শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Daily Horoscope: আজি ভ্ৰমণৰ পৰা বিৰত থাকক এই ৰাশিৰ লোক, হ’ব পাৰে অঘটন! চাওক আজিৰ ৰাশিফল

জ্যোতিষ শাস্ত্ৰৰ আধাৰত জ্যোতিষীসকলে প্ৰকাশ কৰা ৰাশিফল অনুসৰি আজিৰ দিনটো কিছুমান ৰাশিৰ বাবে শুভ দেখা গৈছে যদিও আন কিছুমান ৰাশিৰ বাবে অশুভও পৰিলক্ষিত হৈছে। ৰাশিফল অনুসৰি আজি এটা ৰাশিৰ লোকৰ বাবে বিশেষকৈ ভ্ৰমণৰ ক্ষেত্ৰত কিছু চিন্তাৰ কাৰক দেখা গৈছে।

Daily Horoscope: আজি ভ্ৰমণৰ পৰা বিৰত থাকক এই ৰাশিৰ লোক, হ’ব পাৰে অঘটন! চাওক আজিৰ ৰাশিফল
আজিৰ ৰাশিফলImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 21 Oct 2025 06:00 AM

আজি ২১ অক্টোবৰ, মঙলবাৰ। জ্যোতিষ শাস্ত্ৰৰ আধাৰত জ্যোতিষীসকলে প্ৰকাশ কৰা ৰাশিফল অনুসৰি আজিৰ দিনটো কিছুমান ৰাশিৰ বাবে শুভ দেখা গৈছে যদিও আন কিছুমান ৰাশিৰ বাবে অশুভও পৰিলক্ষিত হৈছে। ৰাশিফল অনুসৰি আজি এটা ৰাশিৰ লোকৰ বাবে বিশেষকৈ ভ্ৰমণৰ ক্ষেত্ৰত কিছু চিন্তাৰ কাৰক দেখা গৈছে। চাওঁ আহক ভিন্ন ৰাশি অনুসৰি আজিৰ দিনটো কিদৰে পাৰ হ’ব পাৰে-

মেষ ৰাশিৰ ৰাশিফল

আজি আপোনাৰ বাবে দিনটো শুভসৌভাগ্যৰ বাবে কৰ্মক্ষেত্ৰত সাফল্য আৰু সুনাম অৰ্জন কৰিব। নতুন বন্ধুৰ সৈতে চিনাকি হোৱাৰ সুযোগ পাব। আপোনাৰ নম্ৰ আচৰণে আনৰ মন জিনিব, গতিকে কঠোৰ কথা কোৱাৰ পৰা বিৰত থাকক। ধন-সম্পৰ্কীয় সিদ্ধান্ত সাৱধানে ল’ব, কিয়নো আজিৰ দিনটোত বিনিয়োগ বা ধাৰলৈ দিয়ান ঘূৰাই নাপাব পাৰে।

বৃষ ৰাশিৰ ৰাশিফল

ব্যস্ততাৰ মাজতো আপোনাৰ স্বাস্থ্যৰ যত্ন ল লাগিব, বিশেষকৈ পেটৰ সমস্যাক আওকাণ নকৰিব। একেলগে বহু কাম আৰম্ভ কৰিলে মানসিক চাপ বৃদ্ধি পাব পাৰে। পৰিয়াল আৰু ওচৰ-চুবুৰীয়াৰ সৈতে সম্পৰ্ক ভালে ৰাখক, কিয়নো কঠিন সময়ত তেওঁলোকৰ সহায় পাব। প্ৰেমত থকা লোকে আজিৰ দিনটোত বিশেষ আনন্দৰ মুহূৰ্ত উপভোগ কৰিব পাৰে। মাতৃক উপহাৰ দিবলৈ চেষ্টা কৰক।

মিথুন ৰাশিৰ ৰাশিফল

আজি আপুনি কামবোৰ পৰিকল্পিতভাৱে সম্পূৰ্ণ কৰক। সন্তানৰ পৰা সুখবৰ আহিব পাৰে। অতীতৰ ভুলৰ পৰা শিক্ষা লওক আৰু কঠোৰ পৰিশ্ৰম কৰক। সম্পত্তি ক্ৰয়ৰ চিন্তা থাকিলে বাজেটৰ ভিতৰতে সিদ্ধান্ত লওক।

কৰ্কট ৰাশিৰ ৰাশিফল

খৰচ নিয়ন্ত্ৰণ কৰক। অবিবাহিত লোকে নিজৰ প্ৰেমিকপ্ৰেমিকাক লগ পোৱাৰ সম্ভাৱনা আছে। সম্পত্তি সম্পৰ্কীয় বিষয়ত জ্যেষ্ঠজনৰ পৰামৰ্শ লওক ঘৰলৈ দূৰত থকা কোনো আত্মীয়ৰ আগমন পাৰেশিশুৰ সৈতে সময় কটালে মন শান্ত হ’ব

