শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Ramadan 2025 Date: কেতিয়াৰ পৰা আৰম্ভ হ’ব ইছলাম ধৰ্মীৰ পবিত্ৰ মাহ ৰমজান? জানক তাৰিখ…

Ramadan 2025 Date: ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ মাহ ৰমজান। এই মাহটোত এই ধৰ্মৰ লোকসকলে ৰোজা ৰাখে আৰু শেষৰ দিনা ঈদ পালন কৰে। এইবাৰ মাৰ্চ মাহত পালন কৰা হ'ব ৰোজা।

Ramadan 2025 Date: কেতিয়াৰ পৰা আৰম্ভ হ’ব ইছলাম ধৰ্মীৰ পবিত্ৰ মাহ ৰমজান? জানক তাৰিখ…
ৰমজান কেতিয়াImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 17 Feb 2025 11:13 AM

মাজত মাত্ৰ কেইটামান দিন। কিছুদিন পাছতেই আৰম্ভ হ’ব ইছলাম ধৰ্মৰ লোকসকলৰ পবিত্ৰ ৰমজান (Ramadan 2025)। হিজৰী বৰ্ষপঞ্জিৰ নৱম মাহৰ ৰমজান হৈছে উপাসনাৰ মাহ। ইছলাম ধৰ্মৰ মতে, আল্লাই ভক্তৰ বাবে ৫ টা কাৰ্য বাধ্যতামূলক কৰিছে। সেইকেইটা- কলিমা, নামাজ,ৰোজা, হজ আৰু জাকাত। ইয়াৰে ৰোজা পালন কৰাৰ সুযোগ ইছলাম ধৰ্মৰলোকে কেৱল ৰমজান মাহতহে পায়। হাদিছৰ মতে, ৰমজানত প্ৰতিটো ভাল কামৰ বাবে ৭০ টা ভাল কামৰ সমান পুণ্য আৰু এই মাহত ৭০ গুণ পুণ্য লাভ কৰা হয়। এই পবিত্ৰ মাহটোত ইছলাম ধৰ্মীলোকসকলে ৰোজা ৰাখি অল্লাৰ দোৱা কৰে।

ৰমজান কেতিয়া

প্ৰতিটো বৰ্ষৰ দৰে এইবাৰো সমগ্ৰ বিশ্বৰ ইছলামধৰ্মী লোকসকলে ৰমজান পালন কৰিব। চলিত বৰ্ষৰ ৰমজানৰ আৰম্ভণি ১ মাৰ্চ, শনিবাৰৰ পৰ হ’ব। ৰমজান মাহৰ শেষৰ দিনা ঈদ-উল-ফিতৰ পালন কৰা হয়। আকাশত চন্দ্ৰ ওলোৱাৰ পাছত ঈদ পালন কৰা হয়।

সাধাৰণতে চন্দ্ৰ দেখাৰ পিছদিনা ৰমজানৰ প্ৰথম ৰোজা পালন কৰা হয়। চৌদি আৰৱত চন্দ্ৰ দেখা পোৱাৰ এদিন পিছতে ভাৰতত দেখা যায়। চন্দ্ৰ দেখাৰ পিছতহে ৰমজানৰ আৰম্ভণিৰ সঠিক তাৰিখ নিৰ্ণয় কৰা হয়। চৌদি আৰৱত যেতিয়া চন্দ্ৰ দেখা যায় তেতিয়া ভাৰতৰ কেৱল কেৰালা ৰাজ্যত চন্দ্ৰ দেখা যায়। যাৰ বাবে চৌদি আৰৱৰ লগতে ভাৰতৰ কেৰালা ৰাজ্যতহে ৰোজা পালন কৰা হ’ব।

২০২৫ চনৰ ১ মাৰ্চত চৌদি আৰৱত প্ৰথম ৰোজা পালন কৰা হ’ব।ইছলামিক কেলেণ্ডাৰ অনুসৰি ১ মাৰ্চৰ পৰা আৰম্ভ হ’ব ৰমজান। ৰমজানৰ অন্তিম ৰোজা হ’ব ২৯ আৰু ৩০ মাৰ্চ ২০২৫ তাৰিখে। গতিকে ৩০ মাৰ্চত ঈদ-উল-ফিতৰ হোৱাৰ সম্ভাৱনা আছে। যদি আমি ভাৰতৰ কথা কও, তেন্তে কেৰালাৰ বাহিৰে বাকী ৰাজ্যত ২ মাৰ্চৰ পৰা ৰমজান আৰম্ভ হ’ব পাৰে।

কিয় বিশেষ

ৰমজান মাহটোত মুছলমান লোকসকলে ৰোজা ৰাখে অৰ্থাৎ উপবাসে থাকে। এই সময়চোৱাত তেওঁলোকে সূৰ্য উদয়ৰ পূৰ্বে চহেৰী কৰে আৰু সূৰ্যাস্তৰ পাছত সন্ধিয়া ইফটাৰ কৰে। ৰোজা ৰখাৰ সময়ত তেওঁলোকে কোনো ধৰণৰ খাদ্য, পানী গ্ৰহণ কৰিব নোৱাৰে। এই ৰোজা ঈদ-উল-ফিতৰৰ সৈতে শেষ হয়। ঈদ-উল-ফিতৰৰ সময় চন্দ্ৰ দেখা সময়ৰ ওপৰত নিৰ্ভৰ কৰে।

কি কৰিব লাগে

ইছলাম ধৰ্মত দানৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। বিশেষকৈ ৰমজান মাহত দান দিয়া অত্যন্ত শুভ বুলি গন্য কৰা হয়। মান্যতা অনুসৰি, এই মাহটোত প্ৰতিজন ব্যক্তিয়ে নিজৰ সামৰ্থ অনুসৰি দান দিব লাগে। লগতে দিনত ৫ বাৰকৈ নামাজ পঢ়িব লাগে। ইয়াৰোপৰি ৰমজানত নমাজৰ পিছত জাকাতক আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু বুলি গণ্য কৰা হয়। এই মাহটোত মনৰ পৰা আল্লাহক স্মৰণ কৰিলে সকলো মনৰ কামনা পূৰণ হয় বুলি কোৱা হয়।

 

 

(স্পষ্টীকৰণঃ ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ লগত টিভি-৯ অসমৰ কোনো সম্পৰ্ক নাই।)