শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নৱবৰ্ষৰ জানুৱাৰীত গঠন হ’ব নৱপঞ্চম ৰাজযোগ, সৌভাগ্যৰ উদয় হ’ব এই তিনি ৰাশিৰ

জ্যোতিষত এই যোগক অত্যন্ত শুভ হিচাপে গণ্য কৰা হয়। এই যোগৰ প্ৰভাৱে আৰ্থিক লাভৰ লগতে কেৰিয়াৰৰ উন্নতিও কঢ়িয়াই আনে। জ্যোতিষ মতে এই শুভ যোগে তিনিটা ৰাশিৰ লোকৰ বাবে আৰ্থিক দিশত ইতিবাচক প্ৰভাৱৰ লগতে কেৰিয়াৰত সফলতাৰ সৃষ্টি কৰিব। জানো আহক এই ৩টা ৰাশিৰ বিষয়ে

নৱবৰ্ষৰ জানুৱাৰীত গঠন হ’ব নৱপঞ্চম ৰাজযোগ, সৌভাগ্যৰ উদয় হ’ব এই তিনি ৰাশিৰ
নৱপঞ্চম ৰাজযোগImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 26 Dec 2025 17:12 PM

নতুন বৰ্ষ ২০২৬ক আদৰিবলৈ ৰৈ আছে সকলো। নতুন বৰ্ষটোক লৈ স্বাভাৱিকতেই প্ৰতিজন লোকৰ মনতে বিশেষ প্ৰত্যাশা থাকে। এনে প্ৰত্যাশা অনুসৰিয়েই নতুন বছৰৰ আৰম্ভণিতে মানুহৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব পৰা গ্ৰহৰ বিশেষ গতিবিধি পৰিলক্ষিত হৈছে। জ্যোতিষীসকলে গ্ৰহৰ এনে গতিবিধিয়ে নতুন বৰ্ষৰ আৰম্ভণিতে কেইবাটাও শুভ সংযোগৰ সৃষ্টি কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছে। গ্ৰহৰ এনে এক শুভ সংযোগ দেখা গৈছে ১৫ জানুৱাৰীত।

বুধ আৰু ইউৰেনাছৰ বিশেষ গতিয়ে নৱপঞ্চম ৰাজযোগৰ সৃষ্টি কৰিব বুলি আগজাননী কৰা হৈছে। জ্যোতিষত এই যোগক অত্যন্ত শুভ হিচাপে গণ্য কৰা হয়। এই যোগৰ প্ৰভাৱে আৰ্থিক লাভৰ লগতে কেৰিয়াৰৰ উন্নতিও কঢ়িয়াই আনে। নৱপঞ্চম ৰাজযোগৰ সময়ছোৱাত বুধ গ্ৰহ মকৰ ৰাশিত থাকিব, আনহাতে বৃষ ৰাশিত থাকিব ইউৰেনাছ।

জ্যোতিষ মতে এই শুভ যোগে তিনিটা ৰাশিৰ লোকৰ বাবে আৰ্থিক দিশত ইতিবাচক প্ৰভাৱৰ লগতে কেৰিয়াৰত সফলতাৰ সৃষ্টি কৰিব। জানো আহক এই ৩টা ৰাশিৰ বিষয়ে-

মিথুন ৰাশি

নৱপঞ্চম যোগে এই ৰাশিৰ লোকৰ আৰ্থিক অৱস্থা সুদৃঢ় কৰিব। পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে। আয়ৰ নতুন উৎস মুকলি হোৱাৰ লগতে ব্যৱসায়িক লাভ বৃদ্ধি পাব। চাকৰিত নিয়োজিত লোকসকলে পদোন্নতি বা দৰমহা বৃদ্ধিৰ দৰে সুখবৰ পাব পাৰে।

কন্যা ৰাশি

বুধ এই ৰাশিৰ শাসক। গতিকে নৱপঞ্চম যোগৰ প্ৰভাৱ এই ৰাশিৰ ওপৰত অধিক শুভ হ’ব। আৰ্থিক বিষয়ত লাভৰ মুখ দেখিব। কেৰিয়াৰত নতুন সুযোগ লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষা, নতুন চাকৰি সন্ধানৰ চেষ্টা সফল হ’ব পাৰে।

মকৰ ৰাশি

দীৰ্ঘদিন ধৰি বাকী থকা কামসমূহ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিকল্পনাই প্ৰশংসা লাভ কৰিব। ব্যৱসায়ীসকলে কোনো এক নতুন লাভৱান চুক্তি লাভ কৰিব পাৰে।