সিংহ ৰাশিৰ ৰাশিফল

ভাগ্য সুপ্ৰসন্ন যিকোনো আৰ্থিক কাম সফল হ’ব। উপাৰ্জনৰ নতুন পথ মুকলি হব পাৰে। ধাৰলৈ দিয়া টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। পত্নীৰ পৰামৰ্শ ব্যৱসায়ৰ ক্ষেত্ৰত লাভজনক হ’ব পাৰে। কোনো দূৰযাত্ৰাৰ সম্ভাৱনা থাকিলেও পৰিয়ালৰ পৰা হতাশাজনক খবৰ আহিব পাৰে।

কন্যা ৰাশিৰ ৰাশিফল

আচৰণ সংযম কৰক আৰু আনৰ কথা মন দি শুনক। সামাজিক অনুষ্ঠানত অংশগ্ৰহণে নতুন সুযোগৰ পথ মুকলি কৰিব। বিৰোধীয়ে আপোনাৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিলেও বিচলিত নহব। অৰ্থনৈতিক ক্ষেত্ৰত শুভ। ব্যৱসায়িক কামকাজত মনোযোগ দিয়ক

তুলা ৰাশিৰ ৰাশিফল

ধন-সম্পত্তি বৃদ্ধি পাব। প্ৰেমিক-প্ৰেমিকাই ৰোমাণ্টিক সময় উপভোগ কৰিবলৈ সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হওক। ভাতৃ-ভগ্নীৰ পৰা সহায় লাভ কৰিব। যিকোনো চুক্তি সযতনে পৰ্যালোচনা কৰি স্বাক্ষৰ কৰক। পত্নীৰ অনুভৱক সন্মান দিলে সম্পৰ্ক দৃঢ় হ’ব।

বৃশ্চিক ৰাশিৰ ৰাশিফল

আজিৰ দিনটোত খৰচ নিয়ন্ত্ৰণ কৰক। নিজকে সামৰ্থৱান প্ৰদৰ্শন কৰিবলৈ অতিৰিক্ত খৰচ কৰিলে পিছত অসুবিধা হ’ব পাৰেপত্নীৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে, যুক্তিৰে সমাধানৰ চেষ্টা কৰক। সন্তানৰ প্ৰতি কঠোৰ মনোভাৱে পাৰিবাৰিক অশান্তিৰ সৃষ্টি কৰিব পাৰে।

ধনু ৰাশিৰ ৰাশিফল

আজিৰ দিনটো অনুকূলভাৱে পাৰ হব। ভ্ৰমণৰ সম্ভাৱনা আছে। পিতৃ-মাতৃৰ আশীৰ্বাদত যিকোনো কাম সফল হ’ব। ধনৰ সঠিক ব্যৱহাৰ কৰক, লগতে খং নিয়ন্ত্ৰণ কৰক। পাৰিবাৰিক বিষয়ত খং এৰাই চলক। বিলাসী সামগ্ৰী ক্ৰয়ৰ প্ৰবণতা থাকিব পাৰে।

মকৰ ৰাশিৰ ৰাশিফল

আজিৰ দিনটো সুখ আৰু সফলতাৰে ভৰপূৰ ব। সামাজিক কল্যাণমূলক কামকাজৰ প্ৰতি আগ্ৰহ থাকিব। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত যশস্যা বাঢ়িব। খৰচ কমাব লাগিব। নতুন উদ্যোগ আৰম্ভ কৰাৰ পূৰ্বে ভালদৰে পৰিকল্পনা কৰক। ভ্ৰমণৰ ক্ষেত্ৰত সতৰ্ক হওক।

কুম্ভ ৰাশিৰ ৰাশিফল

আজি এই ৰাশিৰ লোকে সাৱধানতা মানি চলিব লাগিব। অহিত চিন্তকে আপোনাৰ কামত বাধা দিব পাৰে। অচিনাকি লোকৰ সৈতে ধনৰ লেনদেন পৰিহাৰ কৰক। আইনী সমস্যাত পৰাৰ আশংকা আছে। অংশীদাৰিত্বৰ ব্যৱসায়িক চুক্তি আজিৰ দিনটোত নকৰাই উত্তম ব।

মীন ৰাশিৰ ৰাশিফল

ঘৰলৈ আত্মীয়ৰ আগমন ঘটিব পাৰে। পিতৃৰ পৰামৰ্শ কামৰ ক্ষেত্ৰত সহায়ক হ’ব। সন্তানে কোনো বিশেষ অনুৰোধ কৰিব পাৰে। পুৰণি বন্ধুসকলৰ লগত মিলন হ’ব পাৰে। পাৰিবাৰিক বিষয়ত কিছু মানসিক চাপ অনুভৱ কৰিব পাৰে, সেয়ে ধৈৰ্যৰে মোকাবিলা কৰক।