শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নতুন বৰ্ষৰ আৰম্ভণিতেই নৱপঞ্চম যোগ, এই ৩ ৰাশিৰ লোকৰ জীৱনলৈ নামিব সুখ-সমৃদ্ধিৰ বৰষুণ

নৱপঞ্চম ৰাজযোগ গঠনৰ ফলত বহু ৰাশিৰ উপকাৰ হ’ব আৰু এই ৰাশিকেইটাৰ লোকসকলে আৰ্থিক লাভৰ মুখ দেখিব। নৱপঞ্চম ৰাজযোগ গঠনৰ লগে লগে যিকেইটা ৰাশিৰ সৌভাগ্য জিলিকি উঠিব বুলি জ্যোতিষে আগজাননী কৰিছে, সেই ৰাশিকেইটাৰৰ বিষয়ে জানো আহক।

নতুন বৰ্ষৰ আৰম্ভণিতেই নৱপঞ্চম যোগ, এই ৩ ৰাশিৰ লোকৰ জীৱনলৈ নামিব সুখ-সমৃদ্ধিৰ বৰষুণ
নৱপঞ্চম ৰাজযোগImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 14 Dec 2025 16:08 PM

নতুন বৰ্ষটি আদৰিবলৈ উদগ্ৰীৱ হৈ আছে সকলো। সমান্তৰালকৈ এই নতুন বছৰটি কিদৰে পাৰ হ’ব, সেয়া জানিবলৈও সকলো উদ্বিগ্ন হৈ আছে। জ্যোতিষ শাস্ত্ৰৰ আধাৰত এই সন্দৰ্ভত ভিন্ন বাখ্যা আগবঢ়োৱা হৈছে। জ্যোতিষ মতে যেতিয়াই কোনো গ্ৰহে শুভ ৰাজযোগ গঠন কৰে, তেতিয়াই ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ বিশ্বজুৰি অনুভৱ হয়। আগন্তুক ২০২৬ চনৰ আৰম্ভণিতে শনি আৰু প্ৰজ্ঞাৰ দাতা বুধ গ্ৰহে ৩০ বছৰৰ পাছত নৱপঞ্চম ৰাজযোগ গঠন কৰিবলৈ ওলাইছে।

নৱপঞ্চম ৰাজযোগ গঠনৰ ফলত বহু ৰাশিৰ উপকাৰ হ’ব আৰু এই ৰাশিকেইটাৰ লোকসকলে আৰ্থিক লাভৰ মুখ দেখিব। নৱপঞ্চম ৰাজযোগ গঠনৰ লগে লগে যিকেইটা ৰাশিৰ সৌভাগ্য জিলিকি উঠিব বুলি জ্যোতিষে আগজাননী কৰিছে, সেই ৰাশিকেইটাৰৰ বিষয়ে জানো আহক।

মিথুন ৰাশি

নৱপঞ্চম ৰাজযোগে মিথুন ৰাশিৰ লোকৰ কেৰিয়াৰত এক ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা কামসমূহ সম্পূৰ্ণ হ’বলৈ আৰম্ভ কৰিব। চাকৰিত নিয়োজিত লোকসকলে পদোন্নতি বা নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে লাভজনক চুক্তি কৰিব পাৰে। এই সময় শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত জড়িতসকলৰ বাবেও অনুকূল হ’ব।

কৰ্কট ৰাশি

এই যোগে কৰ্কট ৰাশিৰ লোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব। ভাগ্য আপোনাৰ পক্ষত থাকিব বাবে যিকোনো সিদ্ধান্ত শুদ্ধ প্ৰমাণিত হ’ব। হঠাতে আৰ্থিক লাভ, বিনিয়োগৰ পৰা লাভ, আয়ৰ নতুন উৎসৰ সৃষ্টি আদি শুভ ইংগিত পোৱা গৈছে। পৰিয়ালত সুখ আৰু শান্তি বাঢ়িব। সম্পত্তি সম্পৰ্কীয় বিষয়ত সুবিধা লাভ কৰিব।

মকৰ ৰাশি

মকৰ ৰাশিৰ লোকৰ ক্ষেত্ৰত নৱ পঞ্চম ৰাজযোগে আত্মবিশ্বাস আৰু সন্মান বৃদ্ধি কৰিব। পাৰিবাৰিক জীৱন পূৰ্বৰ তুলনাত অধিক সুখদায়ক হ’ব। সামাজিক প্ৰতিপত্তি বৃদ্ধি পাব। আপুনি জ্যেষ্ঠ বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। সৃষ্টিশীল ক্ষেত্ৰ, সংবাদ মাধ্যম বা শিক্ষাৰ লগত জড়িতসকলে যথেষ্ট সফলতা লাভ কৰিব পাৰে।

নৱ পঞ্চম ৰাজযোগ কি?

২০২৬ চনৰ আৰম্ভণিতে গ্ৰহৰ নিৰ্দিষ্ট অৱস্থানৰ বাবেই নৱ পঞ্চম ৰাজযোগ গঢ় লৈ উঠিব। বৈদিক জ্যোতিষত ৰাশিফলৰ পঞ্চম আৰু নৱম স্থানে সংযোগ গঠন কৰিলে এই যোগ গঠন হয়। জ্যোতিষীসকলৰ মতে এই যোগৰ গঠনে অভাৱনীয় লাভ, কেৰিয়াৰৰ উন্নতি আৰু ভাগ্য বৃদ্ধিৰ ইংগিত দিয়ে।