে ভাল সময় কটাব। পৰিয়ালত শান্তি থাকিব। ভ্ৰমণৰ যোগ আছে। প্ৰেমত শুভ। দিনটো ভালে যাব।

কৰ্কট ৰাশিঃ আজি আপুনি মন শান্ত কৰি সিদ্ধান্ত গ্ৰহণ কৰা দৰকাৰ। দিনটো ভালে যাব। কোনো কাৰ্যত সফলতা লাভ কৰিব। আইনী কামত সফল হ’ব। ব্যৱসায়ত ভাল। আয়ৰ নতুন বাট মুকলি হ’ব। পৰিয়ালত মান সন্মান বৃদ্ধি পাব। স্বাস্থ্য ভালে যাব।

সিংহ ৰাশিঃ আজি আপোনাৰ দিনটো ভালে যাব। আপোনাৰ কামে আনক প্ৰভাৱিত কৰিব। ব্যৱসায়ৰ লগত জড়িতসকলে সফলকা লাভ কৰিব। পৰিয়ালৰ পৰা কোনো ভাল খবৰ লাভ কৰিব পাৰে। অৱশ্যে খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যক গুৰুত্ব দিয়া দৰকাৰ।

কন্যা ৰাশিঃ পৰিশ্ৰমে সফলতা কঢ়িয়াই আনিব। চাকৰিৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। আপোনাৰ উপদেশ কাম দিব। জীৱনলৈ সুখ আহিব। আৰ্থিক স্থিতি উন্নতি হোৱাৰ সম্ভাৱনা। হাতলৈ ধন আহিব। কিন্তু খৰচত গুৰুত্ব দিয়া প্ৰয়োজন। সংগীৰ সৈতে ভাল। স্বাস্থ্য ভাল।

তুলা ৰাশিঃ আজি আপোনাৰ দায়িত্ব বৃদ্ধি হ’ব পাৰে। কিন্তু কামত সতৰ্ক হৈ থকা ভাল। হাতলৈ ধন অহাৰ সম্ভাৱনা আছে। সম্পৰ্কৰ ক্ষেত্ৰত কিছু ধৈৰ্য ধৰা দৰকাৰ। স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে।

ধনু ৰাশিঃ আজি আপোনাৰ বাবে দিনটো ভাল। মনৰ কামনা পূৰণ হ’ব। পুৰণি কোনো কাজিয়াৰ অন্ত পৰিব পাৰে। আৰ্থিক স্থিতি ভাল হ’ব। হাতলৈ ধন আহিব। প্ৰেমত শুভ। নতুন চাকৰি লাভৰ যোগ আছে। কিন্তু স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ।

বৃশ্চিক ৰাশিঃ আজি আপোনাৰ কামৰ প্ৰশংসা হ’ব। মনলৈ নতুন কামৰ ধাৰণা আবিব। সকলো কামতে সফলতা লাভ কৰিব। ধৈৰ্য ধৰি কাম কৰা দৰকাৰ। বন্ধুৰ পৰা সহায় লাভ কৰিব। প্ৰেমত উন্নতিৰ যোগ আছে। কোনো পুৰণি কাজিয়াৰ পৰা পৰিত্ৰাণ লাভ কৰিব। স্বাস্থ্য ভাল।

মকৰ ৰাশিঃ কামত সফলতা লাভ কৰিব। আনৰ কথাত গুৰুত্ব নিদিব। আহিবলগীয়া সময় ভাল হ’ব। কোনো নতুন দায়িত্ব লাভ কৰিব পাৰে। চাকৰিৰ ক্ষেত্ৰত ভাল। আৰ্থিক দিশত উন্নতিৰ সম্ভাৱনা আছে। কোনো ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰে। খাদ্য খাওতে সাৱধান হ’ব।

কুম্ভ ৰাশিঃ আজি আপুনি নিজৰ খঙক নিয়ন্ত্ৰণত ৰখা দৰকাৰ। চাকৰিৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে। ধনৰ ক্ষেত্ৰত সাৱধান হোৱা ভাল। বন্ধুক লগ পোৱাৰ সম্ভাৱনা। স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে। আনৰ কথা বেছি বিশ্বাস নকৰিব।

মীন ৰাশিঃ মন শান্ত ৰাখি কাম কৰা দৰকাৰ। সিদ্ধান্ত লওতে সাৱধান হ’ব। সংগীৰ সৈতে ভাল সময় কটাব। চাকৰি আৰু বাণিজ্য ক্ষেত্ৰত শুভ। সৰু সৰু লাভ হোৱাৰ সম্ভাৱনা। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ ধন, স্বাস্থ্য, চাকৰি! ২০২৬ চনত ‘অংগৰক যোগ’এ সমস্যা আনিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ…