শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Saraswati Puja 2026: সৰস্বতী পূজাত কিয় হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব লাগে? ইয়াৰ আঁৰৰ ৰহস্য জানক…

সৰস্বতী দেৱীক পূজা কৰিলে বিদ্যা আৰু জ্ঞানৰ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস আছে। এই দিনটোত সকলোতে প্ৰধান ৰং হালধীয়া। হালধীয়া ৰঙক ইতিবাচকতা আৰু শুভতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই দিনটোত বহুতে হালধীয়া কাপোৰ পৰিধান কৰে। ইয়াৰ আঁৰৰ ৰহস্য জানো আহক।

Saraswati Puja 2026: সৰস্বতী পূজাত কিয় হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব লাগে? ইয়াৰ আঁৰৰ ৰহস্য জানক…
সৰস্বতী পূজাImage Credit source: AI ChatGpt
Trishna Kalita
Trishna Kalita | Published: 20 Jan 2026 12:47 PM

ভাৰতবৰ্ষক উৎসৱৰ ভূমি বুলি গণ্য কৰা হয়। ইয়াত পালন কৰা প্ৰতিটো উৎসৱৰ আঁৰত কিবা নহয় কিবা এটা ৰহস্য থাকে। প্ৰতিবছৰে মাঘ মাহৰ শুক্ল পক্ষ পঞ্চমী তিথিত বসন্ত পঞ্চমী পালন কৰা হয়। এই উৎসৱটো বিদ্বান আৰু জ্ঞানৰ দেৱী সৰস্বতীৰ নামত উৎসৰ্গা কৰা হয়। এই উৎসৱক ‘শ্ৰী পঞ্চমী’ বা ‘জ্ঞান পঞ্চমী’ নামেৰেও জনা যায়। এই উৎসৱ বসন্তৰ আগমনৰ প্ৰতীক।

এই দিনটোত দেৱী সৰস্বতীক ৰীতি-নীতিৰে পূজা কৰা হয়। এই উৎসৱটো ছাত্ৰ-ছাত্ৰীৰ বাবে অতি বিশেষ আৰু গুৰুত্বপূৰ্ণ। এই দিনটোত সৰস্বতী দেৱীক পূজা কৰিলে বিদ্যা আৰু জ্ঞানৰ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস আছে। এই দিনটোত সকলোতে প্ৰধান ৰং হালধীয়া। হালধীয়া ৰঙক ইতিবাচকতা আৰু শুভতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই দিনটোত বহুতে হালধীয়া কাপোৰ পৰিধান কৰে। ইয়াৰ আঁৰৰ ৰহস্য জানো আহক।

বসন্ত পঞ্চমী কেতিয়া?

হিন্দু পঞ্জিকা অনুসৰি ২০২৬ চনত মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথি ২০২৬ চনৰ ২২ জানুৱাৰীৰ সন্ধিয়া ৬:১৫ বজাৰ পৰা আৰম্ভ হয়।এই তিথিৰ অন্ত পৰিব ২০২৬ চনৰ ২৩ জানুৱাৰীৰ নিশা ৮:৩০ বজাত। চলিত বৰ্ষৰ ২৩ জানুৱাৰী শুকুৰবাৰে সৰস্বতী পূজা পালন কৰা হ’ব।

বসন্ত, ঋতুৰ ৰজা

বসন্তক “ঋতুৰাজ” অৰ্থাৎ “ঋতুৰ ৰজা” বুলি কোৱা হয়,।  হালধীয়া ৰঙে নতুন শস্যৰ আগমন আৰু জীৱনত সমৃদ্ধিৰ প্ৰতীক। মানুহে এই সুন্দৰ প্ৰকৃতিৰ ৰূপটোৰ লগত সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰে। সেয়ে এই দিনটোত হালধীয়া কাপোৰ পিন্ধে। ধৰ্মীয়ভাৱে হালধীয়াক পবিত্ৰতা, সৰলতা আৰু জ্ঞানৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। দেৱী সৰস্বতীৰ এই ৰং অতিকৈ প্ৰিয়।

মানসিক স্পষ্টতা আৰু একাগ্ৰতা বৃদ্ধি কৰে

বিশ্বাস অনুসৰি হালধীয়া ৰঙৰ পৰিধান কৰিলে মানসিক স্পষ্টতা আৰু একাগ্ৰতা বৃদ্ধি পায়। আজিৰ দিনটোত ভক্তসকলে হালধীয়া কাপোৰ পৰিধান কৰি হালধীয়া ফুল আগবঢ়াই দেৱী সৰস্বতীক পূজা কৰে। হালধীয়া ৰং ধনাত্মক শক্তিৰ আগজাননী বুলি গণ্য কৰা হয়। ই সূৰ্যৰ পোহৰকো প্ৰতিনিধিত্ব কৰে। এই ৰঙে জীৱনলৈ শুদ্ধতা আনে।

লগতে পঢ়ক: সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়, পূজাৰ নিয়ম, তাৎপৰ্য আদি সকলো…

(অস্বীকাৰ: ইয়াত দিয়া তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে ইয়াক নিশ্চিত নকৰে।)