নতুন বৰ্ষ ২০২৬ৰ প্ৰথম দিনটোত ভুলতো নকৰিব এইসমূহ কাম, অন্যথা বছৰটোলৈ থাকিব ধনৰ অভাৱ
নৱবৰ্ষৰ প্ৰথম দিনাই কিছুমান কাম আৰম্ভ কৰিলে গোটেই বছৰটো ঘৰত সুখ আৰু সমৃদ্ধি নিশ্চিত হয় বুলি বিশ্বাস কৰা হয়। অৱশ্যে বছৰৰ প্ৰথম দিনটোত কিছুমান কাম পৰিহাৰো কৰা উচিত। নতুন বছৰৰ প্ৰথম দিনাই এই কামবোৰ সম্পন্ন কৰিলে বছৰটোলৈ অশুভ ফল পোৱা যায় বুলি কোৱা হয়।
সমাগত নতুন বৰ্ষ ২০২৬। এয়া কেৱল এটি নতুন বৰ্ষই নহয়, প্ৰতিজন লোকৰ নতুন আশা-প্ৰত্যাশাৰো বাহক। পুৰণিক বিদায় দি নতুনক আদৰণি জনোৱাৰ সময়ত প্ৰতিজন লোকেই আশা কৰে, নতুন বছৰটোৱে তেওঁলোকৰ জীৱনলৈ সুখ-শান্তি কঢ়িয়াই আনিব। জীৱনত আগবাঢ়ি যোৱাৰ নতুন পথ মুকলি কৰিব। সেয়ে সকলোৱে নতুন বছৰ এটাৰ আগমনক লৈ যথেষ্ট উৎসাহিত কৰে। বছৰটি সুখকৰ কৰি ৰাখিবলৈ নতুন বছৰৰ প্ৰথম দিনাই কিছুমান বিশেষ কাম হাতত লোৱা হয়।
নৱবৰ্ষৰ প্ৰথম দিনাই কিছুমান কাম আৰম্ভ কৰিলে গোটেই বছৰটো ঘৰত সুখ আৰু সমৃদ্ধি নিশ্চিত হয় বুলি বিশ্বাস কৰা হয়। অৱশ্যে বছৰৰ প্ৰথম দিনটোত কিছুমান কাম পৰিহাৰো কৰা উচিত। নতুন বছৰৰ প্ৰথম দিনাই এই কামবোৰ সম্পন্ন কৰিলে বছৰটোলৈ অশুভ ফল পোৱা যায় বুলি কোৱা হয়।
নৱবৰ্ষৰ প্ৰথম দিনা নকৰিব এনে কাম
বছৰৰ প্ৰথম দিনটোত ভুলতো টকাৰ লেনদেন নকৰিব। কাৰো পৰা টকা ধাৰলৈ নল’ব বা ধাৰলৈ নিদিব। বছৰৰ প্ৰথম দিনটোত পূজাৰ সামগ্ৰী, গেলামালৰ বা আন কোনো সৰু কামৰ বাবেও টকাৰ লেনদেন কৰা উচিত নহয়।
জ্যোতিষীসকলৰ মতে নতুন বছৰৰ প্ৰথম দিনটোত ধনৰ আদান-প্ৰদান কৰিলে আৰ্থিক অসুবিধা বৃদ্ধি পায়।
বছৰৰ প্ৰথম দিনটোত ফটা, পুৰণি, ক’লা, ধাৰে লোৱা কাপোৰ পৰিধান কৰিব নালাগে। জ্যোতিষৰ মতে এনে কৰিলে দেৱী লক্ষ্মী ৰুষ্ট হয়, ইয়াৰ ফলত দুৰ্ভাগ্যৰ সৃষ্টি হ’ব পাৰে।
বছৰৰ প্ৰথম দিনটোত ঘৰখন আন্ধাৰ কৰি ৰাখিব নালাগে। বিশেষকৈ উত্তৰ-পূব কোণত আন্ধাৰ কৰি ৰাখিব নালাগে, কিয়নো উত্তৰ-পূব কোণত হোৱা অন্ধকাৰে ঘৰলৈ দৰিদ্ৰতা কঢ়িয়াই আনে।
নতুন বছৰৰ প্ৰথম দিনটোত পলমকৈ শোৱাৰ পৰা উঠাটো অশুভ হিচাপে গণ্য কৰা হয়, কিয়নো এলাহে মানুহৰ জীৱন বিপন্ন কৰিব পাৰে।
আনন্দ আৰু সুখেৰে ভৰা এখন ঘৰত দেৱী লক্ষ্মীয়ে বাস কৰে। গতিকে বছৰৰ প্ৰথম দিনটোত ঘৰত যিকোনো ধৰণৰ অশান্তিৰ পৰা আঁতৰি থাকিব লাগে।