শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Dreams: বৃদ্ধি হ’ব সুখ-সমৃদ্ধি, সপোনত এইবোৰ বস্তু দেখাটো অত্যন্ত শুভ!

এই সপোনবোৰে শুভ -অশুভ সংকেত দেখুৱাই। স্বপ্ন শাস্ত্ৰৰ জৰিয়তে সপোনৰ পৰা পোৱা শুভ আৰু অশুভ সংকেতসমূহ জানিলে অদূৰ ভৱিষ্যতে এজন ব্যক্তি নিৰাপদ হ’ব পাৰে। অৱশ্যে আজি আমি সেই সপোনবোৰৰ বিষয়ে ক’বলৈ ওলাইছো, যিবোৰে জীৱনত শুভ সংকেত প্ৰদান কৰে। এনে পৰিস্থিতিত শুভ সপোনৰ বিষয়ে বিতংভাৱে জানো আহক।

Dreams: বৃদ্ধি হ’ব সুখ-সমৃদ্ধি,  সপোনত এইবোৰ বস্তু দেখাটো অত্যন্ত শুভ!
সপোন
Trishna Kalita
Trishna Kalita | Updated On: 12 Dec 2025 18:39 PM

Dream Meaning In Assamese: হিন্দু ধৰ্মত স্বপ্ন শাস্ত্ৰক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে। স্বপ্ন শাস্ত্ৰত এজন ব্যক্তিক সপোন আৰু ইয়াৰ অৰ্থৰ বিষয়ে কোৱা হৈছে। প্ৰতিজন ব্যক্তিয়ে শুই থকা অৱস্থাত বিভিন্ন ধৰণৰ সপোন দেখা পায়। এই সপোনবোৰে শুভ -অশুভ সংকেত দেখুৱাই। স্বপ্ন শাস্ত্ৰৰ জৰিয়তে সপোনৰ পৰা পোৱা শুভ আৰু অশুভ সংকেতসমূহ জানিলে অদূৰ ভৱিষ্যতে এজন ব্যক্তি নিৰাপদ হ’ব পাৰে। অৱশ্যে আজি আমি সেই সপোনবোৰৰ বিষয়ে ক’বলৈ ওলাইছো, যিবোৰে জীৱনত শুভ সংকেত প্ৰদান কৰে। এনে পৰিস্থিতিত শুভ সপোনৰ বিষয়ে বিতংভাৱে জানো আহক।

সপোনত দেৱী লক্ষ্মীক দেখা

হিন্দু ধৰ্মগ্ৰন্থত মা লক্ষ্মীক ধনৰ দেৱী বুলি গণ্য কৰা হয়। সমুদ্ৰ মন্থনৰ সময়ত মা লক্ষ্মীৰ প্ৰকট হৈছিল। স্বপ্ন শাস্ত্ৰত কোৱা হৈছে যে যদি কোনোবাই সপোনত দেৱী লক্ষ্মীক দেখে, তেন্তে সেয়া অতি শুভ সপোন। সপোনত দেৱী লক্ষ্মীক দেখাৰ অৰ্থ হ’ল ব্যক্তিজনৰ বাবে ভাল দিন আৰম্ভ হ’বলৈ ওলাইছে।তেওঁ ওচৰলৈ আহিব ধন ।   লাভ কৰিব লক্ষ্মী দেৱীৰ আশীৰ্বাদ লগতে ঘৰত বাঢ়িব সুখ-সমৃদ্ধি।

সপোনত ওম দেখা

সপোনত সহজে কোনেও ওম দেখা নাপায়। এই সপোন দেখাটো অতি বিৰল। যিয়ে  সপোনত ওম দেখিব তেওঁ বুজিব লাগে যে এতিয়া তেওঁৰ ভাগ্য জিলিকি উঠিব। সপোনত ওম দেখিলে জীৱন ধন্য হোৱাৰ ইংগিত পোৱা যায়।

সপোনত চন্দ্ৰ দেখা

সপোন শাস্ত্ৰত কোৱা হৈছে যে যদি কোনোবাই সপোনত চন্দ্ৰ দেখা পায়, তেন্তে সেয়া অতি শুভ। সপোনত যদি কোনোবাই অৰ্ধচন্দ্ৰ দেখা পায়, তেন্তে তেওঁ বুজিব লাগে যে তেওঁৰ দুখ-কষ্ট শেষ হ’বলৈ ওলাইছে। লগতে ঘৰলৈও সুখ আহিব পাৰে।

সপোনত গাখীৰ খোৱা

যদি কোনোবাই সপোনত নিজকে গাখীৰ খোৱা দেখিছে, তেন্তে বুজিব লাগে যে তেওঁ আৰ্থিক লাভ পাব পাৰে। তাৰোপৰি তেওঁৰ জীৱনত থকা বিভিন্ন সমস্যাবোৰো দূৰ হ’ব।

(স্পষ্টীকৰণ: ইয়াত দিয়া তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে। TV9 অসমে এই কথা নিশ্চিত কৰা নাই।)