শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ঘৰৰ এনে সমস্যা হ’ব পাৰে মঙল দোষৰ লক্ষণ! পৰিত্ৰাণৰ বাবে আজিয়েই পালন কৰক এইসমূহ বিধান

জন্মকুণ্ডলীত মঙল শক্তিশালী হ’লে যিদৰে সফলতা প্ৰাপ্তি হয়, সেইদৰে মঙল দুৰ্বল হ’লে বিভিন্ন সমস্যাই গা কৰি উঠে। এনে পৰিস্থিতিত কিছু বিশেষ বিধানে আপোনাক সকাহ দিব পাৰে। মঙল দোষৰ প্ৰভাৱ আৰু ইয়াৰ পৰিত্ৰাণৰ উপায় সম্পৰ্কে জানো আহক।

ঘৰৰ এনে সমস্যা হ’ব পাৰে মঙল দোষৰ লক্ষণ! পৰিত্ৰাণৰ বাবে আজিয়েই পালন কৰক এইসমূহ বিধান
মঙল দোষImage Credit source: AI ChatGPT
Monjit Dutta
Monjit Dutta | Published: 20 Jan 2026 11:39 AM

জ্যোতিষ শাস্ত্ৰত মঙল গ্ৰহক অতি গুৰুত্বপূৰ্ণ জ্ঞান কৰা হয়। এই গ্ৰহক শক্তি, সাহস, পৰাক্ৰম, ভূমি, তেজ আৰু ক্ৰোধৰ কাৰক বুলি ধৰা হয়। গ্ৰহৰ সেনাপতি হিচাপে পৰিচিত মঙল যদি কাৰোবাৰ জন্মকুণ্ডলীত শক্তিশালী হয়, তেন্তে সেই ব্যক্তিয়ে জীৱনত সফলতাৰ শিখৰত আৰোহণ কৰে। আনহাতে, মঙল দুৰ্বল হ’লে ব্যক্তিজনে বিভিন্ন সমস্যাৰ মুখামুখি হ’বলগীয়া হয়। সেয়ে মঙল দোষৰ প্ৰভাৱ আৰু ইয়াৰ পৰিত্ৰাণৰ উপায় সম্পৰ্কে জানি ল’লে ব্যক্তিৰ জীৱনত উন্নতি সম্ভৱপৰ হয়।

মঙল দোষৰ লক্ষণসমূহ

যাৰ কুণ্ডলীত মঙল গ্ৰহ দুৰ্বল অৱস্থাত থাকে, তেওঁলোকৰ মাজত কিছুমান লক্ষণ দেখা যায়। এনে ব্যক্তি খুব সোনকালে খঙত জ্বলি উঠে আৰু সৰু সৰু কথাতে কাজিয়াত লিপ্ত হয়। মঙল দোষৰ বাবে বিয়াত পলম হোৱাৰ লগতে দাম্পত্য জীৱনত অশান্তিৰ সৃষ্টি হয়।

মঙলৰ প্ৰভাৱত সম্পত্তিৰ সমস্যাই দেখা দিব পাৰে। ইয়াৰ ফলত ভূমি বা বাসগৃহ আদিৰ সুখৰ পৰা বঞ্চিত হ’বলগীয়া হ’ব পাৰে। লগতে পাৰিবাৰিক সম্পৰ্কতো বিভেদে গা কৰি উঠিব পাৰে। এনে পৰিস্থিতিত ভাতৃ-ভগ্নীৰ সৈতে সম্পৰ্ক মধুৰ হৈ নাথাকে।

মঙল দোষ দূৰ কৰাৰ সৰল উপায়

জ্যোতিষ শাস্ত্ৰত মঙলবাৰৰ দিনা কিছুমান বিশেষ নিয়ম পালন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। সেই অনুসাৰে-

মঙলবাৰে পৱনপুত্ৰ হনুমানৰ উপাসনা কৰিলে মঙল দোষ খণ্ডন হয়। নিয়মীয়াকৈ হনুমান চালিছা পাঠ কৰিলে ইয়াৰ কু-প্ৰভাৱ হ্ৰাস পায়।

ভগৱান কাৰ্তিকৰ পূজা আৰু কাৰ্তিক স্তোত্ৰ পাঠ কৰিলে মঙল গ্ৰহৰ শুভ ফল লাভ কৰিব পাৰি।

মঙল দোষ আঁতৰাবলৈ বিধি-বিধান অনুসৰি মঙলবাৰে ব্ৰত পালন কৰাটো অতি ফলদায়ক বুলি গণ্য কৰা হয়।

মঙল দেৱতাৰ কৃপা লাভৰ বাবে ৰঙা ৰঙৰ আসনত বহি ‘ঔঁম ক্ৰাং ক্ৰীং ক্ৰৌং সঃ ভৌমায় নমঃ’ মন্ত্ৰ জপ কৰিব লাগে।

মঙলবাৰে দুখীয়া-নিছলাক মঙল গ্ৰহৰ সৈতে সম্পৰ্কিত সামগ্ৰী যেনে— মচুৰ দাইল, গুৰ, ঘেঁহু, তামৰ পাত্ৰ আৰু ৰঙা কাপোৰ দান কৰিলে এই দোষৰ পৰা মুক্তি পোৱাত সহায় হয়।