Teeth Gap Meaning: দাঁতৰ মাজত ফাঁক থকা শুভ নে অশুভ? জানক সামুদ্ৰিক শাস্ত্ৰৰ পৰা…
সামুদ্ৰিক শাস্ত্ৰত শৰীৰৰ বিভিন্ন অংগক ভাগ্যৰ সৈতে সংযোগ কৰি সবিশেষ বৰ্ণনা আছে। ইয়াত মানুহৰ শৰীৰত থকা তিল, দাঁতৰ মাজত থকা ফাঁক আদিৰ কথাও উল্লেখ আছে। আপোনাৰো আছে নেকি দাঁতৰ মাজত ফাঁক?
কিছুমান মানুহৰ দাঁতৰ মাজত ফাঁক থকা দেখা যায়। দেখাত এয়া সাধাৰণ লাগিলেও সামুদ্ৰিক শাস্ত্ৰত ইয়াৰ বিষয়ে সবিশেষ আছে। জ্যোতিষ আৰু সমুদ্ৰিক শাস্ত্ৰই শৰীৰৰ বিভিন্ন অংশ আৰু বৈশিষ্ট্যসমূহক ভাগ্যৰ সৈতে সংযোগ কৰে। সমুদ্ৰিক শাস্ত্ৰই উল্লেখ কৰা অনুসৰি, শৰীৰত থকা সৰু তিল আৰু দাগেও এজন ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশ কৰাত সহায় কৰে। গতিকে দাঁতৰ মাজত ফাঁক থকা মানুহ কেনে হয় সেই সন্দৰ্ভত সামুদ্ৰিক শাস্ত্ৰত সবিশেষ উল্লেখ আছে।
শুভ নে অশুভ
সামুদ্ৰিক শাস্ত্ৰ মতে, দাঁতৰ মাজত ফাঁক থকা শুভ বুলি গণ্য কৰা হয়। এনে লোকে কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা লাভ কৰে। কোনো সমস্যাক ভয় নকৰিব প্ৰতিটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰে। ইয়াৰোপৰি এই লোকসকল মুকলি মনৰ আৰু কাৰো ওচৰত সৰু হৈ থাকিবলৈ ভাল নাপায়। এনে লোকে নিজৰ মতে কাম কৰি ভাল পায়। পৰাধীন হোৱাতো নিবিচাৰে।
আৰু কি?
চাকৰিৰ সলনি এনে লোকসকল ব্যৱসায় বেছিকৈ কৰা দেখা যায়। ব্যৱসায়ত অগ্ৰগতি লাভ কৰে। এনে লোকসকল সৃষ্টিশীল হয়। সামুদ্ৰিক শাস্ত্ৰৰ মতে, দাঁতৰ মাজত ফাঁক থকা লোকসকল সাধাৰণতে অতি মিলাপ্ৰীতিৰ। এক কথাত তেওঁলোকে সহজে আনৰ সৈতে মিলি যাব পাৰে। ইয়াৰোপৰি সম্পৰ্কত বহুত গুৰুত্ব দিয়ে। সম্পৰ্ক ভাল কৰিবলৈ তেওঁলোকে সকলো চেষ্টায়ে কৰে। সম্পৰ্কত সদায় সততা বজাই ৰাখে, আনৰ পৰাও সেয়া বিচাৰে। ইয়াৰোপৰি এনে লোকসকলৰ বিবাহিত জীৱন ভাল হয়। খাদ্যৰ প্ৰতি এনে লোকৰ আকৰ্ষণ থাকে, ভোক সহ্য কৰিব নোৱাৰে। বেছিভাগ সময় খাদ্যৰ কথা চিন্তা কৰে।
(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)
অন্য খবৰ পঢ়কঃ মংগলৰ ৰাশি পৰিবৰ্তন! ধনৰ পৰা চাকৰিলৈ, এই ৫ ৰাশিৰ হ’ব সকলোতে উন্নতি…