শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পুহৰ পূৰ্ণিমাত ভুলতো নকৰিব এই ৩টা ভুল, নহ’লে নতুন বছৰটোত সহিব লাগিব দুখ-কষ্ট

বিশ্বাস কৰা হয় যে পুহ পূৰ্ণিমাৰ দিনটোত নিষ্ঠাৰে ধৰ্মীয় কাম-কাজ কৰিলে জীৱনলৈ সুখ-শান্তি আৰু ঐশ্বৰ্য নামি আহে। কিন্তু এই দিনটোত কৰা সামান্য ভুলেও আপোনাৰ জীৱনলৈ আৰ্থিক সমস্যা বা দুৰ্ভাগ্য কঢ়িয়াই আনিব পাৰে।

পুহৰ পূৰ্ণিমাত ভুলতো নকৰিব এই ৩টা ভুল, নহ’লে নতুন বছৰটোত সহিব লাগিব দুখ-কষ্ট
পুহ পূৰ্ণিমাত নকৰিব এনে ভুলImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 29 Dec 2025 13:36 PM

ধৰ্মীয় আৰু আধ্যাত্মিক দৃষ্টিকোণৰ পৰা পুহ মাহটোক অত্যন্ত পবিত্ৰ জ্ঞান কৰা হয়। এই মাহটো দান-পুণ্য তথা সৎ কৰ্মৰ বাবে শ্ৰেষ্ঠ হিচাপে গণ্য কৰা হয়। পুহ মাহৰ শুক্ল পক্ষৰ অন্তিম দিনটো অৰ্থাৎ পূৰ্ণিমা তিথিটোকেই পুহ পূৰ্ণিমা বুলি জনা যায়। হিন্দু ধৰ্মত এই দিনটোৰ মহত্ত্ব অপৰিসীম। যুগ যুগ ধৰি এই দিনটোত পবিত্ৰ নদীত স্নান কৰি দান-দক্ষিণা কৰাৰ পৰম্পৰা চলি আহিছে। বিশ্বাস কৰা হয় যে এই দিনটোত নিষ্ঠাৰে ধৰ্মীয় কাম-কাজ কৰিলে জীৱনলৈ সুখ-শান্তি আৰু ঐশ্বৰ্য নামি আহে। কিন্তু এই দিনটোত কৰা সামান্য ভুলেও আপোনাৰ জীৱনলৈ আৰ্থিক সমস্যা বা দুৰ্ভাগ্য কঢ়িয়াই আনিব পাৰে।

২০২৬ চনৰ পুহ পূৰ্ণিমা কেতিয়া?

২০২৬ চনৰ পৌষ পূৰ্ণিমাৰ তিথি ২ জানুৱাৰীৰ সন্ধিয়া ৬:৫৩ বজাৰ পৰা আৰম্ভ হ’ব আৰু ৩ জানুৱাৰীৰ বিয়লি ৩:৩২ বজাত শেষ হ’ব। যিহেতু উদয় তিথিৰ ওপৰত ভিত্তি কৰিহে পৰ্বসমূহ পালন কৰা হয়, সেয়েহে ২০২৬ চনৰ ৩ জানুৱাৰী, শনিবাৰে পুহ পূৰ্ণিমা পালন কৰা হ’ব।

এই পবিত্ৰ দিনটোত সুফল লাভ কৰিবলৈ তলত দিয়া ভুলবোৰৰ পৰা বিৰত থাকক-

সূৰ্য উদয়ৰ পিছলৈকে শুই নাথাকিব

পুহ পূৰ্ণিমাৰ দিনা সোনকালে সাৰ পোৱাটো অতি প্ৰয়োজনীয়। পাৰিলে কোনো পবিত্ৰ নদীত স্নান কৰক। যদি সেয়া সম্ভৱ নহয়, তেতিয়া ঘৰতে গা ধোৱা পানীত অলপ গংগাজল মিহলাই স্নান কৰক। মনত ৰাখিব, এই দিনটোত সূৰ্য উদয়ৰ পিছলৈকে শুই থকাটো অত্যন্ত অশুভ। এনে কৰিলে ভাগ্যই লগ নিদিয়ে আৰু দেৱ-দেৱীৰ আশীৰ্বাদৰ পৰাও বঞ্চিত হ’বলগীয়া হয়।

কাৰো লগত বিবাদত লিপ্ত নহ’ব

এই দিনটো হ’ল মনক শান্ত ৰখা আৰু আধ্যাত্মিক চৰ্চাত মগ্ন হোৱাৰ দিন। সেয়ে কাৰো লগত বিবাদত লিপ্ত নহ’ব। ভুলতো কোনো লোকক গালি-গালাজ নকৰিব বা কটু কথা নক’ব। ঘৰত অশান্তি বা হাই-কাজিয়া কৰিলে দেৱী লক্ষ্মী অসন্তুষ্ট হয়, যাৰ ফলত আৰ্থিক নাটনিৰ সৃষ্টি হ’ব পাৰে।

তামসিক খাদ্য আৰু নিচাযুক্ত দ্ৰব্য পৰিহাৰ কৰক

পুহ পূৰ্ণিমাৰ দিনা বহুলোকে ব্ৰত বা উপবাস পালন কৰে। যদি আপুনি ব্ৰত ৰাখিব নোৱাৰে, তেতিয়া অন্ততঃ এই দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক। মাছ, মাংস বা কণীৰ দৰে তামসিক খাদ্য আৰু সুৰাপানৰ পৰা সম্পূৰ্ণ আঁতৰি থাকক। বিশ্বাস কৰা হয় যে এই দিনটো আমিষ খাদ্য গ্ৰহণ কৰিলে গ্ৰহৰ দশা বেয়া হ’ব পাৰে আৰু মনত নেতিবাচক চিন্তাৰ উদয় হয়।