Today’s horoscope: কাৰ ভাল-কাৰ বেয়া? চাওক শুকুৰবাৰৰ ৰাশিফল…
Today's horoscope: হিন্দু ধৰ্মত ৰাশিফলৰ মহত্ব অধিক। ৰাশিফল ১২ টা। আজিৰ দিনটো কিছুমান ৰাশিৰ বাবে ভাল আৰু কিছুমানৰ বাবে প্ৰত্যাহ্বানজনক হ'ব পাৰে।

আজি ১০ অক্টোবৰ, ২০২৫। আজিৰ দিনটোৰ ৰাশিফল তলত উল্লেখ কৰা হ’ল-
মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। প্ৰয়োজনীয় কামৰ বাবে বাহিৰলৈ যাবলগীয়া হ’ব। কৰ্মক্ষেত্ৰত কোনো নতুন কামৰ আৰম্ভণি কৰিব পাৰে। বাণিজ্যত লাভ হ’ব। আৰ্থিক স্থিতি ভাল হ’ব। পাৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব। প্ৰেমৰ ক্ষেত্ৰত শুভ। মন শান্ত কৰাৰ চেষ্টা কৰিব।
বৃষ ৰাশিঃ আজি আপুনি কোনো নতুন কামৰ আৰম্ভণি কৰিব পাৰে। ব্যৱসায়ত কোনো লাভ হোৱাৰ সম্ভাৱনা আছে। মান-সন্মান বৃদ্ধি পাব। কোনো বিশেষ কাম আহিব পাৰে। পৰিয়ালৰ কাৰোবাৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল। স্বাস্থ্যত গুৰুত্ব দিব।
মিথুন ৰাশিঃ আজি আপোনাৰ কোনো সমস্যা আহিব পাৰে। আৰ্থিক দিশটো ঠিক নহয়। বাদ-বিবাদৰ পৰা নিজক আঁতৰাই ৰাখৰ। বাণিজ্যত কোনো নতুন কামৰ আৰম্ভণি কৰিব পাৰে। আৰ্থিক দিশত সুযোগ গ্ৰহণ নকৰিব। পৰিয়ালত কোনো সমস্যা আহিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।
কৰ্কট ৰাশিঃ আজি আপুনি স্বাস্থ্যত গুৰুত্ব দিয়া অতি প্ৰয়োজন। খাদ্যত গুৰুত্ব দিব। বাদ-বিবাদৰ পৰা আঁতৰি থাকিব। পৈত্ৰিক সম্পত্তিক লৈ কোনো বিবাদ হ’ব পাৰে। নতুন কামত হাত দিলে ভালদৰে ভাবিব। কোনোৱে ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে। বাহন চলাওতে সাৱধান হ’ব। স্বাস্থ্য ভাল।
সিংহ ৰাশিঃ আজি আপোনাৰ দীৰ্ঘদিনীয়া কাম সম্পূৰ্ণ হ’ব। যাৰ বাবে মন ভাল থাকিব। কৰ্মক্ষেত্ৰত সতীৰ্থৰ সহায় লাভ কৰিব। প্ৰশাসনিক ক্ষেত্ৰত কাম কৰাসকলে পদোন্নতি লাভৰ যোগ আছে। পত্নীৰ পৰা সহায় পাব। নতুন কাৰ্যৰ আৰম্ভণিত বিশেষ লোকৰ সহায় পাব। স্বাস্থ্য ভাল।
কন্যা ৰাশিঃ আজি আপোনাৰ শৰীৰ ভালে থাকিব। আনন্দৰে দিনটো পাৰ হ’ব। আৰ্থিক স্থিতি পূৰ্বতকৈ উন্নত হ’ব। বাণিজ্যত নতুন কামৰ আৰম্ভণি কৰিব পাৰে। যাৰ পৰা লাভ হ’ব। পৰিয়ালৰ পৰা সহায় লাভ কৰিব। কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। দিনটো ভালে যাব।
তুলা ৰাশিঃ আজি আপুনি স্বাস্থ্যত গুৰুত্ব দিয়া প্ৰয়োজন। খাদ্য খোৱাৰ সময়ত সাৱধান হ’ব। আৰ্থিক দিশত সমস্যা আহিব পাৰে। আনক টকা ধাৰলৈ নিদিব। বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে কোনো ভাল খবৰ পাব পাৰে। প্ৰেমত শুভ। শিক্ষাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিয়া প্ৰয়োজন।
বৃশ্চিক ৰাশিঃ আজি আপোনাৰ স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে। কাম বেছি হ’ব। যাৰ বাবে মানসিক আৰু শাৰীৰিকভাৱে ভাগৰ অনুভৱ কৰিব। ভ্ৰমণৰ সম্ভাৱনা আছে। আনৰ কথাত হস্তক্ষেপ নকৰিব। পৰিয়ালৰ কাৰোবাৰ সৈতে কাজিয়া লাগিব পাৰে। প্ৰেমত শুভ। শিক্ষাৰ্থীসকলে অধ্যয়নত মন দিয়ক।
ধনু ৰাশিঃ আজি আপুনি কোনো ধৰ্মীয় যাত্ৰাত যাব পাৰে। আনন্দত থাকিব। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। স্বাস্থ্যজনিত কোনো সমস্য়াই দেখা দিব পাৰে। বাণিজ্যত কোনো নতুন কাম হাতলৈ আহিব পাৰে। কোনো নতুন বাহন ক্ৰয় কৰিব পাৰে। প্ৰেমত কোনো সমস্যা আহিব পাৰে।
মকৰ ৰাশিঃ আজি আপুনি কোনো ভাল খবৰ লাভ কৰিব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে। স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ পাব। পৰিয়ালত ভাল পৰিৱেশ থাকিব। বাণিজ্যত কোনো নতুন খবৰ লাভ কৰিব পাৰে। অচিনাকী ব্যক্তিৰ পৰা ধন ধাৰলৈ লোৱাৰ পৰা বিৰত থাকক। আৰ্থিক দিশত সাৱধান হওক।
কুম্ভ ৰাশিঃ আজি স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে। মন অশান্ত থাকিব। পৰিয়ালৰ কোনো সমস্যাৰ সৈতে মতানৈক্য হ’ব পাৰে। বাদ-বিবাদৰ পৰা আঁতৰি থাকক। বাণিজ্যত লোকচান হ’ব পাৰে। প্ৰেমত শুভ। দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব।
মীন ৰাশিঃ আজি আপুনি কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। বাহন চলাওতে সাৱধান হ’ব। কোনো বিশেষ ব্যক্তিৰ সৈতে কাজিয়া হ’ব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়া প্ৰয়োজন। পুৰণি কোনো বন্ধুক লগ পোৱাৰ সম্ভাৱনা।