শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Daily Horoscope: মাহৰ প্ৰথমটো সোমবাৰ কিদৰে পাৰ হ’ব আপোনাৰ? ৰাশিফলে দিছে এনে আগজাননী

জ্যোতিষীসকলে প্ৰকাশ কৰা ৰাশিফলে আজিৰ দিনটোত ভিন্ন ৰাশিৰ লোকসকল কেনে অৱস্থাৰ সন্মুখীন হ’ব পাৰে, তাৰ এক আগজাননী প্ৰদান কৰিছে। সেই অনুসৰি কেইটামান ৰাশিৰ বাবে আজি দিনটো কিছু অশুভ দেখা গৈছে। অৱশ্যে আন কেইটামান ৰাশিৰ বাবে দিনটো শুভ বুলিও কোৱা হৈছে।

Daily Horoscope: মাহৰ প্ৰথমটো সোমবাৰ কিদৰে পাৰ হ’ব আপোনাৰ? ৰাশিফলে দিছে এনে আগজাননী
আজিৰ ৰাশিফলImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 06 Oct 2025 06:00 AM

আজি ৬ অক্টোবৰ, সোমবাৰ। চলিত মাহটোৰ আজি প্ৰথমটো সোমবাৰ হ’ব। সোমবাৰ দিনটো ভগৱান শিৱৰ দিন বুলি কোৱা হয়। সেয়ে শিৱভক্তসকলে এই দিনটোক বিশেষ মান্যতা দিয়ে। জ্যোতিষীসকলে প্ৰকাশ কৰা ৰাশিফলে আজিৰ দিনটোত ভিন্ন ৰাশিৰ লোকসকল কেনে অৱস্থাৰ সন্মুখীন হ’ব পাৰে, তাৰ এক আগজাননী প্ৰদান কৰিছে। সেই অনুসৰি কেইটামান ৰাশিৰ বাবে আজি দিনটো কিছু অশুভ দেখা গৈছে। অৱশ্যে আন কেইটামান ৰাশিৰ বাবে দিনটো শুভ বুলিও কোৱা হৈছে। চাওক আজিৰ ৰাশিফল-

মেষ ৰাশিৰ ৰাশিফল

উপাৰ্জন অনুসাৰে ধন খৰচৰ ওপৰত মন দিয়া উচিত হ’ব। চখ পূৰণৰ বাবে অতিৰিক্ত খৰচ কৰিব পাৰে, ইয়াৰ ফলত পিছলৈ সমস্যাৰ সন্মুখীন হ’ব পাৰে। বহুদিনৰ মূৰত পুৰণি কোনো বন্ধুৰ সৈতে সাক্ষাৎ হ’ব পাৰে। চৰকাৰী যিকোনো কাম-কাজ তথা বিষয়ত গাফিলতিৰ মনোভাৱ এৰাই চলক। দিনটো স্বাভাৱিকভাৱেই পাৰ হ’ব।

বৃষ ৰাশিৰ ৰাশিফল

স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ’ব লাগিব। আপোনাৰ কোনো এক ইচ্ছা পূৰণ হ’ব পাৰে। ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। ভাতৃৰ পৰা কোনো সুখবৰ শুনিব পাৰে। চৰ-চুবুৰীয়াৰ কথা-বতৰাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকিব লাগিব। কোনো দীৰ্ঘদিনীয়া সমস্যাৰ সন্মুখীন হৈ আছিল যদি আজি সকাহ পাব।

মিথুন ৰাশিৰ ৰাশিফল

চাকৰি সলনিৰ পৰিকল্পনা কৰিছিল যদি আজি বেলেগ পদত আবেদন কৰিব পাৰে। ঘৰলৈ কোনো অতিথিৰ আগমনক লৈ পৰিয়ালৰ সদস্যসকলৰ মাজত বিবাদৰ সৃষ্টি হ’ব পাৰে। কৰ্মসংস্থাপনৰ সৈতে যুঁজি থকাসকলৰ বাবে শুভ দিন, হয়তো নতুন চাকৰিৰ সন্ধান পাব। আপোনাৰ কামৰ প্ৰতি আপোনাৰ বন্ধুসকলে ইতিবাচক সঁহাৰি দিব।

কৰ্কট ৰাশিৰ ৰাশিফল

সামাজিক সন্মান বাঢ়িব। হেঁপাহ পূৰণৰ দিন হ’ব। আৰ্থিক লেনদেনৰ বিষয়ত আপুনি অশান্তি পাব। কাৰোবাৰ পৰা ধন ধাৰে লৈছে যদি সেই ধন ঘূৰাই দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। সন্তানে আপোনাৰ সৈতে ভ্ৰমণৰ বাবে জোৰ দিব পাৰে। ওচৰ-চুবুৰীয়াৰ লগত কোনো গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকক।

সিংহ ৰাশিৰ ৰাশিফল

স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ’ব লাগিব। সময় উলিয়াই আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ যত্ন ল’ব। কাৰোবাক যদি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চেষ্টা কৰিব। আপুনি নতুন বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ সাক্ষাতৰ বাবে ভ্ৰমণৰ কথা চিন্তা কৰিব পাৰে।

