সুদীৰ্ঘ ৩০ বছৰৰ পিছত মাৰ্চত ঘটিব এই শুভ সংযোগ, সূৰ্য-শনিৰ মিলনে ভাগ্য মুকলি কৰিব এই ৩ ৰাশিৰ

এই বিৰল মিলনৰ ফলত সমগ্ৰ চৰাচৰ বিশ্বৰ লগতে বিশেষকৈ কেইটামান নিৰ্দিষ্ট ৰাশিৰ ভাগ্যত অভূতপূৰ্ব পৰিৱৰ্তন আহিব পাৰে। বিশেষকৈ ৩টা ৰাশিৰ বাবে এই সময়ছোৱা সোণালী সুযোগ হৈ পৰিব পাৰে। জানো আহক এই সৌভাগ্যশালী ৰাশি কেইটাৰ বিষয়ে।

সুদীৰ্ঘ ৩০ বছৰৰ পিছত মাৰ্চত ঘটিব এই শুভ সংযোগ, সূৰ্য-শনিৰ মিলনে ভাগ্য মুকলি কৰিব এই ৩ ৰাশিৰ

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

26 Jan 2026 | 02:32 PM

জ্যোতিষ শাস্ত্ৰত সূৰ্যক ‘গ্ৰহৰ ৰজা’ বা অধিপতি হিচাপে গণ্য কৰা হয়। সূৰ্যই যেতিয়াই নিজৰ স্থান সলায়, তেতিয়াই ১২টা ৰাশিৰ ওপৰত ইয়াৰ গভীৰ প্ৰভাৱ পৰে। বৰ্তমান সূৰ্যদেৱে শনিৰ নিজা ৰাশি মকৰত অৱস্থান কৰিছে যদিও অহা মাৰ্চ মাহত তেওঁ মীন ৰাশিত প্ৰৱেশ কৰিব। মীন ৰাশিৰ অধিপতি হ’ল দেৱগুৰু বৃহস্পতি আৰু বৰ্তমান এই ৰাশিতেই ‘ন্যায়ৰ দেৱতা’ শনিদেৱ বিৰাজমান হৈ আছে। জ্যোতিষীয় গণনা অনুসৰি, প্ৰায় ৩০ বছৰৰ পাছত মহাকাশত এনে এক বিৰল আৰু দুৰ্লভ দৃশ্য দেখিবলৈ পোৱা যাব, য’ত পিতৃ সূৰ্য আৰু পুত্ৰ শনি একেলগে মীন ৰাশিত মুখামুখি হ’ব।

এই বিৰল মিলনৰ ফলত সমগ্ৰ চৰাচৰ বিশ্বৰ লগতে বিশেষকৈ কেইটামান নিৰ্দিষ্ট ৰাশিৰ ভাগ্যত অভূতপূৰ্ব পৰিৱৰ্তন আহিব পাৰে। বিশেষকৈ ৩টা ৰাশিৰ বাবে এই সময়ছোৱা সোণালী সুযোগ হৈ পৰিব পাৰে। জানো আহক এই সৌভাগ্যশালী ৰাশি কেইটাৰ বিষয়ে-

মিথুন ৰাশি

মাৰ্চ মাহত হ’বলগীয়া সূৰ্য-শনিৰ এই সংযোগ মিথুন ৰাশিৰ জাতকসকলৰ বাবে আশীৰ্বাদ স্বৰূপ হ’ব পাৰে। দীৰ্ঘদিন ধৰি আধৰুৱা হৈ থকা কামবোৰে গতি লাভ কৰিব। চাকৰি বা ব্যৱসায়ত পদোন্নতিৰ যোগ আছে। নতুন দায়িত্ব লাভ কৰিব পাৰে। কামৰ সংক্ৰান্তত ভ্ৰমণৰ সুযোগ পাব পাৰে। পৰিয়ালৰ পৰা কোনো শুভ খবৰ পোৱাৰ সম্ভাৱনা আছে।

ধনু ৰাশি

ধনু ৰাশিৰ লোকসকলৰ বাবে এই দুৰ্লভ সংযোগ লাভদায়ক হ’ব। আয়ৰ নতুন উৎস মুকলি হ’ব, যাৰ ফলত আৰ্থিক অৱস্থা অধিক মজবুত হ’ব। ব্যৱসায় বা চাকৰিত ভাল সুযোগ হাতলৈ আহিব পাৰে। পৰিয়ালত সুখ-শান্তি বৃদ্ধি পাব আৰু জীৱনসংগীৰ সৈতে চলি থকা মতানৈক্য দূৰ হ’ব।

মীন ৰাশি

যিহেতু মীন ৰাশিতে এই মিলন ঘটিব, সেয়েহে এই ৰাশিৰ জাতকসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ হ’ব লক্ষণীয়। এই ৰাশিৰ জাতক-জাতিকাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ধন সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পাব। কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে এই সময়ছোৱা অতি শুভ। দাম্পত্য জীৱনত মধুৰতা আহিব আৰু পাৰস্পৰিক বুজাবুজি অধিক বৃদ্ধি পাব।

বেছিকৈ উতলোৱা চাহ খাইছে নেকি? সাৱধান, মাতি আনিছে নিজৰেই বিপদ!
আপোনাৰ ছালত দেখিছে নেকি এনে লক্ষণ? সাৱধান, নীৰৱে বাঢ়িব পাৰে ব্লাড চুগাৰ!
কোনে খাব নালাগে কেঁচা জলকীয়া? জানক...
হৰম'নৰ পৰিবৰ্তন হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...