শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

হাতৰ পৰা এনে সামগ্ৰী পৰা মানেই ভয়ানক বিপদৰ সংকেত! বিপৰ্যস্ত হ’ব পাৰে জীৱন

ধৰ্মীয় আৰু জ্যোতিষ শাস্ত্ৰৰ মতে, হাতৰ পৰা হঠাতে কোনো বস্তু পৰি যোৱাটো কোনো শুভ বা অশুভ ঘটনাৰ ইংগিত হ'ব পাৰে। যদিহে আপোনাৰ হাতৰ পৰা কিছুমান বিশেষ বস্তু বাৰে বাৰে পৰি যায়, তেতিয়া সাৱধান হোৱা প্ৰয়োজন। এনে ৫ বিধ বস্তুৰ বিষয়ে জানো আহক।

হাতৰ পৰা এনে সামগ্ৰী পৰা মানেই ভয়ানক বিপদৰ সংকেত! বিপৰ্যস্ত হ’ব পাৰে জীৱন
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
Monjit Dutta
Monjit Dutta | Published: 15 Jan 2026 16:20 PM

কেতিয়াবা কেতিয়াবা আমাৰ হাতৰ পৰা কোনো সামগ্ৰী বাগৰি পৰে। এয়া এক সাধাৰণ ঘটনা বুলিয়েই আমি ভাবি লওঁ। পিছে সঘনাই যদি আপোনাৰ সৈতে এনে হয়, তেতিয়া এয়া একেবাৰেই আওকাণ কৰা উচিত নহয়। ধৰ্মীয় বিশ্বাস অনুসৰি কিছুমান বস্তু বাৰে বাৰে হাতৰ পৰা পৰাটো অত্যন্ত অশুভ বুলি গণ্য কৰা হয়। এনে ঘটনাই আগতীয়াকৈ আৰ্থিক দুৰ্যোগ বা ডাঙৰ বিপদৰ ইংগিত দিয়ে। ধৰ্মীয় আৰু জ্যোতিষ শাস্ত্ৰৰ মতে, হাতৰ পৰা হঠাতে কোনো বস্তু পৰি যোৱাটো কোনো শুভ বা অশুভ ঘটনাৰ ইংগিত হ’ব পাৰে।

যদিহে আপোনাৰ হাতৰ পৰা কিছুমান বিশেষ বস্তু বাৰে বাৰে পৰি যায়, তেতিয়া সাৱধান হোৱা প্ৰয়োজন। এনে ৫ বিধ বস্তুৰ বিষয়ে জানো আহক-

নিমখ

হাতৰ পৰা নিমখ পৰি যোৱাটো জ্যোতিষ আৰু বাস্তু শাস্ত্ৰ— দুয়োৰে মতে অশুভ। নিমখ বাৰে বাৰে পৰিলে দাম্পত্য জীৱনত বিবাদ বা মানসিক অশান্তি হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ উপৰিও নিমখ শুক্ৰ আৰু চন্দ্ৰ গ্ৰহৰ দোষৰ সৈতেও জড়িত বুলি কোৱা হয়।

তেল

শাস্ত্ৰত তেলক শনি দেৱৰ সৈতে সম্পৰ্কিত কৰা হৈছে। যদি আপোনাৰ হাতৰ পৰা বাৰে বাৰে তেল পৰি যায়, তেন্তে ই ভৱিষ্যতে আহিবলগীয়া আৰ্থিক সংকটৰ ইংগিত হ’ব পাৰে। লগতে ঘৰৰ কোনো সদস্যৰ ওপৰত কোনো ডাঙৰ বিপদ অহাৰো ই এক আগজাননী হ’ব পাৰে।

আৰতিৰ থাল

পূজা কৰি থকা সময়ত যদি আৰতিৰ থালখন হাতৰ পৰা পিচলি পৰি যায়, তেন্তে ইয়াক অতি অশুভ বুলি ধৰা হয়। ই ভগৱানৰ অসন্তুষ্টি বা কোনো মাংগলিক কাৰ্যত বাধা অহাৰ সংকেত হ’ব পাৰে।

আহাৰ বা ভাত

আহাৰ গ্ৰহণ কৰি থকা সময়ত যদি হাতৰ পৰা বাৰে বাৰে পৰি যায়, তেন্তে ই ঘৰত নেতিবাচক শক্তি বা দৰিদ্ৰতা অহাৰ লক্ষণ। ইয়াক অন্নপূৰ্ণা দেৱীৰ অপমান বুলিও গণ্য কৰা হয়। ইয়াৰ উপৰিও ই কোনো দুখবৰ পোৱা বা ধন হানি হোৱাৰো সংকেত দিয়ে।

গাখীৰ

গাখীৰ বাৰে বাৰে পৰি যোৱা বা উথলি পৰাটো অশুভ বুলি ধৰা হয়। গাখীৰৰ সম্পৰ্ক চন্দ্ৰৰ সৈতে থাকে। গাখীৰৰ গিলাচ হাতৰ পৰা পৰি যোৱাটো মানসিক চাপ বৃদ্ধি আৰু ধনৰ অপব্যয় হোৱাৰ ইংগিত।