নতুন বছৰটো সুখকৰ হোৱাটো বিচাৰেনে? প্ৰথম দিনটোত মানি চলক এইসমূহ বিধান, বছৰটোলৈ থাকিব মুখৰ হাঁহি
নতুন বছৰৰ প্ৰথম দিনটোত কিছুমান কাম কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হয়। ধৰ্মীয় তথা জ্যোতিষ বিশ্বাস মতে বছৰৰ প্ৰথম দিনটোত কৰা ভুলে বছৰটোলৈ পাৰিবাৰিক সমস্যাৰ লগতে আৰ্থিক তথা দৈহিক আৰু মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। পিছে এই ভুল কামসমূহ কি কি? নতুন বৰ্ষক আদৰণি জনোৱাৰ পূৰ্বে জানো আহক এইবিষয়ে।
নতুন বছৰ ২০২৬লৈ মাজত আৰু মাত্ৰ কেইটামান ক্ষণ। স্বাভাৱিকতেই এটা নতুন বছৰ কেৱল এক বৰ্ষ পৰিৱৰ্তনেই নহয়, বহুলোকৰ বাবে এয়া জীৱনক নতুনকৈ আৰম্ভ কৰাৰো এক প্ৰতিজ্ঞা। অৰ্থাৎ নতুন বছৰত নতুন চিন্তা আৰু ইতিবাচক পৰিৱৰ্তনৰ সময় হিচাপে গণ্য কৰে অধিকাংশ লোকে। পিছে নতুন বছৰৰ প্ৰথম দিনটোত কিছুমান কাম কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হয়। অন্যথা ইয়াৰ নেতিবাচক প্ৰভাৱ সমগ্ৰ বছৰটোলৈ থাকিব পাৰে বুলি কোৱা হয়।
ধৰ্মীয় তথা জ্যোতিষ বিশ্বাস মতে বছৰৰ প্ৰথম দিনটোত কৰা ভুলে বছৰটোলৈ পাৰিবাৰিক সমস্যাৰ লগতে আৰ্থিক তথা দৈহিক আৰু মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। পিছে এই ভুল কামসমূহ কি কি? নতুন বৰ্ষক আদৰণি জনোৱাৰ পূৰ্বে জানো আহক এইবিষয়ে।
এলাহ নকৰি সময়মতে উঠক
নৱবৰ্ষৰ প্ৰথম দিনটোত এলাহ ভাৱ ত্যাগ কৰক। বছৰ প্ৰথম দিনা দেৰিলৈকে শুই থাকিলে নেতিবাচক শক্তি আকৰ্ষিত হয়। ইয়াৰ পৰিৱৰ্তে ব্ৰহ্ম মুহূৰ্ততে উঠি স্নান কৰক আৰু ঈশ্বৰৰ প্ৰাৰ্থনাৰে দিনটোৰ আৰম্ভণি কৰক।
উপযুক্ত খাদ্য খাওক
বছৰৰ প্ৰথমটো দিনৰ আৰম্ভণি লঘু আৰু পুষ্টিকৰ খাদ্যৰে কৰক। এই অভ্যাস গোটেই বছৰটোলৈ স্বাস্থ্য আৰু শক্তিৰ বাবে উপকাৰী বিবেচিত হয়। অস্বাস্থ্যকৰ খাদ্যৰ প্ৰভাৱে আপোনাক সমগ্ৰ বছৰটোলৈ প্ৰভাৱিত কৰিব।
ক’লা কাপোৰ পৰিধান নকৰিব
নৱবৰ্ষৰ প্ৰথম দিনটোত কেতিয়াও ক’লা কাপোৰ পৰিধান নকৰিব। লগতে বছৰৰ প্ৰথম দিনটোত ফটা, অপৰিষ্কাৰ, পুৰণি কাপোৰ পৰিধান কৰাটোও অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ পৰিৱৰ্তে পৰিষ্কাৰ, পাতল ৰঙৰ কাপোৰ পৰিধান কৰক।
নেতিবাচক কথা শুনাৰ পৰা বিৰত থাকক
বছৰৰ প্ৰথম দিনটোত কোনো নেতিবাচক খবৰ বা বিতৰ্কিত কথা শুনাৰ পৰা আঁতৰি থাকক। অন্যথা গোটেই বছৰটোলৈ মানসিক অশান্তি আৰু নেতিবাচক চিন্তাধাৰাই আপোনাক আৱৰি ৰাখিব পাৰে।
আৰ্থিক ভুল নকৰিব
ধৰ্মীয় বিশ্বাস মতে বছৰৰ প্ৰথম দিনটোত যিকোনো আৰ্থিক লেনদেন, ঋণ গ্ৰহণ বা ঋণ প্ৰদানক অশুভ হিচাপে গণ্য কৰা হয়। সেয়ে এই দিনটোত কোনো আৰ্থিক লেনদেন নকৰিব। অন্যথা সমগ্ৰ বছৰটোলৈ আৰ্থিক অসুবিধাৰ সন্মুখীন হ’ব পাৰে।