শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কাইলৈ দেওবাৰ দিনটো হৈ পৰিব বিশেষ, সূৰ্যৰ বিশেষ অৱস্থানে এইকেইটা ৰাশিক কৰিব সুখ-সম্পদশালী

নিজ নক্ষত্ৰত প্ৰৱেশৰ ফলত সূৰ্যৰ শক্তি বহুগুণে বৃদ্ধি পাব। উত্তৰাষাঢ়া নক্ষত্ৰত সূৰ্যৰ অৱস্থানে কিছুমান ৰাশিৰ ভাগ্য উজলাই তোলাৰ সম্ভাৱনা আছে। বিশেষকৈ ৫টা ৰাশিৰ লোকে সূৰ্যৰ এই অৱস্থানৰ দ্বাৰা অধিক সুফল লাভ কৰিব পাৰে। জানো আহক এইবিষয়ে।

কাইলৈ দেওবাৰ দিনটো হৈ পৰিব বিশেষ, সূৰ্যৰ বিশেষ অৱস্থানে এইকেইটা ৰাশিক কৰিব সুখ-সম্পদশালী
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
Monjit Dutta
Monjit Dutta | Published: 10 Jan 2026 10:12 AM

আমাৰ দৈনন্দিন জীৱনত জ্যোতিষৰ গুৰুত্বৰ কথা পুনৰাই নক’লেও হ’ব। জ্যোতিষ শাস্ত্ৰৰ আধাৰত প্ৰকাশ কৰা গ্ৰহৰ গতি তথা অৱস্থান আৰু ইয়াৰ ফলত ভিন্ন ৰাশিৰ ওপৰত পৰা প্ৰভাৱক লৈ দিয়া আগজাননীক সকলোৱে গুৰুত্বসহকাৰে লয়। জ্যোতিষ শাস্ত্ৰত সূৰ্যক সকলো গ্ৰহৰ অধিপতি হিচাপে গণ্য কৰা হয়। সূৰ্য মানুহৰ আত্মবল, স্বাস্থ্য, মৰ্যাদা আৰু নেতৃত্ব ক্ষমতাৰ প্ৰতীক। ১১ জানুৱাৰী অৰ্থাৎ কাইলৈ সূৰ্যৰ বিশেষ অৱস্থানে মানুহৰ জীৱনত বিশেষ প্ৰভাৱ পেলাব বুলি আগজাননী কৰা হৈছে।

জ্যোতিষ গণনা মতে, দেওবাৰে পুৱা সূৰ্যই উত্তৰাষাঢ়া নক্ষত্ৰত প্ৰৱেশ কৰিব। এই সময়ছোৱাত সূৰ্য ধনু ৰাশিতে অৱস্থান কৰিব। এই উত্তৰাষাঢ়া নক্ষত্ৰক বিজয়, স্থায়িত্ব, সফলতা আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে জনা যায়। লক্ষণীয়ভাৱে এই নক্ষত্ৰৰ স্বামী স্বয়ং সূৰ্য। গতিকে নিজ নক্ষত্ৰত প্ৰৱেশৰ ফলত সূৰ্যৰ শক্তি বহুগুণে বৃদ্ধি পাব।

উত্তৰাষাঢ়া নক্ষত্ৰত সূৰ্যৰ অৱস্থানে কিছুমান ৰাশিৰ ভাগ্য উজলাই তোলাৰ সম্ভাৱনা আছে। বিশেষকৈ ৫টা ৰাশিৰ লোকে সূৰ্যৰ এই অৱস্থানৰ দ্বাৰা অধিক সুফল লাভ কৰিব পাৰে। জানো আহক এইবিষয়ে-

মেষ ৰাশি

মেষ ৰাশিৰ অধিপতি মংগল সূৰ্যৰ বন্ধু গ্ৰহ। উত্তৰাষাঢ়া নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশে উৎসাহ, আত্মবিশ্বাস আৰু কৰ্মক্ষমতা বৃদ্ধি কৰিব। আৰ্থিক দিশ শক্তিশালী হ’ব আৰু বিনিয়োগৰ পৰা লাভান্বিত হ’ব পাৰে। স্বাস্থ্য আৰু পাৰিবাৰিক সম্পৰ্ক মধুৰ হ’ব। ভাগ্য উদয় হ’ব আৰু দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকা কামবোৰ সম্পূৰ্ণ হ’ব। পেছাদাৰী জীৱনত নতুন দিশ বা ডাঙৰ সাফল্য লাভৰ যোগ আছে।

সিংহ ৰাশি

সূৰ্য সিংহ ৰাশিৰ নিজা অধিপতি বাবে এই অৱস্থান সিংহৰ বাবে অত্যন্ত শুভ হ’ব। কৰ্মক্ষেত্ৰত পদোন্নতি বা কোনো ডাঙৰ দায়িত্ব লাভৰ প্ৰবল সম্ভাৱনা আছে। আপোনাৰ আত্মবিশ্বাস চৰম পৰ্যায়ত থাকিব আৰু নেতৃত্ব গুণৰ ক্ষমতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। সমাজত মান-সন্মান বৃদ্ধি পাব আৰু আৰ্থিক স্থিতি উন্নত হ’ব। আধ্যাত্মিকতাৰ প্ৰতি ধাউতি বাঢ়িব আৰু স্বাস্থ্যও ভালে থাকিব।

ধনু ৰাশি

সূৰ্য বৰ্তমান এই ৰাশিতে বিৰাজমান। উত্তৰাষাঢ়া নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশে ধনু ৰাশিৰ বাবে সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব। কেৰিয়াৰত উন্নতিৰ সুযোগ পোৱাৰ লগতে ধন লাভৰ যোগ আছে। পুৰণি বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব পাৰে। এই সময়ছোৱাত আপুনি বৈচাৰিক আৰু আধ্যাত্মিক দিশত সফলতা লাভ কৰিব।

মকৰ ৰাশি

উত্তৰাষাঢ়া নক্ষত্ৰত সূৰ্যৰ প্ৰভাৱে মকৰ ৰাশিৰ জাতক-জাতিকাসকলক তেওঁলোকৰ পৰিশ্ৰমৰ সঠিক ফল দিব। আৰ্থিক স্থিতি মজবুত হ’ব আৰু ভৱিষ্যতৰ পৰিকল্পনাসমূহ সফল হ’ব। কেৰিয়াৰত স্থিৰতা আহিব আৰু নতুন দায়িত্ব বৃদ্ধি পাব পাৰে। সম্পৰ্কৰ ক্ষেত্ৰত বুজাবুজি আৰু পৰিপক্কতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো শুভ ফল দেখা যাব।

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ লোকসকলৰ বাবে সূৰ্যৰ এই অৱস্থানে হঠাতে লাভৰ সুযোগ লৈ আনিব। আয়ৰ নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে। সামাজিক পৰিচয় আৰু মান-সন্মান বৃদ্ধি পাব। কেৰিয়াৰৰ ক্ষেত্ৰত নতুন যোগাযোগ গঢ়ি উঠিব, ইয়াৰ দ্বাৰা ভৱিষ্যতে লাভান্বিত হ’ব। পাৰিবাৰিক জীৱনৰ বিভ্ৰান্তি দূৰ হ’ব।