শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এজন সৎ জীৱনসংগী পাবলৈ মহিলাসকলে কি কৰিব লাগে? প্ৰেমানন্দ মহাৰাজে দিলে সহজ উপায়…

এগৰাকী মহিলাই মহাৰাজক এটা প্ৰশ্ন সুধিছিল।  পৰিয়ালে তেওঁৰ বিয়া পাতিব বিচাৰিছিল যদিও তেওঁ এনেকুৱা এজন জীৱনসংগী বিচাৰিছিল যিয়ে ঈশ্বৰৰ প্ৰতি থকা বিশ্বাস আৰু ভক্তি বুজিব। লগতে যিজনে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি থকা তেওঁ প্ৰেম ভাগ কৰিব পাৰিব।

এজন সৎ জীৱনসংগী পাবলৈ মহিলাসকলে কি কৰিব লাগে? প্ৰেমানন্দ মহাৰাজে দিলে সহজ উপায়…
Premanand Majaraj
trishna-kalita
Trishna Kalita | Updated On: 21 Oct 2025 19:13 PM

ভাৰতীয় সন্তসকলৰ মাজত প্ৰেমানন্দ মহাৰাজৰ নাম শ্ৰদ্ধাৰে লোৱা হয়। তেওঁৰ শিক্ষা আৰু ধৰ্মধ্বনিয়ে আমাক প্ৰকৃত পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। মহাৰাজ জীয়ে বিশ্বাস কৰে যে ভগৱানৰ কৃপাতহে সুখ, শান্তি, প্ৰেম লাভ কৰা হয়। ভক্তসকলে তেওঁলোকৰ সমস্যাৰ সমাধান বিচাৰি তেওঁৰ সৎসংগত উপস্থিত থাকে। সেয়েহে প্ৰেমানন্দ মহাৰাজে  নিজৰ পছন্দৰ স্বামী বিচৰা মহিলাসকলক এই সহজ সমাধানসমূহ মানি চলিবলৈ পৰামৰ্শ দিছে।

এগৰাকী মহিলাই মহাৰাজক এটা প্ৰশ্ন সুধিছিল।  পৰিয়ালে তেওঁৰ বিয়া পাতিব বিচাৰিছিল যদিও তেওঁ এনেকুৱা এজন জীৱনসংগী বিচাৰিছিল যিয়ে ঈশ্বৰৰ প্ৰতি থকা বিশ্বাস আৰু ভক্তি বুজিব। লগতে যিজনে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি থকা তেওঁ প্ৰেম ভাগ কৰিব পাৰিব। মহিলাগৰাকীয়ে উল্লেখ কৰে যে তেওঁৰ দৰেই ধৰ্মীয় আৰু ভক্ত পুৰুষৰ সৈতে বিয়া হ’ব বিচাৰে।

মহাৰাজয়ে মহিলাগৰাকীৰ প্ৰশ্নটো মনোযোগেৰে শুনিছিল আৰু তাৰ পিছত সহজ আৰু ফলপ্ৰসূভাৱে উত্তৰ দিছিল। তেওঁ ক’লে, “এজন ব্যক্তিৰ বিবাহ ঈশ্বৰৰ পূৰ্বনিৰ্ধাৰিত। যাৰ মিলন হ’ব লাগে সেয়া স্বৰ্গৰ পৰাই নিৰ্ধাৰণ কৰা হয় আৰু সময় আহিলে আমাৰ জীৱনত উপযুক্ত ব্যক্তি প্ৰৱেশ কৰে। গতিকে এই বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই।”

লগতে মহাৰাজে লগতে কয় যে যদি কোনো ব্যক্তিয়ে নিজৰ পছন্দৰ জীৱনসংগী বিচাৰি পাব বিচাৰে তেন্তে তেওঁলোকে নিজৰ জীৱনত কিছুমান পদক্ষেপ লোৱা উচিত। তেওঁ উপদেশ দিছিল যে, কোনোবাই ব্ৰত পালন কৰিব লাগে আৰু বিশেষকৈ ভগৱান শিৱক পূজা কৰিব লাগে। এই অভ্যাসে ঈশ্বৰৰ আশীৰ্বাদ প্ৰদান কৰে আৰু ভক্তসকলক এনে এজন জীৱনসংগীৰ আশীৰ্বাদ দিব যিয়ে সদায় তেওঁলোকৰ যত্ন ল’ব।

লগতে পঢ়ক: ২৩ অক্টোবৰত ভাতৃ দ্বিতীয়া, এই ৪ ৰাশিৰ ফুলিব কপাল!