কন্যা ৰাশিৰ ৰাশিফল

ব্যৱসায়ত কিছু উত্থান-পতন হ’ব। কোনো পাৰিবাৰিক সমস্যাই আপোনাক অশান্তি দিব। নতুন প্ৰচেষ্টাই ফল দিব। ইতিবাচক চিন্তাধাৰাই উপকৃত কৰিব। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত বৰমূৰীয়া পৰা প্ৰশংসা লাভ কৰিব পাৰে। অপ্ৰয়োজনীয়ভাৱে লৰালৰি কৰাৰ পৰা বিৰত থাকক। বন্ধুৱে আপোনাৰ সন্তানৰ কেৰিয়াৰ সম্পৰ্কে ভাল পৰামৰ্শ দিব।

তুলা ৰাশিৰ ৰাশিফল

বৈবাহিক জীৱনত চলি থকা সমস্যাৰ পৰা আপুনি সকাহ পাব। ঘৰখনৰ লগতে আন আন কামবোৰতো আপুনি সম্পূৰ্ণ মনোযোগ দিব। আপুনি আপোনাৰ ঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। পত্নীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আন্তৰিকতাৰে আনৰ কল্যাণৰ কথা চিন্তা কৰিব যদিও আন লোকে ভুল বুজিব পাৰে।

বৃশ্চিক ৰাশিৰ ৰাশিফল

আৰ্থিক দিশৰ লগত জড়িত বিষয়ত অসাৱধান হোৱা উচিত নহয়। সন্তানৰ ভৱিষ্যতৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিব পাৰে। কামৰ বোজা বৃদ্ধি পাব পাৰে আৰু ইয়াৰ ফলত কিছু কষ্ট হ’ব, কিন্তু আপুনি নিশ্চিতভাৱে ফল লাভ কৰিব। পত্নীৰ পৰিয়ালৰ কোনো লোকৰ আগমন ঘটিব পাৰে। খৰখেদা স্বভাৱৰ বাবে কিছুমান দিশত ভুল হ’ব পাৰে।

ধনু ৰাশিৰ ৰাশিফল

প্ৰয়োজন পূৰণৰ দিন হ’ব। ভাতৃ-ভগ্নীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জনমূলক কাৰ্যসূচীৰ পৰিকল্পনা কৰিব পাৰে। আৰ্থিক সঞ্চয় পৰিকল্পনাৰ প্ৰতিও তীক্ষ্ণ দৃষ্টি ৰাখিব, যাৰ ফলত ভৱিষ্যতৰ বাবে কিছু বিনিয়োগ কৰিব পাৰিব। সহকৰ্মীয়ে কোৱা সকলো কথা বিশ্বাস নকৰিব। পিতৃ-মাতৃৰ আশীৰ্বাদত যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ’ব।

মকৰ ৰাশিৰ ৰাশিফল

নতুন কাম হাতত লোৱাৰ হেঁপাহ অনুভৱ কৰিব পাৰে। চৰকাৰী কাম-কাজৰ ক্ষেত্ৰত অসাৱধান হ’লে সমস্যাজনক পৰিণতি হ’ব পাৰে। অনলাইনত কাম কৰাসকলে সাৱধানতা অৱলম্বন কৰা উচিত। সম্পত্তিৰ সৈতে লেনদেন কৰাৰ সময়ত সাৱধানে আগবাঢ়িব। কৰ্মস্থলীত সহকৰ্মীৰ পৰা সহায় লাভ কৰিব।

কুম্ভ ৰাশিৰ ৰাশিফল

সিদ্ধান্ত গ্ৰহণৰ দক্ষতা উন্নত হ’ব। নিজৰ প্ৰতিভাই স্বীকৃতি লাভ কৰিব। শ্বেয়াৰ বজাৰত সাৱধানে আগবাঢ়িব লাগিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে আপোনাৰ তৰ্ক হব পাৰে। কোনো পৰিকল্পনাক লৈ যদি আগবাঢ়ি যোৱাৰ সঠিক লক্ষ্য নিৰ্ধাৰণ কৰে, সেয়া সহজেই লাভ কৰিব। বাহন চলোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰক।

মীন ৰাশিৰ ৰাশিফল

সহকৰ্মীৰ লগত অপ্ৰয়োজনীয় কাজিয়া হোৱাৰ সম্ভাৱনা আছে। পত্নীৰ শাৰীৰিক অৱস্থাৰ বাবে চিন্তিত হ’ব। আপুনি পৰিয়ালৰ কোনো সদস্যৰ পৰা কঠোৰ সমালোচনাৰ সন্মুখীন হ’ব পাৰে। চৰকাৰী কাৰ্যসূচীৰ পৰা আপুনি সম্পূৰ্ণৰূপে উপকৃত হ’ব। জীৱনৰ যিকোনো চিন্তাৰ বিষয়ে মাতৃৰ সৈতে আলোচনা কৰিব পাৰে।